বৰ্তমান যুগত চুটিগল্পৰ ইমান জনপ্ৰিয়তাৰ কাৰণ কি? সাধুকথা আৰু চুটিগল্পৰ মাজত পাৰ্থক্য

বৰ্তমান যুগত সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত সবাতোকৈ সমৃদ্ধিশালী হ’ল চুটিগল্প। বৰ্তমান যুগৰ সমস্যাৰ ক্ষেত্ৰত বিভি্ন্ ধৰণৰ আৰু এই সমস্যাসমূহে বৰ্তমানৰ চুটিগল্পত বিশেষ ধৰণে বৰঙি যোগাইছে। বৰ্তমান যুগ হৈছে ব্যস্ততাৰ যুগ আৰু এই ব্যস্ততাৰ যুগত সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ জীৱন সংগ্ৰামে জটিলতাৰ ৰূপ লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে মানুহৰ অৱসৰৰ পৰিমাণো যথেষ্ট পৰিমাণে কমি গৈছে। আধুনিক যুগৰ এই অৱসৰহীনতাৰ কাৰণে আজিৰ মানুহৰ আৰু পুৰণিকালৰ মানুহৰ দৰে প্ৰকাণ্ড গ্ৰন্থ অধ্যয়নৰ আহৰি নাই। সেই কাৰণে আজিৰ মানুহে কম সময়তে অধিক আনন্দ বিছাৰে। মানুহৰ এই চাহিদাটো পূৰণ কৰিবলৈ যাওঁতেই চুটিগল্পৰ উদ্ভৱ আৰু ক্ষিপ্ৰ বিস্তাৰ সাধিত হৈছে।

কম সময়তে আৰু কম আয়াসতে চুটিগল্পৰ পৰা আনন্দ লাভ কৰিব পৰা যায় যদিও, এইটোৱেই ইয়াৰ জনপ্ৰিয়তাৰ একমাত্ৰ কাৰণ নহয়। আধুনিক জীৱন-যাত্ৰাৰ কৰ্ম ব্যৱস্থাৰ মাজত আজৰি সময়ৰ নাটনি হ’লেও কোনো এটি বস্তুৰ উপযোগিতাৰ বিচাৰ অকল সময়ৰ ফালৰ পৰাই সকলো ক্ষেত্ৰতে কৰিব নোৱাৰি। ব্যস্ততাৰ মাজতে অলস-অৱশ হৈ সময় কটোৱাৰ অভ্যাস সকলো লোকৰেই আছে। আনহাতে বহুতো সময় নষ্ট কৰি হ’লেও আমি আমোদ আনন্দ লাভৰ আশাত আন কামৰ কথা পাহৰি যাওঁ আৰু অবাবতে সময় গুচি গ’ল বুলিও পাছত আক্ষেপ নকৰো। গতিকে দীঘল কাব্য বা উপন্যাস নপঢ়ি অকল চুটিগল্পৰ পিনে সময়ৰ তাগিদাত মানুহ আকৃষ্ট হৈ পৰাৰ কথা সত্য হ’লেও সি আংশিক সত্যহে। গল্প কোৱা আৰু গল্প শুনাৰ প্ৰবৃত্তি মানুহৰ এক আদিম প্ৰবৃত্তি। নিজৰ জীৱনৰ সুখ-দুখৰ কাহিনী শুনিলেও অন্তৰত সহানুভূতি জাগে।

ইয়াৰ উপৰি বাতৰি কাকত আৰু আলোচনীৰ প্ৰচলন দিনে দিনে বাঢ়ি অহাৰ কাৰণেও চুটিগল্পৰ বহুল প্ৰচাৰ হ’বলৈ ধৰে। বাতৰি কাকত আৰু আলোচনীয়েই হ’ল চুটিগল্পৰ প্ৰধান লীলাক্ষেত্ৰ। সেইবাবে অতি কম সয়মৰ ভিতৰতে আলোচনীখনৰ পাতত প্ৰকাশ হোৱা গল্পৰ কাৰণে মানুহৰ অনুৰাগ প্ৰবলৰূপে দেখা দিয়ে। পৃথিৱীৰ সৰহভাগ উৎকৃষ্ট গল্প পোনতে আলোচনীৰ পাততেই প্ৰকাশিত হৈছিল। সমাজৰ চাহিদা পূৰাবলৈ আৰু পাঠকসকলৰ তৃপ্তি সাধন কৰিবলৈ আলোচনীৰ পাতত নতুন নতুন ধৰণে গল্প-সাহিত্যই ক্ষিপ্ৰ গতিত খোজ লয়।

লক্ষ্মীনাথ বেজবৰুৱাই সাধুকথা আৰু চুটিগল্পৰ মাজত বিশেষ পাৰ্থক্য নাৰাখিছিল। কিন্তু বেজবৰুৱাই পাৰ্থক্য দেখা নাপালেও বিষয়বস্তু আৰু কলা-কৌশলৰ ফালৰপৰা বিচৰণক্ষেত্ৰ আৰু চুটিগল্পৰ মাজত যে ব্যৱধান অপৰিসীম, সেই কথা স্বীকাৰ্য। সাধুকথাৰ বিচৰণক্ষেত্ৰ আৰু চুটিগল্পৰ বিচৰণক্ষেত্ৰৰ মাজত পাৰ্থক্য আছে। সাধুকথা হ’ল সঁচা-মিছা, বাস্তৱ-অবাস্তৱৰ অপূৰ্ব সংমিশ্ৰণ। ইয়াত মানুহ, গৰু, কুকুৰ, মেকুৰীয়ে সমান আসন পায়, সকলোৱে কথা ক’ব পাৰে, গল্প বিষয়বস্তু বাস্তৱ জীৱনৰ পৰা আহৰণ কৰা, ইয়াত অলৌকিকতা বা অবাস্তৱতাৰ স্থান নাই। সেই কাৰণে আমাৰ পুৰণি সাধুকথাৰ পৰা চুটিগল্পৰ উদ্ভৱ হৈছে বুলি ক’ব নোৱাৰি। ই সম্পূৰ্ণ পাশ্চাত্য সাহিত্যৰ পৰা অহা।

Leave a Comment