সাধাৰণতে সাহিত্য বুলিলে কিছুমান কিতাপক বুজায়। কিন্তু কিতাপ মাত্ৰেই মানুহক আকৰ্ষণ কৰিব পাৰে, সেইখনকহে সাহিত্য বুলিব পাৰি। সাহিত্যই সকলো শ্ৰেণীৰ মানুহকে আনন্দ দিব পাৰে। যিবোৰ কিতাপে কেৱল কোনো নিৰ্দিষ্ট শ্ৰেণীৰ লোককহে আনন্দ দিয়ে, যিবোৰ কিতাপ সাহিত্যৰ ভিতৰত নপৰে। সাহিত্যৰ সম্বন্ধ ঘাইকৈ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগত। গতিকে ভাষাৰ মাধ্যমেৰে জীৱনৰ প্ৰকাশেই হ’ল সাহিত্য।
সেয়ে সাহিত্যৰ গুণাগুণ সম্পৰ্কে আলোচনা কৰিলে দেখা যায় মানৱ জীৱন আৰু কাৰ্যাৱলীৰ লগত সাহিত্যৰ সম্বন্ধ থকাৰ কাৰণেই প্ৰতিখন সাহিত্য নামৰ কিতাপৰ আঁৰত একোজন মানুহ থাকে। এখন ভাল কিতাপত কোনো মনীষীৰ জীৱনৰ বহুমূলীয়া অভিজ্ঞতা থুপ খাই থাকে আৰু পিছৰ যুগলৈকে সি আদৰ্শৰ চিনৰূপে সংৰক্ষিত হয়।
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে কোৱাৰ দৰে সাহিত্যই মিলন ঘটায়। এই মিলন ভাৱৰ লগত ভাষাৰ, ব্যাকৰণৰ লগত ছন্দৰেই নহয়, হৃদয়ৰ লগত হৃদয়ৰ, দূৰৈৰ সৈতে ওচৰৰ আৰু অতীতৰ সৈতে বৰ্তমানৰ মিল। সাহিত্যই এটা উল্লেখযোগ্য গুণ।
সাহিত্যৰ আন এটা গুণ হ’ল ই কলাৰূপেও প্ৰকাশ পায়। মানুহৰ অন্তৰত থকা সৌন্দৰ্যবোধটোৱে প্ৰকাশিত হৈ যেতিয়া সুন্দৰ আকাৰ লয় তেতিয়াই সাহিত্যই কাৰূপে দেখা দিয়ে। সেই কাৰণে সাহিত্যৰো কাম শিকোৱা নহয়, আনন্দ দিয়াহে।
সাহিত্যৰ আন এটা গুণ হৈছে সাহিত্যৰ ইংগিত। কোনো এটা কথা কওঁতে সাহিত্যই প্ৰত্যক্ষভাৱে নকয়। যিখিনি কয় সি একো ডাঙৰ কথা নহয়; কিন্তু সেই কোৱো খিনিয়ে আনৰ অন্তৰক কেনেধৰণে সজাগ কৰি তোলে সাহিত্যৰ সেইটোহে ডাঙৰ কথা। এই কাৰণএই সাহিত্যই পাঠকৰ বুদ্ধিতকৈ অনুভূতি আৰু কল্পনাক কামত লগায়।
বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ গুণ বা লক্ষণ। সাহিত্যই জাতি-বৰ্ণ, ধৰ্ম দেশ-কাল অতিক্ৰম কৰি সকলোৰে অন্তৰ স্পৰ্শ কৰিব পাৰিব লাগে। ভাল সাহিত্য কোনো জাতীয় বা সময় সীমাৰ মাজত আবদ্ধ নাথাকে, —মানৱতাৰ সীমাই সাহিত্যৰ সীমা। সেই কাৰণেই সাহিত্যক মানৱতাৰ মগজু বুলিছে।
সাহিত্যই আমাৰ চকুৰ আগত থকা বস্তুবোৰক বা জগতখনক বুজাৰ ক্ষমতা বঢ়ায়। কোনো এটা জাতিৰ মন আৰু চৰিতেৰই যুগে যুগে কেনেদৰে প্ৰগতিৰ পথত আগুৱাইছে সাহিত্যই তাকো দাঙি ধৰে। সেই কাৰণেই সাহিত্যক মানুহ তথা জাতিৰ দাপোন বোলা হৈছে।
মনোৰঞ্জন সাহিত্যৰ অন্যতম গুণ। অকল মনোৰঞ্জনৰ কাৰণেও এসময়ত সাহিত্য ৰচিত হৈছিল। প্ৰকৃত সাহিত্যই আমাৰ মনত সুৰুচিৰ উদ্ভৱ কৰে, আধ্যাত্মিক আৰু মানসিক তৃপ্তি জন্মায়, মনত শক্তি আৰু গতিৰ সৃষ্টি কৰে। সাহিত্যত উচ্চ চিন্তা, স্বাধীনতাৰ ভাৱ, সৌন্দৰ্যক সাৰ, সৃজনৰ আত্মা নিহিত হৈ থাকে। সাহিত্যত মানুহৰ আদৰ্শ সংৰক্ষিত হয়।