হীৰেণ ভট্টাচাৰ্য্য(১৯৩২-২০১২) সাম্প্ৰতিক কালৰ এগৰাকী জনপ্রিয় কবি, চিত্র শিল্পী আৰু গীতকাৰ আছিল। নতুন প্ৰজন্মৰ মাজত ‘হীৰুদা’ বুলি পৰিচিত। ষাঠিৰ দশকতে কবি হিচাপে আত্ম প্রকাশ কৰা কবিয়ে মৃত্যুৰ সময়লৈ কাব্য চৰ্চা কৰিছিল। ‘আবাহন’ কাকতত ‘নিয়ন্ত্ৰণ’ নামৰ প্ৰথম কবিতাটো প্ৰকাশ পাইছিল। তেওঁ ‘সুগন্ধি পখিলা’ৰ কবিৰূপে জনাজাত। তেওঁৰ কবিতা পুথি ‘বৌদ্ৰ কামনা (১৯৬৪), ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা (১৯৭২), ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৭), ‘সুগন্ধি পখিলা’ (১৯৮১), ‘জোনাকমনঃ অনুষংগ’ (১৯৮৫), ‘শইচৰ পথাৰ মানুহ’ (১৯৯১) ‘ভালপোৱা বোকামাটি’ (১৯৯৫), ‘ভাল পোৱাৰ দিক্চৌ বাটেৰে’ (২০০০), ‘হীৰেণ ভট্টাচাৰ্যৰ বাছকবনীয়া কবিতা’ (২০০৩), সুগন্ধি শিপা’ (২০০৫), ‘কবিতাৰ ডাল পাত’ (২০০৮), ‘শিপাৰ পৰা পাতাললৈ (২০০৯), ‘হীৰেণ ভট্টাচাৰ্যৰ কবিতা’ (২০১১)। গীতৰ পুথি ‘তোমাৰ গান’ (১৯৭৬)। তেওঁৰ শিশু সাহিত্য হ’ল— ‘ল’ৰাৰ ধেমালি’ (১৯৯২), ‘আকৌ ধেমালি’ (১৯৯৩), ‘বৈ ৰৈ ধেমালি’ আদি। তেওঁৰ কবিতা ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষা আৰু বিদেশী ভাষালৈ অনুবাদ হৈছে। ১৯৭৬ চনত ভট্টাচাৰ্যই ‘বিভিন্ন দিনৰ কবিতা’ৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা, ১৯৮৫ চনত ‘সুগন্ধি পখিলা’ৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ১৯৮৭ চনত ‘ছোভিয়েট দেশ’ নেহৰু বঁটা, ১৯৯২ চনত ‘শইচৰ পথাৰ মানুহৰ বাবে সাহিত্য অকাডেমী বঁটা, ১৯৯৩ চনত উত্তৰ প্ৰদেশৰ হিন্দী সংস্থাৰ সৌহার্দ সন্মান, ভাৰতীয় ভাষা পৰিষদৰ ‘বজালিনী’ সন্মান, ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা, ২০১০ চনত অসম চৰকাৰৰ গণেশ গগৈ সাহিত্য বঁটাৰে সন্মানিত হয়। ইয়াৰ উপৰি তেওঁ ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামৰ আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰিছিল।