কাজিৰঙা বৰ ধুনীয়া
- বিহু
কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা
কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা …
কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা
তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা।
কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা
তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা।
অ’ দেহাৰ বৰণ ৰঙ-চঙীয়া মূগা চুমনীয়া
চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা
চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা।
শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচৰা
নামডাংৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া।
শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচৰা
নামডাংৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া।
অ’ মনৰ খবৰ ক’ব খুজিলে কাষলৈ আহিবা
কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা
কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা।
তুমি কোৱা কথাষাৰে কৰিছে মন বলীয়া
কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা।
তুমি কোৱা কথাষাৰে কৰিছে মন বলীয়া
কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা।
অ’ তোমাক দেখাৰ দিনাৰ পৰাই হ’লো মতলীয়া
তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া
তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া।
দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া
মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা।
দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া
মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা।
অ’ কোনোজনে মৰমৰ যাচে ধনেৰে সোণেৰে
কোনোজনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে
কোনোজনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে।
মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৈৰ পৰা
তুমি কাষত নাথাকিলে কোনে দিব সান্তনা।
মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৈৰ পৰা
তুমি কাষত নাথাকিলে কোনে দিব সান্তনা।
অ’ তুমি আহি মৰম দিলে একোৱেই নালাগে
ধনেৰে সোণেৰে মোক জুখিব চাব নালাগে
ধনেৰে সোণেৰে মোক জুখিব চাব নালাগে।
মনৰ দূৱাৰ খোলা আছে তুমি আহি জিৰাবা
ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুলাম দলিচা।
মনৰ দূৱাৰ খোলা আছে তুমি আহি জিৰাবা
ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুলাম দলিচা।
দিনৰ বেলি ৰাতিৰে জোন সাক্ষী কৰি ল’লো
বহুজনৰ মাজতে তোমাকে বাছি ল’লো
বহুজনৰ মাজতে তোমাকে বাছি ল’লো
বহুজনৰ মাজতে তোমাকে বাছি ল’লো
বহুজনৰ মাজতে তোমাকে বাছি ল’লো।