১৮৭২ চনত গোলাঘাটৰ অন্তৰ্গত গৌৰাংগ সত্ৰত জন্ম লাভ কৰা, হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী। নগাঁৱত শিক্ষা লাভ কৰা সময়তে গুণাভিৰাম বৰুৱা, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত আদিৰ সান্নিধ্যত সাহিত্য-চৰ্চাৰ বাউতি বাঢ়ে। ‘আসাম বন্ধু’ কাকততে তেওঁ পানতে কবিৰূপে পৰিচিত হয়। হেমচন্দ্ৰ গোস্বামী গোস্বামী কলিকতাত চাৰি বছৰ পঢ়ি ডিগ্ৰী নোলোৱাকৈ ঘুৰি আহি প্ৰথমে মাটিৰ হাকিম আৰু পিছত ই এ চি হয়। ‘জোনাকী’ কাকতৰ ত্ৰিমূৰ্তিৰ অন্যতম আছিল হেমচন্দ্ৰ গোস্বামী। এওঁ আছিল ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰো অন্যতম প্ৰতিষ্ঠাতা। চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ লগত লগ হৈ উলিওৱা ‘জোনাকী’ কাকতৰ প্ৰথম বছৰতে ‘কাকো আৰু হিয়া নিবিলাওঁ’, ‘পুৱা’ আদি কবিতাৰে নতুন কাব্য ৰচনাৰ চিনাকি দিয়ে। তেওঁৰ একমাত্ৰ কবিতাৰ পুথি ‘ফুলৰ চাকি’তে প্ৰকাশ পাই তেওঁৰ কেইটিমান ৰোমাণ্টিক ভাবধাৰাৰ কবিতা। হেমচন্দ্ৰ গোস্বামীয়েই অসমীয়া সাহিত্যত প্ৰথম ছনেট ৰচোঁতা। এই আৰ্হিত লিখা তেওঁৰ প্ৰথম কবিতা হ’ল ‘প্ৰিয়তমাৰ চিঠি’। পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰত তেওঁৰ নাম বিশেষভাৱে উল্লেখযোগ্য। পুৰণি পুথি ‘দৰং ৰাজবংশাৱলী’, ভট্টদেৱ বিৰচিত ‘কথাগীতা’, ‘পুৰণি অসম বুৰঞ্জী’, ‘কামৰূপ তন্ত্ৰ’ আদি তেওঁ সম্পাদনা কৰি প্ৰকাশ কৰে।
১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ চতুৰ্থগৰাকী সভাপতি। ১৯২৮ চনৰ ২ মে’ তাৰিখে গুৱাহাটীৰ নিজা ঘৰত তেওঁ পৰলোকগামী হয়।