উপভাষা বুলিলে কি বুজা
একোটা ভাষা যেতিয়া বিশাল জনসমষ্টিৰে এক বৃহৎ অঞ্চল জুৰি থাকে তেনে ক্ষেত্ৰত যোগাযোগৰ অভাৱ, যাতায়তৰ অসুবিধা আদিৰ বাবে অঞ্চল বিশেষে একোটা সুকীয়া সুকীয়া ভাষাৰূপৰ সৃষ্টি হয়। একোটা মান্যভাষাত এনেবোৰ কাৰণত বহু আঞ্চলিক ৰূপৰ সৃষ্টি হ’ব পাৰে। ভাষাৰ আঞ্চলিক ৰূপকে উপভাষা আখ্যা দিয়া হৈছে। ব্যক্তিভাষা বা পৰিয়ালৰ ভাষাবোৰৰ মাজত থকা ভেদবোৰৰ অতি সামান্য আৰু প্ৰবল সুক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ নকৰিলে সকলোবোৰ ভেদ নিৰূপণ কৰা সহজ নহয়। কিন্তু উপভাষাৰ ক্ষেত্ৰত ভাষাৰ ভেদ নিৰূপণ বিশেষ জটিল কাম নহয়। এটা জনসমষ্টিৰ এজনৰ ব্যক্তিভাষা আন এজনে যেতিয়া বুজিব, সেই জনসমষ্টিৰ ব্যক্তিভাষাৰ সমগ্ৰতাই হ’ল এটা উপভাষা।
ভাষাৰ বৈশিষ্ট্য সমূহ কি কি
ভাষাৰ বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হ’ল-
ভাষা প্ৰতীকধৰ্মী : পৃথিৱীৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ লগত বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই। ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰাচৰিত সম্পৰ্ক নথকা বাবেই পৃথিৱীৰ ভাষাবোৰত একোটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। সেয়ে ভাষা প্ৰতীকধৰ্মী।
ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি : ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। প্ৰয়োজনানুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে।
ভাষা প্ৰণালীবদ্ধ : মানুহে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে। প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া।
ভাষা পৰম্পৰাগত : ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে। জ্যেষ্ঠসকলে যেনে ধৰণে কয়, নবীন প্ৰজন্মই তেনে প্ৰণালীৰেই ভাষাটো ক’বলৈ আয়ত্ত কৰে নতুবা শিকে। সেয়ে ভাষা পৰম্পৰাগত প্ৰথা।
ভাষা যাদিচ্ছিক : প্ৰত্যেক ভাষাৰ শব্দ-অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত। প্ৰত্যেকটো ভাষাগোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু, বিষয়, ঘটনা আদি বুজাব পৰাকৈ নিজস্ব ধৰণে অৰ্থ আৰূপ কৰি লয়। সেয়ে প্ৰত্যেক ভাষাতে যাদিচ্ছিকতা পৰিলক্ষিত হয়।
ভাষা সৃজনমূলক : মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে। মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে। সেয়ে ভাষাক সৃজনমূলক বুলি কোৱা হয়।
ভাষা সমাজকেন্দ্ৰিক : ভাষা সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে। সমাজৰ পৰা অৱহেলিত এটি নব শিশুৱে ভাষা আহৰণ কৰিব নোৱাৰে। শিশুৱে নিতৌ সমাজত ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে।
ভাষাৰ ৰূপ দুটা কি কি
ভাষাৰ ৰূপ দুটা, সেইকেইটা হ’ল- কথিত আৰু লিখিত।
ভাষা কাক বোলে কেই প্ৰকাৰৰ আৰু কি কি
কোনো বিশিষ্ট জনসমষ্টিৰ মাজত পাৰসম্পৰিক মনৰ ভাব আদান প্ৰদানৰ অৰ্থে ব্যৱহাৰ হোৱা স্পষ্ট অৰ্থযুক্ত ধ্বনিসমষ্টিকে ভাষা বোলা হয়। ভাষা দুই প্ৰকাৰৰ, কথিত আৰু লিখিত ৰূপত পোৱা যায়। ভাষাৰ কথিত আৰু লিখিত ৰূপ বেলেগ বেলেগ হয়।
ভাষাৰ মূল উপাদান কি কি?
ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা উপাদানৰ কথাকে ভাষাৰ মূল উপাদান বুজায়। এইকেইটাক কোনো ভাষাবিদে ভাষাৰ মৌলিক উপাদান বুলি উল্লেখ কৰে। প্ৰকৃতাৰ্থত ভাষা এটাৰ গঠন প্ৰক্ৰিয়াত ভাষাৰ উক্ত উপাদানকেইটা অন্তনিৰ্হিত হৈ থাকে। এইবোৰ স্তৰে স্তৰে সৰুৰে পৰা ডাঙৰলৈকে লানি নিছিগাকৈ খাপ খাই থাকে। ভাষা এটাৰ গঠন প্ৰণালী অৰ্থাৎ উচ্চাৰিত ধ্বনি, ধ্বনি বিন্যাস, ৰূপ, ৰূপ সংযোগ, বাক্য আৰু অৰ্থ প্ৰতিপাদনৰ কৌশল অতি ৰীতিসন্মত আৰু প্ৰণালীবদ্ধ।
ভাষাৰ কাৰ্য সমূহ কি কি
ভাষাৰ কাৰ্য সমূহ হৈছে মানুহৰ ধাৰণা, মনৰ ভাৱ আৰু তথ্য আদান প্ৰদান কৰা।
ভাষা কাক বোলে কেই প্ৰকাৰৰ আৰু কি কি
মানুহে ধাৰণা, মনৰ ভাৱ আৰু তথ্য আদান প্ৰদান প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি প্ৰয়োগ কৰে তাকে ভাষা বোলে ।
ভাষাৰ মূল কি
ভাষাৰ মূল হ’ল প্ৰাচ্য মাগধী।