ভাৰতত পৰিবেশ ৰক্ষাৰ আইন-কানুনসূহ ষ্টকহম আন্তৰ্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্ৰত বা বিভিন্ন প্ৰদেশত পৰিবেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্ৰণয়ন হৈ আহিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন(Indian Fisheries Act, 1897) ভাৰতীয় বন্দৰ আইন, ১৯০৭(The Indian port Act, 1907) যান-বাহনৰ আইন (The motor Vehicles Act, 1938) ইত্যাদি প্ৰধান। মুখ্যত ষ্টকহম অভিৱৰ্তনৰ পিছৰ পৰাহে আচলতে এই আইনবিলাক কাৰ্যকৰী কৰা হয়। বা ইবোৰে গুৰুত্ব লাভ কৰে। পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা আইনবোৰ হ’ল জল প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন, ১৯৭৪[Water (Prevention and control of pollution) Act, 1974] বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮১ [The Air (Prevention and control of pollution) Act, 1981], পৰিবেশ ৰক্ষা আইন, ১৯৮৬ (The Environment Protection Act, 1986) আৰু যান-বাহন আইন ১৯৮৮ (The Motor Vehicle Act, 1988) ইত্যাদি।
এই আইনবোৰৰ থূলমূল আভাস এটি দিয়া হ’ল—
পানী প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন
ভাৰতৰ সংসদে ১৯৭৮ চনৰ ২৩ মাৰ্চৰ ৰকা পযোজ্য হোৱাকৈ এই আইন প্ৰণয়ন কৰে। এই আইন ৰূপায়ণ কৰিবলৈ ১৯৭৪ চনৰ চেপ্তেম্বৰ মাহত জল প্ৰদূষণ প্ৰতিৰোধ পৰিষদ(Central Board for prevention and Control of Water pollution) গঠন কৰা হয়। এই আইন সংশোধন হয় ১৯৮৮ চনত। কেন্দ্ৰীয়/ৰাজ্যিক প্ৰদূষণ প্ৰতিৰোধ পৰিষদে (Central/State Pollution Control Boards) এই বিষয়টো চোৱা চিতা কৰে।
বায়ু প্ৰদূষণ আইন
এই আইনখন ১৯৮১ চনৰ ১৬ মে’ তাৰিখৰ পৰা বলৱৎ কৰা হৈছে। ১৯৮৭ চনত এই আইনখন সংশোধন কৰা হয় আৰু এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহা ব্যৱস্থা কৰা হয়। এই সংশোধিত আইনৰ অৱধিৰ ভিতৰত শব্দকো (প্ৰদূষণ) সামৰা হৈচে।
পৰিবেশ (ৰক্ষা) আইন, ১৯৮৬
পৰিবেশ আৰু ইয়াৰ লগত জড়িত বস্তুবিলাকৰ সুৰক্ষা তথা উন্নতিৰ বাবে এই আইন জাৰি কৰা হৈছে। এই আইনৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক প্ৰৰিবেশৰ উন্নতি আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে। এই আইনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ উন্নয়ন আৰু প্ৰদূষণ ৰোধৰ বাবে পৰিকল্পনা কৰা আৰু ইয়াক কামত খটুওৱা ক্ষমতা থাকিব।
যান-বাহন আইন
এই আইনখন ১৯৮৮ চনত চৰকাৰে কাৰ্যকৰী কৰে।
বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ [Wildlife (prevention) Act 1972]
ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বন্যপ্রাণী সংস্থাৰ (Indian Board of Wildlife, IBWL) পৰামৰ্শ অনুযায়ী ১৯৭২ চনত বন্যপ্ৰাণী (সুৰক্ষা) আইন প্রণয়ন কৰে। এই আইনমতে, বনৰীয়া জন্তুক বন্দী কৰা, গুলীওৱা বা ৰখা, সিহঁতৰ মাংস পৰিবেশন কৰা, বন্যপ্ৰাণীৰ পৰিবহন কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্ৰণ তথা বন্ধ কৰা হৈছে। এই আইন মতে বিপদাপন্ন আৰু বিলুপ্তপ্রায় প্রাণীসমূহক সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।
অৰণ্য (সংৰক্ষণ) আইন, ১৯৮০ (Forest Protection Act 1980)
ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য সুৰক্ষা আইন, ১৯৮০ প্রণয়ন কৰে৷ এই আইন মতে অৰণ্য ভূমিক আন কামত ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন। এই আইনখন ১৯৮৮ চনত সংশোধন কৰা হয়। এই আইমমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে গছ-গছনি কটা নিষিদ্ধ কৰা হৈছে আৰু আইন ভংগকাৰীলৈ কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা ৰখা হৈছে।