উপন্যাস আৰু চুটিগল্পৰ পাৰ্থক্য

উপন্যাস আৰু চুটিগল্পৰ উপাদান একে হ’লেও আৰু বাস্তৱ জগতৰ বস্তুকেই দুটোবিধ সাহিত্যত ৰূপায়ণ কৰা হ’লেও দুয়োবিধ সাহিত্যৰ মাজত পাৰ্থক্য দেখা যায়। উপন্যাস আৰু চুটিগল্প দুয়োবিধতে ঘটনাৰ নিৰ্বাচন, চৰিত্ৰ অংকনৰ পদ্ধতি আৰু লিখাৰ কৌশল বেলেগ বেলেগ। উপন্যাস আৰু চুটিগল্প আৰু চুটিগল্প এটা দীঘলকৈ লিখিলেই উপন্যাস নহয়। উপন্যাস আৰু চুটিগল্প এই দুয়োবিধ সাহিত্যতেই লেখকৰ উদ্দেশ্যও বেলেগ, দৃষ্টিভংগীও বেলেগ। ভাব প্ৰকাশৰ দিশতো ঔপন্যাসিক আৰু গল্প লেখকৰ কৌশলৰ মিল নাই।

উপন্যাস আৰু চুটিগল্পৰ ক্ষেত্ৰত কাহিনী ৰচনাৰ পাৰ্থক্যই প্ৰথমতে আমাৰ চকুত পৰে। বহল সমাজৰ ছবি চকুৰ আগত ৰাখি উপন্যাসিকে কাপ হাতত লয়। বাহুল্যলৈ উপন্যাসিকৰ ভয় নাথাকে। কোনো সীমাৰেখাৰ মাজত ঔপন্যাসিকৰ কল্পনা সীমিত নহয়। নানান চৰিত্ৰৰ স্বাৰ্থ-সংঘাটৰ মাজেদি উপন্যাসিকৰ কল্পনা কিছু বিক্ষিপ্তভাৱে আগবাঢ়ে, কিন্তু চুটিগল্পত হ’লে বিক্ষিপ্ত চিত্ৰ সংযোগ নাইবা চিন্তাধাৰাৰ স্থান নাই। ইয়াত সকলো কথাই কেন্দ্ৰীয়ভূত। বহল মানৱ জীৱনৰ চিত্ৰ গল্পৰ ভিতৰত নাথাকে, কিন্তু থাকে জীৱনৰ কোনো এটি মুহূৰ্তৰ ওপৰত বিশেষ দৃষ্টি। উপন্যাসৰ ক্ষেত্ৰ সদায় বহল। ইচ্ছা কৰিলে কোনো এটি ব্যাপক কথাবস্তুক কেন্দ্ৰ কৰি ঔপন্যাসিকে তেওঁৰ গল্প যথেষ্ট দীঘল কৰি পেলাব পাৰে। সীমাৰেখাৰ বাধা হঠাৎ আহি পৰাৰ ভয় তেওঁৰ নাই। এই হিচাপে তেওঁ স্বতন্ত্ৰ আৰু মুক্ত। কিন্তু চুটিগল্প হ’ল সুংগঠিত আৰ্ট। গল্প লেখকৰ কল্পনা কোনো এটি গতি পথেৰে আগুৱাই যাহ পাৰে, কিন্তু তাতো সীমাৰেখা অতিক্ৰম কৰাৰ ভয় সঘনে উপস্থিত হয়। তেওঁৰ কল্পনাৰ গতি অবাধ নহয়। তেওঁৰ কল্পনা সুসংযত আৰু সুসংগত। ভাবৰ ওপৰত, শব্দৰ ওপৰত গল্প লেখকৰ কৰ্তৃত্ব অসীম। নিজৰ বিক্ষিপ্ত ভাব আৰু মনোবেগক সম্পূৰ্ণৰূপে আয়ত্তাধীন কৰি কম কথাকে মনোৰমকৈ চিত্ৰ সংযোগৰ মাজেদি চঞ্চল জীৱনৰ কোনো মুহূৰ্তৰ অৱলম্বিত জীৱনক উদ্ভাসিত কৰি তোলা গল্প লেখকৰ প্ৰধান উদ্দেশ্য।

মানৱ জীৱনৰ বিভিন্নতা আৰু জটিলতা উপন্যাসে ভালকৈ চিত্ৰিত কৰিব পাৰে, কিন্তু গল্পই নোৱাৰে। ভাল উপন্যাস এখনৰ আলোচনা কৰিবলৈ যাওঁতে আমি তাৰ ঘটনা আৰু চৰিত্ৰৰ বিষয়হে প্ৰথমতে আলোচনা কৰো। চৰিত্ৰাংকণ আৰু ঘটনা সুন্দৰকৈ বিকাশ কৰিব পৰাটোৱেই উপন্যাসৰ ধৰ্ম। উপন্যাসৰ দৰে গল্পত চৰিত্ৰবিলাকৰ দীঘল সময় আৰু দীঘলীয়া পৰিস্থিতিৰ মাজত অৱতাৰণা কৰিব নোৱাৰি। গতিকে গল্পৰ চৰিত্ৰ ফুটাই তুলিব লাগিব খুব কম সময়ৰ ভিতৰত।

উপন্যাসত জীৱনৰ বহুমুখী জটিল সমস্যাবিলাকৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সুবিধা আছে। কিন্তু চুটিগল্প সেই সুবিধাৰ পৰা বঞ্চিত। মানুহৰ ক্ৰমবিৱৰ্তনৰ প্ৰকাশ আমি উপন্যাসত পাওঁ। কিন্তু চুটিগল্পত চৰিত্ৰৰ এটা অংশৰ চৰিত্ৰহে দেখিবলৈ পোৱা যায়। চুটিগল্পৰ সাধাৰণতে চৰিত্ৰৰ কোনো এক বিশেষ মুহূৰ্তত বা অৱস্থাত মনৰ যি প্ৰতিক্ৰিয়া হয় সেই প্ৰতিক্ৰিয়াকেই আশ্ৰয় কৰি সংযতভাৱে ঘটনাৰ বিকাশ হয়।

বেৰি পেইনে কৈছে, ‘উপন্যাস এটি তৃপ্তি, চুটিগল্প এটি প্ৰেৰণা।’ উপন্যাসে বহুল পৰিসৰৰ মাজত বিশ্লেষণী পদ্ধতিতে সকলো ক্ষেত্ৰতে পাঠকৰ দৃষ্টিপাত পেলাই এটি তৃপ্তি দিব পাৰে। কিন্তু চুটিগল্পত সমগ্ৰ দৃষ্টি আৰু সম্পূৰ্ণ তৃপ্তিৰ থল নাই, আছে মানৱ জীৱনৰ সামূহিক মূল্যৰ দৰে মুহূৰ্তবিলাকৰ ব্যক্তিগত মূল্য। কোনো এটা মুহূৰ্ত এনেয়ে পাৰ হৈ যাব পাৰে, কিন্তু কোনোৱে এটা মুহূৰ্তত মানুহৰ জীৱনত নাটকীয় পৰিবৰ্তনো ঘটি যায়। এইবিলাক মুহূৰ্তৰ প্ৰভাৱ জীৱনত কেতিয়াও অৱহেলিত হ’ব নোৱাৰে। চুটিগল্প এনেবোৰ মুহূৰ্তক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠে।

Leave a Comment