আজিৰ দিনত আমি সকলো ব্যস্ত। নিজ নিজ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভৰ দৌৰত অতি বেছি ব্যস্ত হৈ থাকে। তাৰ মাজতে কিছু সময় নিজৰ লগত, পৰিয়ালৰ লগত কটোৱাটো ও অতি প্ৰয়োজনীয়। দৈনন্দিন একঘেয়মীয়াতা দূৰ কৰে । ভ্ৰমণে দেহ মনলৈ আনি সতেজতা, নতুন উদ্যম।
ভ্ৰমণ(Travel) হ‘ল কোনো দূৰৰ ঠাইলৈ যাত্ৰা কৰা। ভ্ৰমণ উদ্দেশ্য কেৱল বিদেশ যাত্ৰা বা কোনো দূৰৰ ঠাইলৈ ফুৰিবলৈ যাব লাগিব বুলি কথা নাই। নিজৰ ল‘ৰা-ছোৱালীক ভ্ৰমণক কাক কয় অথবা ভ্ৰমণৰ ৰচনা আদি ক‘ব লাগে, যাৰফলত ভ্ৰমণৰ ক্ষেত্ৰত অধিকৈ ল‘ৰা-ছোৱালীয়ে জানিব পাৰিব। নিজৰ সময় সুবিধা অনুসৰি আমাৰ ওচৰে পাজৰে থকা ঠাইসমূহলৈ যাব পাৰো। বৰ্তমান ইণ্টাৰনেট গুগোলৰ কৃপাত সকলো খবৰ হাতৰ মুঠতে পাব পাৰি। যি খন ঠাইলৈ যাম, সেই ঠাইখনৰ বিষয়ে আগতীয়াকৈ ভালকৈ জানি ললে বহুত সুবিধা হয়। পৰিকল্পনা অনুসৰি ভ্ৰমণ কৰিবলে সময়ৰ অপব্যৱহাৰ নহয়, কম সময়তে বহু ঠাই চাব পাৰি আৰু কিছু ক্ষেত্ৰত ঠগ প্ৰবঞ্চনাৰ পৰাও হাত সাৰিব পাৰি।
ভ্ৰমণ বৰ্তমান আধুনিক জীৱন যাত্ৰাৰ এক অংশ হৈ পৰিছে। ভ্ৰমণৰ জৰিয়তে নতুন নতুন ঠাই সমূহৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি হয়। শিশু সকলেও ভ্ৰমণৰ দ্বাৰা কেনেকৈ ঘৰৰ বাহিৰত থাকিব লাগে, অন্য মানুহৰ লগত কি দৰে ব্যৱহাৰ কৰিব লাগে বা ঠাই ভেদে হোৱা ভাষা, খাদ্যভাস আদি সলনিৰ বিষয়ে বুজি উঠে। সেইবোৰে সিহঁতৰ জীৱনৰ আদি পাঠ শিকোৱাত যথেষ্ট সহায় কৰে।
ভ্ৰমণে দিয়া আন এক সুফল হৈছে সম্পৰ্কৰ বান্ধোন। এটা পৰিয়ালৰ মাজত মানসিক সম্পৰ্ক দৃঢ় কৰাত ভ্ৰমণে সহায় কৰে। ব্যস্ততাৰ অজুহাতত আমি পৰস্পৰৰ লগত কটাবলৈ সময় কম পাওঁ, গতিকে ভ্ৰমণৰ সময় খিনি একেলগে কটোৱাৰ ফলত সেই দূৰত্ব সমূহ আঁতৰি মৰমৰ এনাজৰী ডাল দৃঢ় হয়। সেয়ে হয়তো বিয়াৰ পিছত নব বিবাহিতা পতি পত্নী ফুৰিবলৈ য়োৱাৰ নিয়ম প্ৰচলন হৈছে। এজনে আন জনক ভালদৰে বুজি উঠাত সম্পৰ্ক এটা সুন্দৰ কৰাত ভ্ৰমণে বিশেষ ভূমিকা পালন কৰে।
সম্ভৱ হলে মাজে সময়ে আমি একক পৰিয়ালৰ লগতে ককা, আইতা, মাহী পেহা বা বন্ধু বান্ধৱৰ সৈতে একেলগে ফুৰিবলৈ যাব পাৰে। তেতিয়া সম্পৰ্কবোৰ সুমধুৰ ডাল চিনিব পৰা হয়।
আধুনিক ব্যস্ততা পূৰ্ণ জীৱন পৰা আঁতৰি কেইটামান দিন বা কেইটামান ঘণ্টা সুন্দৰ ভাৱে কটালে অৱসাদ আঁতৰি নামি আহে। মনবোৰো আনন্দিত, প্ৰফুল্ল হৈ পৰে।
ভ্ৰমণৰ দ্বাৰা আমাৰৰ কি কি লাভ লয়?
পৰ্যটন বা ভ্ৰমণ। ভ্ৰমণৰ দ্বাৰা আমাৰ বহুত লাভ হয়। ভ্ৰমণ এটা শিক্ষাৰ অংগৰ দৰে। ভ্ৰমণৰ দ্বাৰাই আমি সেই ঠাইৰ বিষয়ে বহুতো কথা জানিব পাৰোঁ। যেনে— সেই ঠাইৰ পিন্ধা-উৰা, খোৱা-বোৱা, বেশ-ভূষাস ভৌগোলিক অৱস্থান, প্ৰাকৃতিক, সাহিত্য-সংস্কৃতি আদি অনেক কথা আমি জানিব পাৰোঁ। ভ্ৰমণ অবিহনে জ্ঞান অপূৰ্ণ হৈ থাকে।
গতিকে ভ্ৰমণ কৰাতো ভাল। কমেও বছৰত এবাৰ ভ্ৰমণৰ বাবে যোৱাটো অতি প্ৰয়োজন।