বিশ্ব সাহিত্যত কেতিয়াৰ পৰা আৰু কেনেকৈ চুটিগল্পই প্ৰতিষ্ঠা লাভ কৰিলে তাক সঠিকভাৱে কোৱা টান। ইয়াৰ এটা সকলোৰে গ্ৰহণীয় সংজ্ঞাও আজিলৈকে ওলোৱা নাই। সাহিত্যৰ এটি অতিশয় আৱশ্যকীয় অংগৰূপে চুটিগল্পই বিভিন্ন দেশত বিভিন্ন প্ৰকাৰে বিকাশ লাভ কৰা কাৰণেও তেনে এটা সুনিৰ্দিষ্ট সংজ্ঞা এবিধ সাহিত্য কলা হিচাপে এতিয়াও বিকাশশীল হৈয়ে আছে, সেই কাৰণেও এটা সুনিৰ্দিষ্ট সংজ্ঞা এতিয়ালৈকে উলিয়াব পৰা নাই।
চুটিগল্পৰ সংজ্ঞা, প্ৰকৃতি আৰু ৰচনা কৌশল সম্বন্ধে সমালোচকসকলে বিভিন্ন মত প্ৰকাশ কৰি গৈছে। এনচাইক্লা’পিডিয়া ব্ৰিটেনিকাত ইয়াক—‘a kind of prose fiction distinguished from the novel(roman) and the novellate (novella or novella) by its compression and intensity’ বুলি কোৱা হৈছে। চুটিগল্প এনে এবিধ গদ্য কাহিনী যাক তাৰ চৌম্বকত্ব আৰু গভীৰতাই উপন্যাসৰ পৰা পৃথক কৰে। অধ্যক্ষ ত্ৰৈলোক্যনাথ গোস্বামীৰ বিৱৰণটিও সহজ আৰু সুন্দৰ। তেওঁৰ মতে ‘চুটিগল্প মূলতে এটা সাধুকথা। গল্পৰ ভিতৰত কাহিনীভাগৰ মূল্য যথেষ্ট। কোনো এটা গল্প পঢ়িলে সৰহভাগ পাঠকৰ মনত এটা উৎকণ্ঠা জাগে। এই উৎকণ্ঠা ঘটনাৰ পৰিণতি জনাৰ উৎকণ্ঠা। কিন্তু এটা ঘটনা পৰিণতিৰ পিনে আগুৱাই নিব লাগিলে তাক দ্বন্দ্বৰ মাজিদিহে নিব পৰা যায়। এই দ্বন্দ্ব দুবিধ— অন্তৰ্দ্বন্দ্ব আৰু বহিদ্বৰ্ন্দ্ব। কোনো চৰিত্ৰৰ মনত দুই কৰ্তব্য বা কৰ্তব্য-অকৰ্তব্যৰ বিচাৰৰ মাজেদি দি দ্বন্দ্ব উপস্থিত হয়, সেইটোৱেই অন্তৰ্দ্বন্দ্ব।’ আনহাতে কোনো এটি চৰিত্ৰৰ লগত স্বাৰ্থৰ সংঘাত পৰিস্ফুট হ’লে সেই দ্বন্দ্ব বহিৰ্দ্বন্দ্ব। আন এঠাইত তেওঁ উল্লেখ কৰিছে এইদৰে— ‘গল্প সুসংগঠিত আৰ্ট। ইয়াৰ যোগেদি কোনো এটা কেন্দ্ৰীভূত ভাব প্ৰকাশ কৰা হয়। কোনো এটি বিশেষ মুহূৰ্তৰ ওপৰত আলোকপাত কৰি জীৱনৰ কোনো এটা দিশ পোহৰাই তোলাই গল্পৰ উদ্দেশ্য। ইয়াৰ কাৰণে গল্পকাৰে ভিন ভিন কৌশল অৱলম্বন কৰে।’
চুটিগল্পৰ এনেধৰনৰ প্ৰকৃতিলৈ লক্ষ্য কৰি আৰু নানা লেখকৰ নানা সংজ্ঞা জুকিয়াই হাডছনে আটাইতকৈ সহজবোধ্য লক্ষণ কেতবোৰ চালি-জাৰি উলিয়াইছে। সেই বিষয়ত তেওঁ এড্গাৰ এলেন পোৰ সংজ্ঞাটোৱে সহায় লৈছে। পোৰ মতে চুটিগল্প এনে এবিধ গদ্য ৰচনা যি একে বহাই পঢ়ি পেলাব হ’ব লাগে। অৰ্থাৎ হ্ৰস্বতা ইয়াৰ প্ৰথমতে ক’ব পৰা এটি প্ৰধান লক্ষণ।
দ্বিতীয়তে, চুটিগল্পৰ বিষয়বস্তু মাত্ৰ এটাই হ’ব লাগিব, যিটোক সীমাবদ্ব পৰিসৰৰ ভিতৰতে যথেষ্টভাৱে আৰু সফলতাৰে ফুটাই তুলিব লাগিব। পাঠকে গল্প এটা পঢ়ি উঠি অনুভৱ কৰিব লাগিব যে অধিক কিবা বিস্তৃত বিৱৰণ দিয়া হ’লেও একো লাভ নহ’লহেঁতেন। গল্পটোৰ ৰূপৰেখা সুস্পষ্ট হ’ব লাগিব, সামঞ্জস্য হ’ব লাগিব আৰু পুৰ্ণাংগও হ’ব লাগিব; অথচ সামান্য অনাৱশ্যকীয় কথাও থাকিব নালাগিব। ইয়াৰ কাৰণ যে একেটাই ঘটনা বা এটা মুহূৰ্তৰ কথাকে ল’ব লাগিব তাৰ কোনো অৰ্থ নাই, বেছিদিনৰ ঘটনাকো এটা গল্পত সুমুৱাব পাৰি। উদাহৰণস্বৰূপে ‘ৰিপ ভেন উইংকল’, গল্পত ৰিপৰ গোটেই জীৱনৰ ঘটনা কেন্দ্ৰীভূত হৈ আছে, মোপাছাৰ ‘কণ্ঠহাৰ’ল বহু বছৰৰ কষ্ট স্বীকাৰৰ কথা আছে, বেজবৰুৱাৰ ‘ভদৰী’ মাত্ৰ এদিনৰ ঘটনা নহয়, অথচ এইবিলাক গল্প আধাঘণ্টা-এঘণ্টাৰ ভিতৰত পঢ়ি একোটা কেন্দ্ৰীভূত আমোদ লাভ কৰা যায়।
তৃতীয়তে, গল্প ৰচনাত ঐক্যবোধ উপলব্ধি কৰিব লাগিব, এই ঐক্য হ’ব উদ্দেশ্যৰ(motive) লক্ষ্যৰ(purpose) কৰ্মৰ(Action) আৰু প্ৰতীতিৰ(impression)। এই ঐক্য ৰক্ষাৰ কাৰণে চুটিগল্পৰ একেটাই মাত্ৰ বিষয় থাকিব লাগিব, এই নিয়মৰ কোনো ব্যতিক্ৰম হ’ব নোৱাৰে। এই বক্তব্য বিষয়কে লক্ষ্য স্থিৰ ৰাখি অতি স্পষ্টভাৱে তাৰ যুক্তিপূৰ্ণ পৰিণতিৰ পিনে আগুৱাই লৈ যাব লাগিব। হাড্ছনৰ ভাষাত, ‘Singleness of aim and singleness of effect are, therefore, the two great canons by which we have to try the value of a short story as a piece of art.’