মাধৱদেৱৰ চমু পৰিচয় | Brief introduction to Madhavdev

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতি প্ৰিয়তম আৰু প্ৰধান শিষ্য মাধৱদেৱৰ জন্ম হয় নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ইং ১৪৮৯ চনত। তেওঁ প্ৰথমে শাক্তধৰ্মৰ পোষক আছিল যদিও পিছত মহাপুৰুষজনাৰ সান্নিধ্য লাভ কৰি তেওঁৰ ওচৰত শৰণ লয় আৰু নব-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে একাণপতীয়াকৈ লাগে। এই উদ্দেশ্যেই তেওঁ গীত, ভটিমা, নাট আৰু বিভিন্ন পদ পুথি ৰচনা কৰে। তেওঁৰ দ্বাৰা ৰচিত কালজয়ী দুখন পুথি হ’ল— ‘নামঘোষা’ আৰু ‘ভক্তি ৰত্নাৱলী’। ইয়াৰ বাহিৰেও তেওঁ ‘ৰাজসূয়’, ‘দধি মথন’, ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’, ‘ভোজন ব্যৱহাৰ’, ‘অৰ্জুন ভঞ্জন’, ‘ভূমি লেটোৱা’, ‘জন্ম ৰহস্য’, ‘গুৰু ভটিমা’, ‘বৰগীত’ আদি গ্ৰন্থ ৰচনা কৰিছিল। গুৰুজনাৰ আদেশ মৰ্মে মাধৱদেৱে ১৫৭ টি বৰগীত ৰচনা কৰে। এই আটাইবোৰ ৰচনাৰ মাজেদি তেওঁৰ বিৰল সাহিত্য-প্ৰতিভা প্ৰকাশ পাইছে।

Image source: Google

১৫৯৬ চনত কোচবিহাৰৰ ভেলামধুপুৰ এইজনা মহাপুৰুষে ইহলীলা সম্বৰণ কৰে।

Leave a Comment