বানপানী অসমৰ এক প্ৰাকৃতিক দুৰ্যোগ। প্ৰতিবছৰে প্ৰবল বানপানীয়ে ৰাজ্যখন জুৰুলা কৰে। বানপানীৰ ফলতে ৰাজ্যখন ভাৰতৰ আন বহুতো ৰাজ্যতকৈ যথেষ্ট পিছপৰা।
অসমৰ বানপানীৰ প্ৰধান কাৰণ হৈছে ইয়াৰ জলবায়ু। মৌচুমী জলবায়ুৰ দেশ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যখনত গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। ফলত ইয়াৰ নদ-নদীসমূহ পানীৰে উপচি পৰে। ৰাজ্যখনৰ চাৰিওফালে থকা পৰ্বত-পাহাৰবোৰত হোৱা প্ৰবল বৰষুণৰ ঢল বাগৰি আহি ভৈয়াম অঞ্চল প্লাবিত কৰে।
ৰাজ্যখনৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু প্ৰায়বোৰ ঘাই উপনদীৰেই উৎসস্থল হ’ল চিৰ তুষাৰবৃত্ত হিমালয়। হিমালয়ৰ বৰফ গলা পানীৰে পুষ্ট তথা চিৰ প্ৰৱাহিত এই নদীবোৰৰ জলপৃষ্ট গভীৰ। গ্ৰীষ্মকালৰ বৰফ গলিবলৈ আৰম্ভ কৰাৰ ফলত উক্ত নদীসমূহত পানীৰ আধিক্য ঘটে। গতিকে অলপ বৰষুণতে নদী বানপানীৰে উপচি পৰে।
১৯৫০ চনত হোৱা ভূমিকম্পৰ পলত উজনি অসমত ব্ৰহ্মপুত্ৰৰ তলিভাগ দা খাই যোৱাৰ ফলতো বানপানীৰ প্ৰকোপ বাঢ়িছে।
আৰু পঢ়কঃদুৰ্যোগ বুলিলে কি বুজা? ভূমিকম্প আহিলে কি কি কৰিব লাগে
প্ৰাকৃতিক কাৰকসমূহৰ উপৰি কিছুমান মানৱসৃষ্ট কাৰকেও বানপানী হোৱাত সহায় কৰিছে। জধে-মধে গছ-গছনি কটা, অপৰিল্পিতভাৱে জনবসতি স্থাপন কৰা, নদীত বান্ধ আদি নিৰ্মাণ কৰাৰ ফলতো বানপানী বেছি হ’বলৈ ধৰিছে।
অসমৰ বানপানীৰ অপকাৰিতা
বানপানী অসমীয়া মানুহৰ এক ভয়াৱহ ত্ৰাসৰ কাৰণ। পানীয়ে প্ৰতিবছৰে অসমৰ বিস্তৰ ক্ষতিসাধন কৰে। অসমৰ নৈপৰীয়া লোকসকল ঘাইকৈ কৃষিজীৱী। বানপানীয়ে কৃষিজীৱী ৰাইজৰ খেতি, গৰু-গাই সকলো উটুৱাই নিয়ে। কৃষিভূমি বালিৰে পুতি পেলায়, যাৰ ফলত ৰাইজৰ আৰ্থিক জীৱনত মাধমাৰ কৰে।
ঘৰ-দুৱাৰ, মাটি-সম্পত্তি আদি পানীয়ে উটুৱাই নিয়াৰ লগতে ৰাস্তা-ঘাট ভাঙি-ছিঙি তৈ যায়। প্ৰতিবছৰে চৰকাৰে তেনে বানপানীৰ ক্ষয়-ক্ষতি পুনৰ মেৰামতিৰ নামত লাখ লাখ টকা ব্যয় কৰিবলগীয়া হয়। তাৰোপৰি প্ৰতিবছৰে নদীৰ বুকুত বহুতো অঞ্চল জাহ যায়।
বানপানী হৈ যোৱাৰ পাছত নৈপৰীয়া অঞ্চলবিলাকত বিভিন্ন বেমাৰ-আজাৰত আক্ৰান্ত হৈ বহুতো মানুহ মৃত্যুমুখত পৰে। এইদৰেই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ বানপানীয়ে অসমৰ আৰ্থিক, সামাজিক আদি বিভিন্ন দিশত কু-প্ৰভাৱ পেলাই অসমক জৰুলা কৰে।
অসমৰ বানপানীৰ উপকাৰিকা
বানপানীৰ অপকাৰিতাৰ লগতে সামান্য পৰিমাণৰ উপকাৰিতাও নথকা নহয়। বানপানীৰ ফলত কৃষিভূমিত পলস পৰে। সেই পলসৰ বাবেই অসম শস্য-শ্যামলা প্ৰদেশ। বানপানীৰ ফলত ৰাজ্যখনৰ খালে-ডোঙে অসংখ্য মাছ-পুঠি পোৱা যায়, যাৰ ফলত মৎস্যজীৱী লোকসকল লাভান্বিত হয়। বানপানীৰ সময়ত বিভিন্ন অঞ্চলৰ মাজত নৌকাৰে যোগাযোগ কৰাত সুবিধা হয়।
বানপানী প্ৰতিৰোধৰ উপায়
বানপানী প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নদীৰ দুয়োপাৰে মথাউৰি নিৰ্মাণ, নদীৰ বুকুত বুলড’জাৰেৰে খন্দা, নদীৰ বুকুত বান্ধ নিৰ্মাণ আদি বিভিন্ন ব্যৱস্থা চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে। নদীৰ কাষত স্পাৰ নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ড গঠন কৰি বানপানী প্ৰতিৰোধৰ দায়িত্ব দিয়া হৈছে। বৃহৎ হাৰত বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমান চৰকাৰে লোৱা প্ৰতিৰোদৰ উপায়সমূহে আকৌ নতুন সমস্যাৰ সৃষ্টি কৰিছে। নদীৰ বুকুত বান্ধ নিৰ্মাণৰ বাবে কিছুমান অঞ্চল উৰ্বৰা শক্তি নোহোৱা হৈ পৰিছে। পানীৰ আধিক্য ঘটিলে বান্ধ খুলি দিয়াৰ বাবে প্ৰবল বানপানীৰ সৃষ্টি হৈছে। সেয়েহে চৰকাৰে দুয়োকূল ৰক্ষা হ’ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবেও চিন্তা-চৰ্চা কৰিছে। অতি সাম্প্ৰতিক কালত বানপানীক ৰাষ্ট্ৰীয়সমস্যা হিচাপে গণ্য কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়া হৈছে। তাৰোপৰি খাল খান্দি ব্ৰহ্মপুত্ৰৰ পৰা অতিৰিক্ত পানীভাগ ভাৰতৰ অন্য ৰাজ্যলৈ বোৱাই নিয়াৰ কথাও ভবা হৈছে।
চৰকাৰী প্ৰচেষ্টাই বানপানী ৰোধৰ বাবে যথেষ্ট নহয়। ব্যক্তিগতভাৱে লোকসকলো এই বিষয়ত সজাগ হ’ব লাগিব। বৃক্ষৰোপণ আদিত গুৰুত্ব আৰোপ কৰিব লাগিব। চৰকাৰী বিষয়াসকলে পৱিত্ৰ মন লৈ এই সমস্যা সমাধানৰ বাবে যত্নপৰ হ’ব লাগিব।
আৰু পঢ়কঃপৰিৱেশ প্ৰদূষণ
বানপানী যদিও অসমৰ প্ৰধান সমস্যা, তথাপি নদীমাতৃক দেশ অসমৰ জনসাধাৰণৰ বাবে নদীসমূহ মাতৃস্বৰূপ। সেই নদীসমূহেই অসমৰ জীৱনীশক্তি। সেয়েহে বানপানী ৰোধ কৰিবলৈ যাওঁতে নদীসমূহৰ গুণৰাজি যাতে বিঘ্নিত নহয়, তাৰ বাবে সকলোৱে মন দিয়া উচিত।