জিকিৰৰ সৰহভাগেই “আজান ফকিৰ” বুলি বিখ্যাত ‘শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামধৰ্মী সাধু পুৰুষৰদ্বাৰা ৰচিত। এওঁ অসমলৈ আহে কোনোৰ মতে আজমীৰৰপাৰ আৰু কোনোৰ মতে আৰৱ দেশৰ পৰা। এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান হয়— ১৬৩৪ খ্ৰীষ্টাব্দ, ১৭৩৪ খ্ৰীষ্টাব্দ। ডক্টৰ সূৰ্যকুমাৰ ভূঞাই এখন বুৰঞ্জীত পোৱা মতে গদাধৰ সিংহৰ দিনত ৰূপাই দা-ধৰা নামৰ এজনে ১৬৮৪ চনত আজান ফকিৰৰ চকু কাঢ়ে। গদাধৰ সিংহৰ ৰাজত্ব কাল আছিল ১৬৮১-১৬৯৬ চন। সেয়ে জিকিৰ তাৰিখ সঠিকভাৱে কোৱা টান। সাধাৰণ লোকৰ বিশ্বাস অনুসৰি জিকিৰসমূহ আজান ফকিৰৰ দ্বাৰা ৰচিত। আহোম ৰজাই ৰূপাই দা-ধৰাৰৰ কথা শুনি এওঁৰ চকু কঢ়ায়। কিন্তু পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি—দিখৌমুখৰ স’ৰাগুৰি—চাপৰিত মাটি বৃত্তি দি থয়। তাতেই চাহাবৰ মৃত্যু হয়।
অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকিৰ চাহাবৰ প্ৰবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটোৰ জৰিয়তে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমন্বয় গঢ়ি উঠিব বুলি আশা কৰিয়েই ইয়াত সন্নিবিষ্ট কৰা হৈছে।
জিকিৰঃ জিকিৰবোৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। এই শব্দটো “জিক্ৰ্” শব্দৰ পৰাই ওলাইছে। ‘জিকিৰ’ শব্দৰ মূল অৰ্থ স্মৰণ কৰা, উল্লেখ কৰা, আল্লাৰ নাম, গুণ বা প্ৰশংসাৱলী পুনঃ পুনঃ উচ্চাৰণ কৰা। সেযে মুছলমানসকলৰ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। এই অৰ্থত ইয়াক ইছলামসকলৰ ভকতীয়া গীত বুলি ক’ব পাৰি। ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰ এই গীতৰ মাজত নিহিত হৈ আছে।
FAQ
আজান ফকিৰ কোন
এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন।
আজান ফকিৰ আচল নাম কি
আজান ফকিৰ আচল নাম আছিল হজৰত শ্বাহ মিলন।
আজান পীৰৰ দৰগাহ কত আছে?
আজান পীৰৰ দৰগাহ শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৯-২০ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়।
জিকিৰ গীত জনপ্ৰিয় হোৱাৰ মূল কাৰণ কি
জিকিৰ গীত জনপ্ৰিয় হোৱাৰ মূল কাৰণ হ’ল ইয়াত ব্যৱহৃত হোৱা সহজ অসমীয়া ভাষা, জতুৱা ঠাঁচ আৰু উপমা।