অ মোৰ আপোনাৰ দেশ lyrics | O Mur Apunar Desh lyrics

অ’ মোৰ আপোনাৰ দেশ

জাতীয় সংগীত

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ ।

অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক’তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।

FAQ

১. অ মোৰ আপোনাৰ দেশ কত প্ৰকাশ পাইছিল?

১৯১০ চনৰ মে’ মাহত ‘বাঁহী’ আলোচনীত ‘অ’ মোৰ অপনাৰ দেশ’ কবিতাটো প্ৰকাশ পাইছিল। এই কবিতাটো কৃপাৱৰ বৰুৱা ছদ্মনামেৰে প্ৰকাশ পাইছিল। আৰু ১৯১৩ চনত ‘কদমকলি’ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।

২. অ মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল?

‘অ মোৰ আপোনাৰ দেশ’ কবিতাটি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। এয়া অসমৰ জাতীয় সংগীত।

৩. অ মোৰ আপোনাৰ দেশ কোনে সুৰাৰোপিত কৰিছিল?

‘অ মোৰ আপোনাৰ দেশ’ কমলা প্ৰসাদ আগৰৱালাই সুৰাৰোপিত কৰিছিল।

৪. অ মোৰ আপোনাৰ দেশ স্বৰলিপি

Leave a Comment