অসমৰ গুণী চিত্ৰ নিৰ্মাতা আছিল প্ৰমথেশ বৰুৱা। গৌৰীপুৰৰ জমিদাৰ পৰিয়ালত জন্মলাভ কৰা প্ৰতিভাশালী ব্যক্তি প্ৰমথেশ বৰুৱা ভাৰতৰ চলচ্চিত্ৰ জগতৰ এগৰাকী আগসাৰীৰ চিত্ৰ-নিৰ্মাতাৰূপে পৰিচিত। তেওঁ অসমৰ সন্তান আছিল যদিও বংগৰ বঙালী কথাছবিকহে বলিষ্ঠ ৰূপ দি গ’ল। বঙালী কথাছবিৰ শকত ভেটি কৰাৰ ক্ষেত্ৰত প্ৰমথেশ বৰুৱা অৱদান অনস্বীকাৰ্য। বঙালী উপন্যাসৰ ভেটিত বংগৰ গ্ৰাম্য জীৱনৰ অৱদান পটভূমিত তেওঁ প্ৰতীকাত্মক দৃষ্টিভংগীৰে কথাছবি পৰিচালনা কৰিছিল। ৰবীন্দ্ৰ সংগীতক তেঁৱেই পোনপ্ৰথমে কথাছবিত আকৰ্ষণীয়ভাৱে উপস্থাপন কৰে। প্ৰমথেশ বৰুৱা প্ৰতিভাৱান পৰিচালকৰ উপৰি অভিনেতাও আছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰ শিল্পৰ লগত আৰম্ভণিৰে পৰা জড়িত আছিল। বায়োস্কোপ অৰ্থাৎ নিৰ্বাপক ফিল্মৰ দিনৰে পৰাই এইগৰাকী শিল্পীয়ে অতি সাহসিকতাৰে এই শিল্পকে জীৱিকাৰূপে লৈছিল। ১৯৩৪ চনত শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ ‘দেৱদাস’ উপন্যাসৰ আধাৰত একে নামতে কথাছবি নিৰ্মাণ কৰি সমগ্ৰ ভাৰততে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। ‘দেৱদাস’ৰ উপৰি ‘গৃহদাস’, ‘উত্তৰায়ণ’, ‘মুক্তি’, ‘শাপমক্তি’ আদি কথাছবি নিৰ্মাণ কৰি বৰুৱাদেৱে বিভিন্ন অসুবিধাৰ বাবেই অসমীয়া ভাষাত চলচ্চিত্ৰ নিৰ্মাণ কৰিব নোৱাৰিলে।