গাহৰি পালন পদ্ধতি
সাধাৰণতে গাহৰি পালনত তিনিটা পদ্ধতিটোকে কৰিব পাৰি।
ক) মুকলি পদ্ধতিঃ এই পদ্ধতিত গাহৰিবিলাক মুকলিত বান্ধি ৰাখি বা না বন্ধাকৈ এৰি তাতে খোৱা-বোৱাৰ ব্যৱস্থা কৰা হয়। গ্ৰাম্যাঞ্চলত এটা-দুটা গাহৰি পালনৰ বাবে এই পদ্ধতিকে ব্যৱহাৰ কৰা হয়।
খ) আৱদ্ধ পদ্ধতিঃ এই পদ্ধতিত গাহৰিক গড়ালত সম্পূৰ্ণভাৱে আবদ্ধ কৰি ৰখা হয় আৰু দানাৰ ব্যৱস্থা তাতে কৰা হয়। বৈজ্ঞানিক ভাৱে গাহৰি পালনৰ বাবে এই পদ্ধতি উপযুক্ত আৰু প্ৰজনন পাম খুলিলে এই পদ্ধতি বিশেষ ভাৱে ব্যৱহাৰ হয়।
গ) আধা আবদ্ধ পদ্ধতিঃ এই পদ্ধতি মুকলি আৰু আবদ্ধ পদ্ধতিৰ মাজত পৰে। ইয়াত থকা-খোৱাৰ বাবে গড়ালৰ ব্যৱস্থা কৰা হয় যদিও মাজে মাজে গাহৰিবোৰ এৰি দি মুকলি পথাৰত চৰোৱা হয়।
এতিয়া তলত উল্লেখিত কথা কেইটাৰ ওপৰত নিৰ্ভৰ কৰি গাহৰি পালনৰ বাবে যিকোনো এটা পদ্ধতি বাচি লব পাৰি। কথা কেইটা হ’ল-
- মাটি-বাৰীৰ উপলব্ধিতা।
- গাহৰি পামৰ আকাৰ, যিকোনো গাহৰি পুহিব আদি।
- পাম খুলিব লগা ঠাই খিনিৰ বতৰৰ অৱস্থা।
- পুহিব লগা গাহৰিৰ প্ৰকাৰ বা জাত।
- গাহৰি পামৰ প্ৰকাৰ-মাংস উৎপাদন পাম নে পাজনন পাম বা পোৱালী উতপাদন পাম।
গাহৰি পামৰ বাবে স্থান নিৰ্বাচন
গাহৰি পাম খোলাৰ বাবে স্থান বাচনি কৰোতে তলত উল্লেখিত বিষয়বোৰ বিবেচনা কৰিব লাগে-
১. বজাৰঃ- গাহৰি, গাহৰিৰ মাংস, ইহঁতৰ খাদ্য, আহিলা, সা-সৰঞ্জাম আদি সামগ্ৰীৰ ক্ৰয়-বিক্ৰীৰ কাৰণে এখন সংহত, সুস্থিৰ আৰু নিয়মীয়া বজাৰৰ প্ৰয়োজন।
২. বসতিস্থলঃ- গাহৰিবোৰক যদি মুকলি ঘাঁহনি বা পথাৰত চৰিব দিয়া হয়, তেন্তে মানুহৰ বসতিস্থলৰ পৰা দূৰত পামখন বনোৱাতো ভাল। কিন্তু গাহৰি আবদ্ধ পদ্ধতিত পুহি পাম ঘৰৰ ভিতৰতে ৰাখিলে পামখন ঘৰৰ পৰা বৰ দূৰত নৱনালেও হয়।
৩. পথঃ- পাম সদায় মূল পথৰ পৰা সামান্য আঁতৰত কিন্তু বেছি দূৰত হোৱা অনুচিত।
৪. মাটিৰ ধৰণঃ- নিৰ্বাচিত মাটিডোখৰ সদায় ওখ, সমতল আৰু ৰ’দ ঘাই হ’ব লাগে।
৫. মুকলি ঠাইঃ- পাম ঘৰৰ কাষত মুকলি ঠাই অকনমান থাকিলে ভাল, যাক গাহৰিৰৰ ব্যায়াম কৰোৱাৰ বাবে আৱশ্যেক হয়।
৬. পানীঃ- বিশুদ্ধ পানীৰ উৎস পামৰ এক গুৰুত্বপূৰ্ণ আৱশ্যকতা।
৭. বতাহ চলাচলঃ- ঠাইডোখৰ মুকলি সাকলি আৰু বতাহ চলাচলৰ সুবিধা থকা হ’ব লাগে।
৮. খাদ্যঃ- ওচৰতে প্ৰাকৃতিকভাৱে গজা বনজ খাদ্য পোৱা, পেলনীয়া খাদ্যবস্তু আদি সংগ্ৰহ কৰাৰ সুবিধা থকা হ’লে ভাল।
৯. উদ্যোগৰ অৱস্থানঃ- বিষাক্ত গেছ নিৰ্গত হোৱা উদ্যোগৰ কাষত এনে পাম বনাব নালাগে।
১০. নিষ্কাষণ ব্যৱস্থাঃ- পাম পৰিস্কাৰ কৰোতে ওলোৱা মল-সুত্ৰৰ ভালকৈ নিষ্কাষণ হোৱাৰ ব্যৱস্থা থাকিব লাগে।
গাহৰিৰ ঘৰঃ-
- গাহৰিৰ বাবে বৰ বেছি দামী ঘৰ বা আহিলাৰ দৰকাৰ নহয়, কিন্তু ইহঁতে যাতে অত্যন্ত গৰম, চেঁচা, সেমেকা আদি প্ৰকোপত নপৰে তালৈ লক্ষ্য ৰাখি ঘৰটো বনাব লাগে।
- ঘৰচো বাহ-বেত, খেৰ আদিৰে যথাসম্ভৱ কম খৰচতে সাজিব লাগে, কিন্তু ঘৰৰ বিভিন্ন অংশ যাতে মজবুট হয় তাৰ প্ৰতি চকু দিব লাগে।
- ঘৰৰ মজিয়াখন শুকান, পকা, খহতা আৰু এফালে এঢলীয়া হ’ব লাগে।
- ঘৰৰ ছালত খেৰ ধানৰ নৰা, টকৌপাত আদি লগাব লাগে, যাতে ঘৰটো সহজে গৰম নহয়।
- গাহৰি ঘৰৰ বেৰবোৰ ৮-৫ ফুট উচ্চতাৰ হ’ব লাগে। তাৰে ৩-৪ ফুট ইটাৰে বনাই ওপৰৰ এফুটত এক ইঞ্চি ব্যাসৰ লোৰ ৰদ বা পাইপ লগাই দিব লাগে। বেৰবোৰ শক্তি শালী আৰু মিহি হ’ব লাগে।
- ঘৰটোৰ বেৰত পকাৰে দানা-পানীৰ পাত্ৰ বনাই ল’ব লাগে।
- পকাৰ মজিয়াৰ এঢলীয়াকৈ ৰখা ফালে এটা নলাৰ ব্যৱস্থা কৰিব লাগে যাতে মজিয়া ধুলে সেইফালে পানী ও মল-মূত্ৰবোৰ ওলায় যায়। ওচৰত পুখুৰী থাকিলে নলা পুখুৰীৰ লগত সংযোগ কৰি দিব লাগে, যাতে মল-মূত্ৰবোৰ মাছৰ হিচাপে ব্যৱহাৰ হয়।
- বাঢ়নীয়া অৱস্থাৰ গাহৰি একোটাক গাড়ে ১০-১৫ বৰ্গফুট, আদহীয়া অৱস্থাৰ একোটা গাহৰীক ৩০-৪০ বৰ্গফুট, মতা ঘাই গাৰি একোটাক ১০০ বৰ্গফুট আৰু একোজনী গাভিনী গাহৰিক গড়ে ১০০ বৰ্গফুট পৰিমাণ মজিয়াৰ দৰকাৰ হয়। আবদ্ধ পদ্ধতিৰে ৰাখিলে ওপৰত উল্লেখিত সম পৰিমাণৰ জেগা প্ৰতিটো গাহৰিৰ বাবে গড়ালৰ বাহিৰত বেৰি দিব লাগে।
- একোটা কোঠাত ১০ টা পৰ্যন্ত বাঢ়নীয়া গাহৰি পাৰি। কিন্তু মতা ঘাই গাহৰি আৰু গাভিনী গাহৰি এটা কোঠাত একাকৈহে ৰাখিব লাগে।
- পোৱালী জগোৱা কোঠাৰ এফালে এডোখৰ আচুতীয়া ঠাই ৰাখিব লাগে যত মকজনী সোমাব নোৱাৰে। বেৰৰ পৰা ৯ ইঞ্চি আতৰত আৰু মজিয়াৰ পৰা ৯ ইঞ্চি উচ্চতাত এডাল বাঁহ, কাঠ বা লোৰ পাইপ দীঘে দীঘে লগাই দি এি ঠাইখিনি তৈয়াৰ কৰিব লাগে।
- গাহৰিৰ ঘৰটোৰ দিশ দীঘলীয়াকৈ উত্তৰা-দক্ষিণা হোৱা উচিত, যাতে আগবেলা ঘৰটোৰ এফালে আৰু পিছবেলা ভালদৰে ৰদ পৰি ঘৰটো শুকান হৈ থাকে।
গাহৰিৰ জাতঃ-
অসমৰ জলবায়ুৰ লগত সহজে খাপ খব পৰা ব্যৱসায়িকভাৱে পুহিব পৰা গাহৰি জাত কেইটা হৈছে-
১. হেম্পচায়াৰ(Hampshire)- ইহঁতৰ ৰং কলা। বুকুৰ অংশ আৰু আগভৰি দুটা সামৰি এডাল বগা ৰঙৰ পটী থাকে। ইহঁতৰ কান দুকন চুটি আৰু ঠিয় হয়।
২. লাৰ্জ ব্লেক(Large Black)- এই জাতৰ গাহৰিৰ ৰং সম্পূৰ্ণ কলা আৰু কান দুখন তকুৰ ওপৰত পৰা। শৰীৰ দীঘলীয়া আৰু আঁটিল।
৩. ইৰ্য়কচায়াৰ(Yorkshire)- বগা ৰঙৰ গাহৰিত কেতিয়াবা সামান্য কলা ৰঙৰ ফুট বা দাগ থাকিব পাৰে। ইহঁতৰ কান দুখন ঠিয় হয়।
৪. লেণ্ডৰেচ(Landrace)- ইহঁতৰ বৰণ বগা আৰু দহটো সামান্য দীঘলীয়া আৰু কাণ দুখন চকুৰ ওপৰেদি হালি যোৱা।
৫. ঘূংগুৰু(Ghungroo)- কলা বৰণৰ গাহৰিৰ এই জাতটো পশ্চিম বংগত উৎপত্তি হোৱা। ইয়াৰ মুখকন চুটি আৰু বৃদ্ধিৰ হাৰ খৰটকীয়া হয়।
৬. টি এণ্ড ডি(T&D)- কলা ৰঙ এই জাতটো ঝাৰখণ্ডত উৎপত্তি হোৱা। তুলনামূলকভাৱে নতুন এই জাতটোৰ বৃদ্ধিৰ হাৰ ভাল আৰু কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।
পামৰৰ বাবে গাহৰি নিৰ্বাচনঃ
মাংস উতপাদনৰ বাবে যাদি গাহৰি পোহা হয় আৰু প্ৰতিবাৰতে যদি বেলেগ বেলেগ উৎসৰ পৰা নতুন পোৱালী কিনা হয় তেন্তে লক্ষ্য কৰিব লগা কথা কেইটা হৈছে-
- পোৱালীৰ বয়স দুমাহৰ ওপৰত হ’ব লাগে।
- পোৱালী নিৰোগী, সতেজ, স্বাস্থ্যৱান হ’ব লাগে।
- সিহঁতৰ মাক-বাপেকৰ বৃদ্ধি খৰতকীয়া হ’ব লাগে।
- বাহ্যিক অংগসমূহ ঠিকমতে থাকিব লাগে।
- যিহেতু মতা গাহৰিৰ বৃদ্ধি তুলনামূলকভাৱে বেছি, সেয়ে কিনাৰ সময়ত মতা গাহৰিক অগ্ৰাধিকাৰ দিব লাগে।
প্ৰজমমৰ বাবে গাহৰি নিৰ্বাচনঃ
ক) মাইকী গাহৰিৰ নিৰ্বাচনঃ
- বয়স কমেও চাৰি মাহ হ’ব লাগে আৰু বহুত বয়সীয়াল হ’ব নালাগে।
- আকাৰ আৰু ওজন বয়সৰ আনুপাতিক হ’ব লাগে।
- মাকৰ প্ৰজনন ক্ষমতা বেছি থাকিব লাগে।
- দেকাত মাকী গাহৰিৰ দৰে সৰু ডিঙিৰ, সক্ৰিয় আৰু উজ্জ্বল চকুৰ হ’ব লাগে।
- নূন্যতম ছয়যোৰ স্তন থকা হ’ব লাগে আৰু স্পষ্ট হ’ব লাগে।
- ভৰিসমূহ শক্তিশালী, যথাসম্ভৱ দীঘল আৰু চাৰি ভৰিৰ ওপৰত সঠিকভাৱে থিয় দিব পৰা হ’ব লাগে।
- গাহৰিজনী নিৰোগী হ’ব লাগে, ছালখন কোমল আৰু নোমবোৰ মিহি হ’ব লাগে।
- গাহৰিজনীৰ ওচৰলৈ মানুহ গলে চক্ খাই উঠা ধৰণৰ নালাগে, যি গৰ্ভাৱস্তাৰ বাবে ক্ষতিকাৰক হয়।
- আগঠেঙৰ পিছৰ অংশ অৰ্থাৎ Heart Girth ডাঙৰ হ’ব লাগে।
খ) মতা গাহৰিৰ নিৰ্বাচনঃ
- বয়স ৬ মাহ মানৰ ওপৰত হ’ব লাগে, অৰ্থাৎ মাইকী গাহৰিতকৈ বয়স নূন্যতম ২ মাহ মান বেছি হ’ব লাগে কিন্তু বুঢ়া হ’ব নালাগে।
- মাইকী গাহৰি বিলাকৰ সৈতে একে মাকৰ হ’ব নালাগে।
- প্ৰজনন অংগ অস্পষ্ট বা কোনো অণ্ডকোষ নথকা হ’ব নালাগে।
- ভৰি কেইখন শক্তিশালী তথা সঠিক হোৱা উচিৎ।
- পুৰুষ যেন গাম্ভীৰ্যতা থাকিব লাগে। ডিঙি অংশ ডাঙৰ, শক্তিশালী আৰু দেখিলেই মতা যেন লাগিব লাগে।
- সহজতে ভয় খোৱা আৰু শান্ত প্ৰকৃতিৰ হ’ব নালাগে।
- দেহৰ ছালখনত কোঁচ নথকা, কোমল, নিমজ আৰু নোমবোৰ মিহি আৰু সমান হ’ব লাগে।
গাহৰিৰ প্ৰজননঃ
- উন্নত জাতৰ বা বৰ্ণসংকৰ গাহৰি পোৱালীক ভালদৰে খাদ্য যোগান ধৰিলে ৬-৮ মাহ বয়সত (৫০ কিঃ গ্ৰাম ওজন হোৱাৰ পাছত) পূৰ্ণতা পায় আৰু প্ৰজননৰ উপযোগী হয়।
- মতা গাহৰি পোৱালীবোৰ ৮-১০ মাহ মানত প্ৰজননৰ উপযোগী হয় আৰু প্ৰজননৰ ২-৩ মাহ আগৰ পৰা ইহঁতক বেলেগে ৰাখিব লাগে।
- মাইকী গাহৰি পোৱালীক প্ৰথমত আহোতে প্ৰজনন কৰাব নালাগে, তিনি নম্বৰ বাৰ গৰমত আহোতেহে প্ৰজনন কৰাব লাগে
- সচৰাচৰ গাহৰি প্ৰতি ২০-২১ দিনৰ মূৰে মূৰে গৰমত আহে আৰু ই এদিনৰ পৰা তিনিদিন পৰ্য্যন্ত থাকে। এদিনৰ বাবে গৰমত থকা গাহৰিক দিনটোৰ শেষৰ ফালে দুদিনৰ বাবে গৰমত থাকিলে দ্বিতীয় দিনৰ প্ৰথম ভাগত আৰু তিনি দিনৰ বাবে গৰমত থাকিলে দ্বিতীয় দিনৰ প্ৰথম ভাগত আৰু তৃতীয় দিনটোতো এবাৰকৈ প্ৰজনন কৰাব লাগে।
গাহৰি গৰম হোৱাৰ লক্ষণঃ
- গাহৰি জনীৰ বাহ্যিক জননাংগ ফুলি উঠে, ৰঙা পৰে আৰু গৰম হৈ থাকে।
- যোনীদ্বাৰৰ পৰা ডাঠ তৰুল পদাৰ্থ ওলায়, খোৱা-বোৱাৰ পৰিমাণ কমি যায়।
- গাহৰিজনী চঞ্চল হৈ উঠে আৰু মাজে মাজে এক সুকীয়া বিশেষ ধৰণৰ মাত দিয়ে। আন মতা বা মাইকী গাহৰিৰ জননাঙ্গত নাক লগায় আৰু গাত উঠিবলৈ চেষ্ঠা কৰে।
- গাহৰিজনীয়ে বেৰত পিঠিখনৰ পিছ অংশটো সামান্য হেচা মাৰি ধৰি শান্ত হৈ ৰৈ থাকে যাতে অন্য গাহৰি সহজেই ইয়াৰ গাত উঠিব পাৰে।
- গাহৰিজনী গৰম হোৱাৰ শীৰ্ষতম মূহূৰ্ত্তত যিকোনো প্ৰকাৰে মতা গাহৰিক গ্হণ কৰিবৰ বাবে সাজু হৈ থাকে। এনে গাহৰিৰ পিঠিৰ পিছত অংশত সামান্যভাৱে স্পৰ্শ কৰিলেই ই প্ৰজননৰ বিশেষ ভংগীমাত ৰব।
গাহৰিৰৰ প্ৰজননৰ সময়ত মনত ৰাখিবলগীয়া কথাঃ
- গাহৰি গৰম হ’লে গাহৰিৰ জাকটোৰ লগত মতা গাহৰিটো এৰি দিব নালাগে। পাল দিয়াৰ নিৰ্দিষ্ট ব্যৱস্থা লৈ অকলশৰে এটা কোঠাত এৰি দিব লাগে।
- এজনী গৰম গাহৰিৰ বপৰীতে এটাতকৈ বেছি মতা গাহৰি লগাব নালাগে।
- প্ৰজননৰ বাবে ব্যৱহাৰ কৰা মতাটো অতি কম বয়সীয়া আৰু বৰ বুঢ়া হ’ব নালাগে।
- মতা গাহৰিটোক দিনটোত এবাৰ মাত্ৰ পাল দিবৰ বাবে ব্যৱহাৰ কৰিব লাগে।
- মাইকী গাহৰিকো এবাৰ পাল দিলেই হয় যদিও তিনদিনমান গৰমত থাকিলে তৃতীয় দিনা আৰু এবাৰ প্ৰজনন কৰাব পাৰি। দুয়ো বাৰতে একেটা মতাকে ব্যৱহাৰ কৰিব লাগে।
- মতাটোক দানা খুৱাবৰ পাছতেই প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব নালাগে। দনাৰ দিয়াৰ আগতে বা দানা দিয়াৰ যথেষ্ট ব্যৱধানতহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব লাগে।
গাভিনী গাহৰিৰ যতন
১। গাহৰিৰ গৰ্ভধাৰণ কাল ১১৪ দিন (৩মাহ ৩ সপ্তাহ ৩ দিন)। গৰ্ভাৱস্থাৰ শেষৰ এমাহ মান সময় ভালদৰে যতন ল’ব লাগে।
২। গাহৰিজনী অন্য গাহৰিৰ লগত ভাকত নাৰাখি অকলসৰীয়াকৈ ৰাখিব লাগে, যাতে অন্যৰ লগত কাজিয়া নকৰে।
৩। বহুদূৰ খোজ কঢ়া, জপিওৱা বা সৰু জেগা বা ফুটাৰে সৰকিবলৈ বাধ্য কৰাব নালাগে।
৪। জগাৰ ৩ সপ্তাহ মান আগতে এপালি পেলুৰ দৰৱ খুৱাব লাগে।
৫। এই অৱস্থাত গাহৰিজনীৰ বাবে প্ৰতিদিনে অলপ সময়ৰ কাৰণে ব্যয়ামৰ ব্যৱস্থাৰ কৰিব লাগে।
৬। গ্ৰভাৱস্থাৰ শেষৰ ফালে খাদ্যৰ পৰিমাণ বঢ়াই দি যথেষ্ট প্ৰটিন জাতীয় খাদ্য (মাছৰ গুড়ি, পেলনীয়া মাংস খলিহৈ আদি) দিব লাগে আৰু বেছি চৰ্বি থকা খাদ্য দিব নালাগে।
৭। দানাত অলপ খনিজ লবন যেনে- কেলছিয়াম, ফচ্ফৰাছ আয়োডিন, লৌহ মৌল আৰু ক আৰু ঙ খাদ্যপ্ৰাণ(Vitamin A and E) যোগান ধৰিলে ভাল।
৮। পোৱালী দিয়াৰ এসপ্তাহমান আগৰ পৰা এটা আহল বহল পৰিস্কাৰ কোঠাত ৰাখিব লাগে। এই কোঠালৈ অনাৰ আগতে গাহৰিজনীকো পটাচ পানী বা নিমপাত সিজোৱা পানীৰে ভালদৰে চফা কৰি লব লাগে।
৯। জগাৰ সম্ভাৱনা থকা দিনটোৰ তিনিদিন মান আগৰ পৰা দানাত সহজে হজম হোৱা ঘেহুঁৰ ভূমি জাতীয় উপাদানৰ পৰিমাণ বঢ়াই দিব লাগে।
১০। শেষৰ দুদিনত দানাৰ পৰিমাণ কমাই দিব লাগে।
১১। পোৱালী জন্মৰ ১২ ঘণ্টা মান আগৰ পৰা গাহৰিজনীয়ে বাঁহ বনাবৰ চেষ্টা কৰে। সেয়ে এইখিনি সময়ত পাৰিলে ধানখেৰ, বস্তা আদি ৰাখিব লাগে।
১২। অতিপাত ঠাণ্ডা হ’লে কৃত্ৰিম ভাবে তাপৰ ব্যৱস্থা কৰিব লাগে।
১৩। পোৱালী জন্মৰ ১২-১৪ ঘণ্টাৰ ভিতৰত দানা খাবলৈ নিদিয়া ভাল। কুহুমীয়া গৰম পানী পৰ্য্যাপ্ত পৰিমাণে খুৱাব লাগে। বৰকৈ দানা বিচাৰিলে অলপ ঘেহুঁৰ ভূচি জাতীয় দানা দিব লাগে।
১৪। পোৱালী দিয়াৰ শেষ হ’লে গাহৰিজনী পিছফালৰ অংশ আৰু ওহাৰখন পটাছ পানী বা নিমপাট সিজোৱা পানীৰে ভালদৰে ধুই দিব লাগে।
সদ্যজাত পোৱালীৰ যতন
১. পোৱালী জন্মৰ সময়ত এজন ৰখীয়াই ভালদৰে নিৰীক্ষণ কৰি থাকিব লাগে আৰু ওলোৱাৰ লগে লগে প্ৰতিটো পোৱালীক এখন কোমল, চফা আৰু শুকান কাপোৰেৰে পৰিস্কাৰ কৰি শুকান ঠাই এটুকুৰাত ৰাখিব লাগে।
২. পোৱালী জন্মৰ সময়ত এজন ভালদৰে নিৰীক্ষণ কৰি থাকিব লাগে আৰু ওলোৱাৰ লগে লগে প্ৰতিটো পোৱালীক এখন কোমল, চফা আৰু শুকান কাপোৰেৰে পৰিস্কাৰ কৰি শুকান ঠাই এটুকুৰাত ৰাখিব লাগে।
৩. পোৱালীৰ নাভিত লাগি থকা নাৰীডাল ১-২ ইঞ্চিমান আঁতৰত কাটি পেলাব লাগে আৰু তাত টিনচাৰ আয়োডিন লগাই দিব লাগে। নাৰী কাটিবলৈ ব্যৱহাৰ কৰা ব্লেড বা কেঁচীখনো টিনচাৰ আয়োডিনেৰে চফা কৰি লব লাগে।
৪. পোৱালী দিয়া তথা মাক আৰু পোৱালীক পৰিস্কাৰ কৰা সম্পূৰ্ণ হোৱাৰ পাছতে পোৱালীক মাকৰ ফেহু খুৱাব লাগে। ই অতি পুষ্টিকৰ, সেয়ে সকলো পোৱালীয়ে যাতে সমভাৱে খাবলৈ পায় তাক নিশ্চিত কৰিব লাগে।
৫. ফেহু তথা গাখীৰ সমভাৱে খুৱাবলৈ আৰু বাঁহটোৰ সৰু পোৱালীকেইটাক বেছিকৈ খুৱাবলৈ সিহঁতক মাকৰ বুকুৰ ফালৰ বাত কেইটাত আৰু সৱল ডাঙৰ পোৱালী কেইটাক পিছফালৰ বাত কেইটাত খাবলৈ দিব লাগে।
৬. পোৱালীৰ বেজি দাঁতবোৰ জন্মৰ পিছদিনাই দাঁত কঠা কাটি পেলাব লাগে। অন্যথাই সেইবোৰে মাকৰ গুহাৰত ঘাঁ লগাই নিজৰ মাজতে আঘাতপ্ৰাপ্ত হয়।
৭. মাকৰ গাৰ হেচাত পৰি যাতে পোৱালীয়ে দুখ নাপায় আৰু মৃত্যু নহয় তাৰবাবে গড়ালটোত অলপ জেগা বেৰি দিব লাগে য’ত সিহঁত সোমাব পাৰে কিন্তু মাক সোৱাব নোৱাৰে।
৮. পোৱালীৰ সংখ্যা অনুপাতে মাকক অতিৰিক্ত দানা দিব লাগে আৰু দুসপ্তাহ বয়সৰ পোৱালীক তোলনীয়া দানা খাবলৈ দিব লাগে।
৯. ৰক্তহীনতা ৰোগৰ প্ৰতিবোধৰ বাবে ৪ দিন আৰু ১৪ দিন বয়সত লৌহ মৌলৰ(ইনফেৰণ) বেছি দিয়াব লাগে।
১০. সচঁৰ বাবে নলগা মতা পোৱালীক ১-২ মাহ বয়সত খাহী কৰাব লাগে।
প্ৰজননৰ বাবে ৰখা মতা গাহৰিৰ যতন
- এনে গাহৰিক অকলশৰে ওখ বেৰৰ (৫ খুট উচ্চতাৰ) গড়ালত ৰাখিব লাগে। সৰু গাহৰিৰ লগত ৰাখিব নালাগে।
- বেছি প্ৰটিন যুক্ত অথচ কম চৰ্বিযুক্ত আৰু অধিক ‘ক’ খাদ্যপ্ৰাণ যুক্ত খাদ্য দিব লাগে।
- কম বয়সীয়া মতা গাহৰিক অলপ বয়সীয়া অভিগ্ৰতা থকা মাইকী গাহৰিৰ লগত প্ৰজনন কৰাব লাগে।
- দিনটোত এবাৰহে প্ৰজনন কৰাব লাগে। পৰাপক্ষত এসপ্তাহত তিনিবাৰ মানহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব লাগে।
- দানা খুৱাৰ পাছতে প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব নালাগে। ওজন বেছি হৈ গ’লে (১০০ কিঃ গ্ৰামৰ অধিক) খাদ্যৰ পৰিমাণ কমাই দিব লাগে।
- সৰু আকাৰৰ মাইকী গাহৰিৰ সৈতে ডাঙৰ মতাৰ প্ৰজনন কৰাবলৈ প্ৰজননসজা (Breeding Crate) ব্যৱহাৰ কৰিব পাৰি।
- নিয়মিত ভাবে গা ধুৱাই চফা কৰিব আৰু ভৰিত দীঘল নোম থাকিলে সেইবোৰ সৰু সৰু কৈ কাটি থাকিব লাগে।
গাহৰিৰ খাদ্য
গাহৰিয়ে সকলো ধৰণৰ খাদ্যকে খায়। বিভিন্ন শাক পাচলিকে ধৰি পেলনীয়া খাদ্য বস্তুবোৰক ইহঁতৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। বজাৰত গাহৰিৰ বাবে সুষম দানা কিনিবলৈ পোৱা যায়। কিন্তু ইয়াৰ দাম বৰ বেছি আৰু ইয়াৰ উপাদানবোৰৰো বিশ্বাসযোগ্যতা কম হয়। সেয়ে ঘৰতে বা স্থানীয় ভাবে উপলব্ধ উপাদান যেনে তুঁহ গুৰি, মাকৈ, চাপৰ, মাছৰ গুড়ি, চাউলৰ মল আদি ব্যৱহাৰ কৰি ঘৰতে এই সুষম দানা তৈয়াৰ কৰি ল’ব লাগে।
বিভিন্ন বয়সৰ গাহৰিৰ দানা প্ৰস্তুতি কৰোতে উপাদানবোৰ অনুপাত তলত দিয়া ধৰণে ৰাখিব পাৰি।
গাভিনী গাহৰিক প্ৰায় আঢ়ৈ মাহ পিছৰ পৰা খাদ্যৰ ক্ষেত্ৰত বিশেষ যতন ল’ব লাগে। কিয়নো এই সময়ত গাহৰিজনীৰ নিজৰ পৰিপুষ্টিৰ বাবে অধিক খাদ্যৰ দৰকাৰ হয়।
পিয়ন দিয়া গাহৰিক আদহীয়া গাহৰিৰ বাবে প্ৰস্তুত কৰা দানাই যথেষ্ট। প্ৰতিটো পোৱালীৰ বাবে ২০০ গ্ৰামকৈ অতিৰিক্ত দানা খুৱাব লাগে। দহতা পোৱালী দিয়া এজনী গাহৰিক মুঠ ৫-৬ কিলো গ্ৰাম দানা দিব লাগে।
সঁচৰ মতা গাহৰিকো আদহীয়া গাহৰিৰ দানা দিলেই হয়। এটা গাহৰিক দিনে ২.০-২.৫ কিঃ গ্ৰাম দানাৰ প্ৰয়োজন। ১০০ কিলো গ্ৰামৰ ওপৰত ওজন হোৱা গাহৰিক দানাৰ পৰিমাণ কমাই দিব লাগে।
জগাৰ-দুসপ্তাহমান পিছৰ পৰা পোৱালীক অলপ অলপ দানা খুৱাব লাগে যাতে, সোনকালে সিহঁতক মাকৰ পৰা পৃথক কৰিলেও দেহৰ গঠন ভাল হয় আৰু বিশষে ক্ষতি নহয়।
গাহৰিৰ খাদ্যত ব্যৱহৃত অপৰম্পৰাগত উপাদান সমূহ
গাহৰিৰ খাদ্যৰ নাটনিৰ লগতে যিখিনি পোৱা যায় সেইবোৰৰো দৈনিক মূল্য বৃদ্ধিয়ে গাহৰি পালনত অসুবিধাৰ সৃষ্টি কৰিছে। গতিকে ঠাইবোৰত স্থানীয় ভাবে পোৱা উপাদান বোৰৰ উপৰি পৰম্পৰাগত ভাৱে ব্যৱহাৰ নোহোৱা খাদ্য বস্তু খুৱাই খাদ্যত হোৱা ব্যয়ৰ পৰিমাণ কমাব পাৰি। গাহৰিক খুৱাব পৰা এনে এটা উপাদান হৈছে- কল গছ। ইয়াৰ পৰা পোৱা পকা কল পোনে পোনে আৰু কেতাকল ও কলপাত, বাকলি, গা-গছ আদি সিজাই দানাৰ লগত দিব পাৰি। তেনেদৰে কেচা ও পকা অমিতা, অমিতা বাকলি, ফুলকবি, ওলকবি, বন্ধা কবিকে ধপৃৰি বিভিন্ন শাক-পাচলিবোৰ, ৰদত শুকুৱাই লোৱা পানী মেটেকা, আলু, মিঠা আলু, শিমলু আলু, কচু, কচুৰ গছ, কলমৌ, বিভিন্ন লতা জাতীয় গছ আৰু ইয়াৰ পাত, বিলাহি আৰু সাল, আজাৰ আৰু নাহৰৰ গুটি আদি কম পৰিমাণত অন্য খাদ্যৰ লগত সিজাই খুৱাব পাৰি। পাট, এড়ি বা মুগা পলুৰ লেটা, ব্ৰইলাৰ বা অন্য কুকুৰা কাটোতে ওলোৱা অৱশিষ্ট অংশবোৰ আৰু ইহঁতৰ নাৰী ভেৰু আদি ভালদৰে চফা কৰি সিজাই খুৱালে গাহৰিয়ে যথেষ্ট প্ৰটিন বা মাংসহাৰ পায়। কঠাল, মাটি কঠাল, আম, মধুৰি আৰু অন্যান্য ফল-মুল আৰু সেইবোৰ খাওঁতে ওলোৱা বাকলি বা অৱশিষ্টবোৰ, ৰান্ধনি ঘৰ বা হোটেলত ওলোৱা বিভিন্ন শাক-পাচলিৰ অৱশিষ্টবোৰ গাহৰিৰ দানাত মিহলাই সিজাই খুৱাব পাৰি।
এনেদৰে ঠাই বিশেষে ওপলব্ধ বিভিন্ন দানাৰ উপাদানবোৰ ব্যৱহাৰ কৰোতে এা কথাত বিশষে সাৱধাৱ হ’ব লাগে যে, কোনো উপাদানকে একেবাৰতে বা এদিনতে সলাই পেলাব নালাগে। অলপ অলপকৈ আৰম্ভ কৰি নিৰ্দ্দিষ্ট উপাদানটো লাহে লাগে বঢ়াই যাব লাগে আৰু অপৰম্পৰাগত উপাদানবোৰ পৰাপক্ষত সদায় সিজাই (১০০. ছেণ্টিগ্ৰডত ১০ মিনিটৰ বাবে) খুৱাব লাগে আৰু উপাদান বিশেষে ইয়াৰ পৰিমাণ মুঠ দানাৰ ৫-২৫ শতাংশ মাননহে ব্যৱহাৰ কৰিব লাগে।