ৰঘুনাথ চৌধাৰী(১৮৭৯-১৯৬৮)
বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত কবি চৌধাৰীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহে। ইয়াত তেওঁক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ পঢ়িবলৈ এৰি দিয়ে। ঘৰতে সংস্কৃতি আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰি এৰি পেলায়। শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰপৰা প্ৰকাশিত ‘জোনাকী’ কাকতৰ সহকাৰী সম্পাদক আৰু ‘মইনা’, ‘জয়ন্তী’ আৰু ‘সুৰভি’ নামৰ আলোচনীৰো সম্পাদক আছিল।
চৌধাৰীয়ে ‘জোনাকী’ কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু ‘আলোচনী’, ‘বাঁহী’ আদিটো বহুটো কবিতা প্ৰকাশ পায়। চৌধাৰীয়ে প্ৰথম স্তৰত লিখা কবিতাবোৰ ‘সাদৰি’ (১৯১০) পুথিত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ পিছত ক্ৰমে ‘কেতেকী’ (১৯১৮),‘কাৰবালা’ (১৯২৩),‘দহিকতৰা’(১৯৩১),‘নৱমল্লিকা’(১৯৫৮) আৰু মৰণোত্তৰ কালত ‘মইনা বৰাগী’ (কবিতা) তথা ‘পচতীয়া’ নামে গল্পৰ পুথি এখন প্ৰকাশ পায়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক ‘বিহগী কবি’ আখ্যা দিয়া হৈছে। তেওঁ ১৯৫০ চনত তেওঁপুৰত অনুষ্ঠিত হোৱা ‘অসম সাহিত্য সভা’ৰ অধিৱেশনৰ সভাপতি আছিল।
FAQ
ওজাপালি চমু টোকা
ওজাপালি- অসমৰ এক বিশিষ্ট পৰিবেশ্য কলা। পুৰণি, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী আধাৰত নৃত্য-গীত কৰা এক শিল্পীৰ দল। বিষয়বস্তুৰ ভিন্নতা অনুসৰি ওজাপালি অনুষ্ঠান দুই ভাগত বিভক্ত। যেনে- বিয়াহৰ ওজাপালি(ব্যাসৰ) আৰু সুকনানি ওজাপালি। প্ৰথম বিধত ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ গীত-পদ কাহিনী আকাৰে পৰিবেশন কৰে, দ্বিতীয়বিধত সুকবি নাৰায়ণদেৱৰ পদ্মাপুৰাণাৰ কাহিনী গীত-বৰ্ণাই যায়। দেওধনি নৃত্য সুকনানি ওজাপালিৰ অন্তৰ্গত।
গোমচেং মানে কি
গোমচেং (মেখেলা)ঃ এবিধ মিহি, পাতল, ফুলাম পাটৰ কাপোৰ। কন্যা বহাগীক ভমকা ফুলীয়া গোমচেং কেখেলা ময়ূৰে পিন্ধাই দিছিল।
জোৰোণ চমু টোকা
জোৰোণ- বিয়াৰ আগতে দৰাৰ ঘৰৰ পৰা কইনালৈ বুলি পঠোৱা বস্তু, অলংকাৰ আৰু বিবিধ সম্ভাৰ। এই সম্ভাৰসমূহ দিওঁতে সাধাৰণতে এক আনুষ্ঠানিক উৎসৱ পতা হয়।