এছএছবিত ১১৫ পদত চাকৰিঃ আবেদনৰ অন্তিম তাৰিখ ২৮ আগষ্ট

ssb recruitment 2021

     

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত সশস্ত্র সীমা বল(Sashastra Seema Bal) অর্থাৎ এছ এছ বিত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

                  Head Constable-Ministerial পদসমূহ Group-‘C’ NON-GAZETTED পর্যায়ৰ Head Constable-Ministerialৰ পদ ১১৫টাৰ ভিতৰত অসংৰক্ষিত ৪৭টা,  আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১টা,  অ’ বি চিৰ ২৬টা,  এছ চিৰ ২১টা আৰু এছ টি শ্রেণীৰ প্রার্থীৰ বাবে ১০টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ প্রার্থীৰ বয়সৰ সিমা এছ টিৰ ৫ বছৰ, অ বি চিৰ ৩, প্রাক্তন কর্মচাৰীৰ ৩ আদি, ইয়াৰ বিষয়ে বিতংগকৈ জানিবলৈ হলে তলত বিজ্ঞাপন জাননিৰ লিক্‌কত কৰি চাই লব পাৰে।প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা Intermediate/Senior Secondary উত্তীর্ণ হোৱা হ’ব লাগিব৷

                  কম্পিউটাৰত প্রতি মিনিটত ৩৫টা ইংৰাজী শব্দ টাইপিং কৰিব পৰা বা প্ৰতি মিনিটত ৩০টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা আবেদন মাচুল হিচাপে ১০০ টকা অসংৰক্ষিত, অ’ বি চি, এম অ’ বি চি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে নেট বেংকিং/ক্রেডিট কার্ড/ডেভিট কার্ডৰ মাধ্যমেৰে এছ এছ বিৰ কাৰণে পৰিশোধ কৰিব লাগিব৷

                  অৱশ্যে এই মাচুল এছ টি, এছ চি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এছ এছ বিৰ ৱেবছাইট http://www.ssbrectt.gov.in/ বা https://applyssb.com/hcmin2021/applicationIndex লগ–ইন কৰিব পাৰে৷ বিজ্ঞাপনসমূহ সম্পূৰ্ণভাবে জানিবলৈ পি ডিএফ ফাইলত ক্লি্ক কৰক। যিসকলে নতুনকৈ কৰিব তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ আগষ্ট, ২০২১৷

Leave a Comment