উপন্যাস আৰু চুটিগল্পৰ বিষয়বস্তু আৰু উপাদান একেই যদিও উভয়তে কিন্তু এই উপাদানবোৰৰ প্ৰয়োগ ভিন্ন প্ৰকৃতিৰ। উপন্যাসিকে যিবোৰ উপাদানৰ বহুল প্ৰয়োগ কৰে, গল্প লেখকে সেই একেবোৰ সংক্ষিপ্ত ৰূপত প্ৰয়োগ কৰে। উপন্যাসৰ দৰে চুটিগল্পৰ বিশিষ্ট উপাদানকেইটা হ’ল—বিষয়বস্তু বা কাহিনী, চৰিত্ৰ, কথোপকথন, ঐক্য আৰু পৰিৱেশ সৃষ্টি ইত্যাদি।
মানুহৰ জীৱনৰ লগত ঘনিষ্ঠ সম্বন্ধ থকা ৰীতি-নীতি, সমাজ, ধৰ্ম, জীৱনৰ সুখ-দুখৰ কাহিনী এইবোৰ কথাকেই গল্পত পোৱা যায়। সাধাৰণ জীৱনত দৈনন্দিন ঘটি থকা ঘটনা আৰু আকৰ্ষণীয় মুহূৰ্তবিলাককে গল্পৰ বিষয়বস্তুলৈ ৰূপান্তৰিত কৰিব পৰা যায়। চুটিগল্পৰ বিষয়বস্তু এনে হ’ব লাগে, নিৰ্দিষ্ট পৰিধিৰ মাজত যাৰ বিকাশ সম্ভৱপৰ। চুটিগল্পৰ বিষয়বস্তু মানুহক কেন্দ্ৰ কৰি গঢ়ি উঠে। মানুহ হ’ল বাস্তৱবাদী। সেই কাৰণে ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা বিষয়বস্তু বাস্তৱ।
চুটিগল্পৰ চৰিত্ৰাংকনৰো এটি বৈশিষ্ট্য আছে। ইয়াত কোনো চৰিত্ৰৰ বিভিন্ন দিশ দাঙি নধৰি কোনো এটি উজ্জ্বল দিশহে চকুৰ আগত দাঙি ধৰা হয়। এই বিষয়তো উপন্যাসৰ লগত চুটিগল্পৰ প্ৰভেদ লক্ষ্যণীয়।
চুটিগল্পৰ আন এটি উল্লেখযোগ্য উপাদান হ’ল কাহিনী। অৱশ্যে নাটক বা উপন্যাসৰ কাহিনীৰ দৰে ইয়াৰ কাহিনী শক্তিশালী আৰু বিচিত্ৰধৰ্মী নহয়। চুটিগল্পৰ কাহিনীয়ে ধ্বনিত কৰে জীৱনৰ কোনো এক মুহূৰ্তৰ ঘনীভূত ইতিহাস।
চুটিগল্পৰ শিল্পকলা হিচাপে মূল্য নিৰ্ধাৰণ কৰোতে এক উদ্দেশ্য আৰু এক ভাবৰ ঐক্য বজাই ৰখা হৈছে নে নাই তাকহে চোৱা উচিত। ঐক্য চুটিগল্পৰ প্ৰধান আৱশ্যকীয় আহিলা। ঐক্যই সদায় চৰিত্ৰ, অৱস্থা আৰু বিষয়বস্তুৰ সগত সম্বন্ধ ৰাখি চলে। ঐক্যক তিনিভাগে ভাগ কৰা হৈছে। উদ্দেশ্যৰ ঐক্য, ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্য। উদ্দেশ্য, কাৰ্য আৰু লক্ষ্যৰ লগত গল্পৰ চৰিত্ৰৰ সংগতি নাৰাখিলে গল্পই মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে।
উপন্যাস বা গল্পৰ দৰে চুটিগল্পতো সংলাপ ব্যৱহাৰ কৰা হয়। সংলাপৰ ক্ষেত্ৰত লেখকে সদায় মন কৰা উচিত যে দীঘল সংলাপে চুটিগল্পৰ সৌন্দৰ্য বঢ়োৱাত বাধাহে দিয়ে। গতিকে সংলাপৰ ক্ষেত্ৰত গল্প লেখকে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। গল্পত স্বাভাৱিক পৰিৱেশ সৃষ্টি আধুনিক যুগৰ প্ৰচেষ্টা। এনে পৰিৱেশৰ মাজত চৰিত্ৰৰ যিটো ফাল প্ৰকাশিত হৈ উঠে, তাৰ ওপৰত ঘটনা বা পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱহে থাকে, লেখকৰ প্ৰভাৱ নাথাকে।
বিষয়বস্তু আৰু লিখাৰ কৌশলৰ লগে লগে চুটিগল্পত বিশেষ মন কৰিবলগীয়া কথা হ’ল ভাষাৰ মাধুৰ্য। শব্দৰ জোখ-মাখ, বাক্যৰ সুমধুৰতাৰ ফাললৈ বিশেষ মন নিদিলে গল্প লেখক কৃতকাৰ্য হ’ব নোৱাৰে।