জীৱন প্ৰেৰণা আঁচনি কি?
জীৱন প্ৰেৰণা আঁচনি হৈছে অসমৰ চৰকাৰে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক উপকৃত কৰিবৰ বাবে আৰম্ভ কৰা এক কল্যাণমূলক আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহ আৰু সহায় আগবঢ়োৱা। শিক্ষাৰ্থীসকলে নিজৰ শিক্ষাজীৱনত আগবাঢ়ি যাব পাৰে আৰু ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ’ব পাৰে, সেয়াই এই আঁচনিৰ মূল লক্ষ্য।
জীৱন প্ৰেৰণা আঁচনিৰ উদ্দেশ্য
- মেধাৱী শিক্ষাৰ্থীক উচ্চ শিক্ষা(বিশ্ববিদ্যালয়)ৰ বাবে নামভৰ্ত্তিৰ সুবিধা কৰা।
- আৰ্থিক সমস্যাৰ বাবে যাতে কোনো শিক্ষাৰ্থীয়ে শিক্ষা এৰি দিবলগীয়া নহয়।
- শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল আৰু দক্ষ নাগৰিক হিচাপে গঢ়ি তোলা।
- কৰ্মসংস্থাপনৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
কোনে লাভ কৰিব পাৰে?
জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা সাধাৰণতে তলৰ শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰে—
- শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলে এই সুবিধা লাভ কৰিব পাৰিব।
- এক বছৰৰ বাবে প্ৰতিমাহে সম্পূৰ্ণ এই আৰ্থিক উদগনি লাভ কৰিব।
- যুৱক-যুৱতীসকল ব্যৱসায়-বানিজ্যৰ উদ্যমিতাৰ পথত আগবাঢ়ি যাব পাৰিব।
প্ৰাৰ্থীৰ যোগ্যতা-
- অসমৰ স্থায়ী বাসিন্দা।
- স্বীকৃত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী।(পেছাদাৰী অথবা বৃত্তিমুখী পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক এই বছৰ আঁচনিৰ অন্তৰ্গত কৰা হোৱা নাই।)
- চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতা পূৰণ কৰা আবেদনকাৰী।
- আৰ্থিকভাৱে দুৰ্বল বা পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী।
- নিযুত মইনা আঁচনিৰ ধন লাভ কৰা ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হোৱা নাই।
- চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ সন্তানক বাদ দি যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃয়ে কোনো এগৰাকী ৰাজহুৱা পদত বা চৰকাৰী চাকৰিত নিয়োজিত, যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃ পঞ্জীয়নভূক্ত ঠিকাদাৰ, যিসকল আবেদনকাৰী পিতৃ-মাতৃৰ বছৰি ১০ লাখ টকাকৈ আৰ্থিক উপাৰ্জন কৰা পেছাদাৰী পৰিয়ালৰ সন্তান তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰে।
আবেদন কৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
- আধাৰ কাৰ্ড
- বাসিন্দা প্ৰমাণপত্ৰ
- শিক্ষাগত যোগ্যতাৰ প্ৰমাণপত্ৰ
- বেংক একাউণ্টৰ তথ্য
- পাছপৰ্ট আকাৰৰ ফটো
- আয় প্ৰমাণপত্ৰ (যদি প্ৰয়োজন হয়)
কেনেকৈ আবেদন কৰিব?
১. চৰকাৰৰ নিৰ্ধাৰিত প’ৰ্টেল বা কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰক।
২. সকলো তথ্য সঠিকভাৱে পূৰণ কৰক।
৩. প্ৰয়োজনীয় নথিপত্ৰ সংলগ্ন কৰক।
৪. আবেদন নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জমা দিয়ক।
৫. আবেদন অনুমোদিত হ’লে আঁচনিৰ সুবিধা লাভ কৰিব।
জীৱন প্ৰেৰণা আঁচনিৰ লাভ
- শিক্ষাৰ্থীসকলে আৰ্থিক সহায় লাভ কৰে।
- উচ্চ শিক্ষা গ্ৰহণ সহজ হয়।
- পৰিয়ালৰ ওপৰত আৰ্থিক বোজা হ্ৰাস পায়।
- শিক্ষাৰ্থীৰ ভৱিষ্যৎ গঢ়াৰ সুযোগ বৃদ্ধি পায়।
জীৱন প্ৰেৰণা আঁচনি অসমৰ শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আঁচনিৰ জৰিয়তে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষাৰ সপোন পূৰণ কৰাৰ সুযোগ লাভ কৰিছে। যদি আপুনি এই আঁচনিৰ যোগ্য, তেন্তে সময়মতে আবেদন কৰি ইয়াৰ সুবিধা গ্ৰহণ কৰক।