ফুল ফুলিছে বসন্তৰ
– বিহু
ফুল ফুলিছে বসন্তৰ
তুমি জানমণি বহাগৰ
প্ৰতিটো বহাগতে
মৰম যাচোঁ তোমাক অন্তৰৰ।
গুণগুণকৈ ভোমোৰা
ফুলে ফুলে পৰিছে
থোপা থোপে নাহৰ তগৰ
ডাল ভৰি ফুলিছে
জানমণি তুমিয়েই মোৰ কামনা বাসনা
তুমিয়েই মোৰ জীৱনৰ ভৰসা
তুমিয়েই মোৰ বুকুৰে কলি।
জুৰ মলয়া ফাগুনৰ
তুমি জানমণি মৰমৰ
প্ৰতিটো বসন্ততে
মৰম যাচোঁ তোমাক হৃদয়ৰ।
ৰঙা নীলা পখিলা
জাকে জাকে উৰিছে
কুকু কৈ কুলিটিয়ে
পাতৰ আঁৰত মাতিছে
অ’ জানমণি তুমিয়েই মোৰ প্ৰাণৰে পুতলা
তুমিয়েই মোৰ আশাৰে নিজৰা
তুমিয়েই মোৰ নয়নৰ মণি।
ন’ কুঁহিপাত আঁহতৰ
ন’ ঢল নামে লুইতত
সদায়ে সোণ থাকিবা
তৰা হৈ মোৰ মনৰ আকাশত।
ঢোল পেঁপাই গৰজিলে
অসমৰ চুকে কোণে
তুমি কাষত নাথাকিলে
মনে কিবা কৰে
জানমণি তুমিয়েই মোৰ মৰমৰ গহনা
তুমিয়েই মোৰ সাগৰৰ মুকুতা
তুমিয়েই মোৰ জীৱন লগৰী।
শেৱালি ফুল শৰতৰ
বহাগ মাহৰ দুপৰৰ
প্ৰতিটো ঢোলৰ চাপৰে
মনত পেলাই কথা অতীতৰ।
মৌ বৰষা মৰম দিম
মোৰ কোমল হিয়াৰে
সপোনে ঐ দিঠকতে
থাকিবা মোৰ কাষতে
অ’ জানমণি তুমিয়েই মোৰ আকাশৰ চন্দ্ৰমা
তুমিয়েই মোৰ জোনাকী পৰুৱা
তুমিয়েই মোৰ নদীৰে সূতি।।