খ্ৰীষ্টিয় চতুৰ্দশ শতিকা, অৰ্থাৎ প্ৰাক্ শংকৰী যুগৰ যিসকল উল্লেখযোগ্য কবিৰ নাম পোৱা যায় তাৰ ভিতৰত অন্যতম কবি হ’ল হেম সৰস্বতী। হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ লোক। তেওঁৰ পিতৃ ৰুদ্ৰ সৰস্বতীও সংস্কৃতজ্ঞ আছিল। সৰস্বতী উপাধি পাণ্ডিত্যৰ পৰিচায়ক। হেম সৰস্বতীয়ে কমতাধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ‘প্ৰহ্লাদ চৰিত্ৰ’ আৰু ‘হৰ-গৌৰী সংবাদ’ ৰচনা কৰে। হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ এখনি সৰু বৰ্ণনাত্মক কাব্য। ইয়াত সূক্ষ্ম কলাবোধ আৰু সুদূৰপ্ৰসাৰী কল্পনাৰ পৰিচয় পোৱা নাযায়, কিন্তু পৰিস্থিতি আৰু ঘটনাৰ সৰল আৰু সহজবোধ্য বিৱৰণ আছে। দানৱৰাজ হিৰণ্যকশিপুৱে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তি আচৰণ কৰা কাৰণে কৰা উৎপীড়ন আৰু শেষত নৰ-সিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যশিপু বধৰ বিৱৰণ পোৱা যায়। তেওঁৰ বৰ্ণনা আৰু ঘৰুৱা, ভাষাৰ আড়ম্বৰ নাই। কঠিন আৰু যুক্তাক্ষৰবোৰ কোমল কৰি ব্যৱহাৰ কৰিছে। হেম সৰস্বতীয়ে ‘বামণ পুৰাণ’ চাই ‘প্ৰহ্লাদ চৰিত্ৰ’ কাব্যখনি ৰচনা কৰে বুলি উল্লেখ কৰিছে যদিও বৰ্তমান পোৱা ‘বামণ পুৰাণ’ত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্ৰহলাদৰ বিষ্ণু ভক্তিৰ বিৱৰণ পাবলৈ নাই। চতুৰ্দশ শতিকাত প্ৰচলিত ‘বামণ পুৰাণ’ত হয়তো এই আখ্যান সংযুক্ত আছিল।
হেম সৰস্বতীৰ আনখন কাব্যগ্ৰন্থ ‘হৰ-গৌৰী সংবাদ’ত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বিৱৰণ পোৱা যায়। এই কাব্যগ্ৰন্থখনি কবিয়ে পৰিণত বয়সত ৰচনা কৰা বুলি ধাৰণা হয়। এই প্ৰকাশিত কাব্যখনি প্ৰকাশ হ’লে হেম সৰস্বতীৰ কাব্য প্ৰতিভাৰ বিশেষ পৰিচয় পোৱা যায়।