কলাখাৰ
কাপোৰ ধোৱা, খোৱা আৰু ঔষধৰ ৰূপত আগৰ দিনত অসমীয়া সমাজত প্ৰচলিত এবিধ খাৰ। ইয়াৰ বাবে এজোপা ভীমকল টুকুৰা টুকুৰকৈ কাটি পাতল পাতল কৰি চকলিয়াই লৈ ৰ’দত শুকাবলৈ দিয়া হয়। তাৰ পাছত জুই লগাই পুৰি কল পটুৱাৰ পোৰা ছাইবোৰ সংৰক্ষণ কৰি ৰখা হয়। এই ছাই পানীত মিহলাই চেকাৰ পাছত যি পানী ওলায় তাক কলাখাৰ বোলে। ইয়াৰে কাপোৰ ধুলে কাপোৰ চাফা হয়। তদুপৰি হজম শক্তি বৃদ্ধিত, স্বৰভংগ আদি ৰোধতো ঔষধ হিচাপে এসময়ত ইয়ৰ বহুল ব্যৱহাৰ আছিল।
খাৰৰ অপকাৰিতা
খাৰৰ উপকাৰ বহুতো আছে, কিন্তু ইয়াৰ অপকাৰিতা আছে, ইয়াৰ অপকাৰিতাসমূহ তলত দাঙি ধৰিলোঁ।
ক) কলাখাৰ খাদ্য ভিন্ন বেমাৰীয়ে খাব নোৱাৰি, কিছুমান বেমাৰ ডাক্তৰক সুধি কলাখাৰৰ খাদ্য খাব লাগে।
খ) অতিমাত্ৰা কলাখাৰ খাদ্য ব্যৱহাৰ কৰিলে ই খাদ্যৰ সোৱাদ নষ্ট কৰাৰ লগতে পুষ্টিগুণো কিছু পৰিমাণে নাশ কৰে৷
গ) কেঞ্চাৰৰ ৰিস্ক আৰু ভাৰতীয় খাদ্যৰ ওপৰত হোৱা আলোচনাত কেইজনমান বিশেষজ্ঞই কলাখাৰ দৈনিক ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা প্ৰকাশ কৰিছে।