প্ৰসিদ্ধ সাহিত্যিক সমালোচক গৱেষক পণ্ডিত ড৹ বাণীকান্ত কাকতিৰ জন্ম হৈছিল বৰপেটাৰ বাতিকুৰিহা গাঁৱত ১৮৯৪ চনৰ ১৫ নবেম্বৰ তাৰিখে। সৰু কালিৰে পৰাই তেওঁ মেধা শক্তিৰ পৰিচয় দিব পাৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পৰীক্ষণত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয় আৰু পিছত অধ্যক্ষৰ পদতো অধিষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত অসমীয়া বিভাগৰ প্ৰধান অধ্যাপক হিচাপে যোগদান কৰে। কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক দিশত তেওঁৰ মূল্যবান অৰিহণা আগবঢ়াই গৈছে।
ড৹ বাণীকান্ত কাকতি একাধাৰে ভাষাবিদ, গবেষক, শিক্ষাবিদ আৰু সমালোচক। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যৰ অধ্যয়নেৰে প্ৰচুৰ পাণ্ডিত্য লাভ কৰা কাকতিয়ে ইংৰাজী ভাষাত লিখা ‘Assamese, Its Formation and Development’ নামৰ গৱেষণা গ্ৰন্থৰ বাবে ডক্তৰেট ডিগ্ৰী লাভ কৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতেই সমালোচক হিচাপে শ্ৰেষ্ঠতাৰ দাবী কৰিব পৰা শিক্ষাবিদ, সাহিত্যক বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা-সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই গৈছে। তেওঁৰ বিভিন্ন গ্ৰন্থৰ ভিতৰত “পুৰণি অসমীয়া সাহিত্য(১৯৪০)”, “সাহিত্য আৰু প্ৰেম(১৯৪৮)”, “কলিতা জাতিৰ ইতিবৃত্ত”, “পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা”, “পখিলা”,“নতুন অসমীয়া সাহিত্য” ইত্যাদি। ইয়াৰ উপৰিও ইংৰাজীত লিখা আন দুখনি মূল্যবান গ্ৰন্থ হ’ল— ‘The Mother Goddness Kamakhy’ আৰু ‘Visnuit Myths and Legends’। আধুনিক যুগৰ সৰ্বশ্ৰেষ্ঠ সমালোচক হিচাপে পৰিচিত হোৱা ড৹ কাকতিয়ে ভালেমান গ্ৰন্থৰ মূখবন্ধ লিখিছিল আৰু সেইবোৰত তেওঁৰ পাণ্ডিত্য, মননশীলতা আৰু বিষয়বস্তুৰ গভীৰ তললৈ সোমাব পৰা ক্ষমতা প্ৰকাশ পাইছে। তেওঁ ‘ভবানন্দ পাঠক’ —এই ছদ্মনামেৰেও এলানি প্ৰবন্ধ লিখিছিল।
এইজনা পণ্ডিতৰ ১৯৫২ চনৰ ১৫ নবেম্বৰত মৃত্যু হয়।