Dighloti lyrics in Assamese |  দীঘলতি

DighLoti Lyrics

অ’ মন জুই জ্বলিছে
কিবা কিবি লাগিছে,
সমনীয়া বিহুৱা মন
উবা-জুবা কৰিছে।

হাউলি হাউলি নিদিবি ঐ
পদূলিতে বাঢ়নী তই গধূলি,
উতলা ব’হাগত নাচনী হৈ
সাঁজি কাঁচি ন’ৰবি তই লাহৰী।

দীঘলতি দীঘল পাত, মাখিয়তী চাক,
কোনে দিয়ে লাহৰী তোক অমাতৰে মাত।

অমাতৰে মাত, আমাতৰে মাত
মৰমৰে মাত, মৰমেৰে মাত।

এ,
হ’ব পাৰে মাৰে কাজী
একো কথা নাই,
মাকোঁ সৰিল সূতা ছিগিল
কোনেনো জুৰাই।

এ,
তই বহিলে তাঁত শালত
উমান পোৱা যায়,
মহুৰা হৈ ঘূৰি থাকিম
যিমান পৰা যায়।

দীঘলতি দীঘল পাত, মাখিয়তী চাক,
কোনে দিয়ে লাহৰী তোক অমাতৰে মাত।

অমাতৰে মাত, আমাতৰে মাত
মৰমৰে মাত, মৰমেৰে মাত।

Leave a Comment