প্ৰতিজন অসমীয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি সকলোবে ব্যস্ত হৈ পৰিছে।আজি সকলো ঠাইতে গাঁৱে-গাঁৱে, নগৰে-নগৰে ঢেকীৰ শব্দ, পিঠাৰ গোন্ধ প্ৰান পায় উঠিছে। মুঠতে ভোগালী বিহুৰ বতৰত এতিয়া চৌদিশে উখল-মাখল সৃষ্টি হৈছে। অসমীয়াৰ প্ৰাণৰো প্ৰাণ এই মাঘ বিহুত সকলোৱে প্ৰিয়জনৰ মংগল কামনাৰে ইজনে আনজনক শুভেচ্ছা দিয়াটো পৰম্পৰা। আজি–কালি দূৰৈত তথা নিজৰ আপোন মানুহ, পৰিয়াল তথা বন্ধু–বান্ধৱীক ভোগালী বিহুৰ শুভেচ্ছা জনাবলৈ মেছেজ দিয়ে। গতিকে আপুনিও সহজতে আপোনজনক পঠিয়াব পৰাকৈ ভোগালী বিহুৰ শুভেচ্ছা 2024/ভোগালী বিহুৰ উৰুকা শুভেচ্ছা/মাঘ বিহুৰ বিভিন্ন শুভেচ্ছা বাৰ্তা তলত উল্লেখ কৰা হৈছে-
Magh Bihu Wishes in Assamese
ভোগালী বিহুৰ ওলগ জনালোঁ। মেজিৰ জুইয়ে যেন সকলো অমংগল, হিংসা-বিদ্বেষ পুৰি শেষ কৰে। তাৰেই কামনা কৰিছো।
আপোনাক তথা আপোনাৰ পৰিয়ালৰ সকলাোলৈকে মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনাৰ আগন্তুক দিনবোৰ কুশলে যায় তাৰেই কামনা কৰিছো।
ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক। ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।
‘নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী’ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
ভোগালীৰ ওলগ জনালো। এই বিহুয়ে প্রতিজন অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
তোমালৈ মাঘ বিহুৰ হিয়াভৰা শুভকামনা জনালো। ভোগৰ উৎসৱ ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰি তোলক।
এই মেজিৰ জুইত নিপাত যাওঁক সকলো অসূয়া-অপ্রীতি। আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভকামনা।
অনাগত দিনবোৰ ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে শুভ মাঘ বিহু।
ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো। ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ মন।
প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী। ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো। শুভ মাঘ বিহু।
আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো। আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক তাৰেই কামনা কৰিছো।
উৰুকাৰ এই ক্ষণত সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
সকলোকে ভোগালী বিহুৰ উৰুকা শুভেচ্ছা জ্ঞাপন কৰিছো।
মোৰ সমূহ বন্ধু, বান্ধৱীলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছো।
মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। তাৰেই কামনা কৰিছো।