গৰুৰ বিষয়ে ৰচনা

পৰিচয়: গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গুৰু এবিধ তৃণভোজী প্ৰাণী। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে কম বেছি পৰিমাণে গৰু দেখিবলৈ পোৱা যায়। কিছুমান দেশত বনৰীয়া গৰুও পোৱা যায়। প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে। পশ্চিমীয় দেশত গৰুবোৰ ডাঙৰ আৰু দীঘল হয়, কিন্তু আমাৰ দেশত গৰুবোৰ বেছি ডাঙৰ দীঘল নহয়। গৰুক সাধাৰণতে দুটা শ্ৰেণীত ভগাব পাৰি। যেনে- মতা আৰু মাইকী গৰু। মতা গৰুক আকৌ তিনিটা ভাগত ভগাব পাৰি, যেনে- দমৰা, ষাঁড় আৰু বলদ।

মতা গৰুক সৰুতে দমৰা বোলে, দমৰাবোৰ শকত-আৱত আৰু ডাঙৰ হ’লে ষাঁড় গৰু বোলে; বলদ বা হালোৱা বুলিও জনা যায়।

মাইকী গৰুক দুই ভাগত ভগাব পাৰি, যেনে- চেঁউৰী আৰু গাই। মাইকী গৰুক সৰুতে চেঁউৰী আৰু পোৱালি দিয়াৰ পিছত গাই গৰু বুলি নাম পায়।

বিৱৰণ: গৰুৰ দুটা চকু, দুটা কাণ, আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ পিছপালে এডাল নেজো আছে। ইয়াৰ সহায়ত সিহঁতে গাত পৰা ডাঁহ, মহ, মাখিবোৰক খেদায়। গৰুৰ ডিঙিত এখন ধুনীয়া গলবিচনী আছে। ইয়াৰ খুৰাবোৰ ফটা। ইয়াৰ গোটেই শৰীৰত চুটি চুটি নোমেৰে ঢকা। এটা প্ৰাপ্ত বয়স্ক গৰুৰ ৩২টা দাঁত থাকে। গৰু বিভিন্ন বৰণৰ আছে, যেনে: বগা, কলা, ৰঙা, মুগা, পখৰা, কজলা আদি। আমাৰ দেশৰ গৰুবোৰৰ আকৃতি কিছু সৰু। প্ৰায় ৪-৫ ফুট মান ওখ আৰু প্ৰায় ৬-৭ ফুট মান দীঘল হয়। শিং নথকা গৰুও থাকে। শিং নথকা গৰুবোৰক লাওমুৰা বুলি কওঁ। দেশী, ভূটীয়া, পশ্চিমীয়া, চিন্ধীয়া আদি বহু প্ৰকাৰৰ গৰু দেখিবলৈ পোৱা যায়।

খাদ্য: গৰু তৃণভোজী প্ৰাণী। গৰুৱে ঘাঁহ, খেৰ, গছৰ পাত, দানা পানী আদি খাই জীয়াই থাকে। ইয়াৰ প্ৰধান খাদ্য হ’ল ঘাঁহ। কিন্তু সিহঁতৰ প্ৰিয় খাদ্য হ’ল কঁঠাল। দিনত ঘাঁহবোৰ খায়, কিন্তু ৰাতি বা জিৰণিৰ সময়ত সেই ঘাঁহবোৰক পাগুলি খায়।

উপকাৰিতা: গৰুৱে আমাৰ অতি উপকাৰী জন্তু। গাই বা মাইকী গৰুৱে আমাক গাখীৰ আৰু পোৱালী দিয়ে। গাখীৰৰ পৰা আমি ঘি, মাখন, দৈ আদি পাওঁ। ইয়াৰ গাখীৰ বৰ পুষ্টিকৰ আৰু কেঁচুৱাৰ কাৰণে আদৰ্শ খাদ্য। কিছুমান মানুহে গৰুক মাংস খাদ্য হিচাপে গ্ৰহণ কৰে। কৃষকে বলধ গৰুৰ সহায়ত পথাৰত হাল বায়। ষাঁড় গৰু আৰু বলধ গৰুৰ যোগেদি গৰু গাড়ী টনায়। গৰুৰ গোৱৰ খেতিৰ কাৰণে উত্তম সাৰ। ইয়াৰ হাড়ৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। কিছুমান মানুহে গৰুক পবিত্ৰ আৰু পূজাও কৰা হয। ইয়াৰ ছালৰ পৰা বেগ, মোনা, পেটী, জোতা, জেকেট আদি তৈয়াৰ কৰা হয়। আৰু খুৰাৰ পৰা আঠা আৰু শিংৰ পৰা ফণি তৈয়াৰ কৰি মানুহে ব্যৱহাৰ কৰে। গৰুৰ চামৰাৰ পৰা বিভিন্ন সামগ্ৰী আৰু বাদ্যযন্ত্ৰ বনোৱা হয়। ইয়াৰপৰিও গৰু গোবৰৰ পৰা গোবৰ গেছ প্ৰস্তুত কৰি বিভিন্ন কামত ব্যৱহিত হয।

সামৰণি: আমাৰ দৈনন্দিন জীৱন সকলো পোহনীয় জন্তুৰ ভিতৰত গৰু আমাৰ আটাইতকৈ উপকাৰী জীৱ। হিন্দু ধৰ্মাৱম্বী লোকসকলে গৰুক পূজা কৰে। আমাৰ অসমীয়া লোকসকলেও দুমাহি দিনা গৰুক গৰু বিহু হিচাপে পালন কৰে। আমি ইয়াৰ যত্নৰে প্ৰতিপালন কৰা উচিত।

1 thought on “গৰুৰ বিষয়ে ৰচনা”

Leave a Comment