পৰিবেশ প্ৰদূষণ

পৰিবেশ(Enviroment)

আমাৰ চাৰিওফালে যি বাহ্যিক অৱস্থাই জীৱনৰ গাইগুটীয়া আৰু সমূহীয়া জীৱনক প্ৰভাৱিত কৰে, তাক পৰিবেশ বোলে।

পৰিবেশৰ বিভিন্ন উপাদানসমূহ

আমাৰ পৰিৱেশত তলত দিয়া উপাদানসমূহ থাকে যি প্ৰাণীৰ শৰীৰ হানি কৰে-

(ক)বায়ুমণ্ডল(Atmosphere), (খ) জলমণ্ডল (Hydrosphere), (গ)ভূমণ্ডল (Lithosphere) আৰু (ঘ)জৈৱমণ্ডল(Biosphere)।

(ক)বায়ুমণ্ডল(Atmosphere)

বায়ুমণ্ডল(Atmosphere) হৈছে পৃথিৱীৰ চাৰিওফালে থকা গেছীয় তৰপৰ দ্বাৰা গঠিত। বহিঃমণ্ডলৰ পৰিবৱেশৰ পৰা ই আমাক ৰক্ষা কৰেষ অতি অনিষ্ঠকাৰী ৰশ্মি যেনে মহাগতিক ৰশ্মি, অতি বেগুণীয়া ৰশ্মি ইত্যাদি বহিঃমণ্ডলৰ পৰা বায়ুমণ্ডল শোষণ কৰে। ইয়াৰ দ্বাৰা পৃথিৱীৰ তাপৰ সমতা ৰক্ষা হয়। জীৱৰ বাবে অক্সিজেন হৈছে অতি প্রয়োজনীয় বায়ুমণ্ডলৰ প্ৰথম সাত কিলোমিটাৰৰ ভিতৰত জীৱ থাকে। উদ্ভিদৰ বাবেহ কাৰ্বনডাই অক্সাইড আৰন নাইট্ৰ’জেন গেছ প্রয়োজনীয়। উদ্ভিদে ক্ল’ৰফিলৰ উপস্থিতিত কার্বনডাইঅক্সাইড আৰু পানী শোখণ কৰি কাৰ্ব’হাইড্ৰেড উৎপন্ন কৰে। বায়ুমণ্ডলত থকা নাইট্ৰ’জেন নাইট্রেট আৰু এম’নিয়ালৈ পৰিবৰ্তিত হয়। যি উদ্ভিতৰ বাবে প্ৰয়োজনীয়।

(খ) জলমণ্ডল (Hydrosphere)

ই সকলো পানীৰ উৎসৰ দ্বাৰা গঠিত। প্রায় পৃথিৱীৰ ৯৬ শতাংশ পানী সাগৰত থাকে। ই পানীত উচ্চগাড়তাৰ লৱণযুক্ত আৰহি খোৱা পানীৰ বাবে অনুপযুক্ত। পানীৰ আন উৎসসমূহ হ’ল নদী, হ্রদ, হিমবাহ, নিজৰা ইত্যাদি।

(গ) ভূমণ্ডল (Lithosphere)

পৃথিৱীৰ 16 কিলোমিটাৰ দ-পৰ্যন্ত ইয়াৰ দ্বাৰা গঠিত। এই অংশটোত পানী, বায়ু, মাটি, খনিজ পদাৰ্থ আৰু কিছুমান জৈৱ পদার্থ থাকে।

(ঘ) জৈৱমণ্ডল (Biosphere)

পৃথিৱীৰ যিটো মণ্ডলত জৈৱ জগতৰ (উদ্ভিদ আৰু প্ৰাণী) উপস্থিতি ঘটিছে সেইটো মণ্ডলকে জৈৱ-মণ্ডল বোলা হয়। 4.5 বিলিয়ন বছৰৰ এক ৰূপান্তৰ বহুল পৰিঘটনাৰ জৰিয়তে এই জৈৱ মণ্ডল আজিৰ স্থিতি লাভ কৰিছে। ই প্ৰকৃততে বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ ওচৰৰ তৰপটো, পৃষ্ঠভাগৰ জলমণ্ডল আৰু ভূ-মণ্ডলৰ উপৰিভাগ লৈ গঠন হয়। এই মণ্ডলত থকা জৈৱিক উপাদানবোৰে জীৱ আৰু উদ্ভিদ জগতৰ বাবে লগা পৰিবেশ ৰক্ষা কৰে। এই জৈৱমণ্ডৱতে কিছুমান অঞ্চলত নির্দিষ্টকৈ একোটা পৰিস্থিতি তন্ত্ৰ বৰ্তি থকা দেখা যায়। এনেকুৱা একোটা অঞ্চলক বায়’ম(Biome) নামে জনা যায়। এনে বায়’মক বিষুৱ অঞ্চলৰ বৰ্ষাৰণ্য নাতিশীতোষ্ণ অঞ্চলৰ বনভূমি, প্রেইৰি অঞ্চল, তুন্দ্ৰা অঞ্চল, মৰুভূমি ইত্যাদি নামেৰে জনা যায়। এই পৰিস্থিতি তন্দ্ৰবোৰত জড়িত হৈ থাকে জনসমষ্টি আৰু এই জনসমষ্টি গঠন হয় ব্যক্তিৰ দ্বাৰা । ভূ-পৃষ্ঠৰক পৰা ওপৰলৈ ৪ কিলোমিটাৰ গভীৰতালৈ জীৱ আৰু উদ্ভিদ বিকাশৰ পৰিবেশৰ উপস্থিতি ঘটে। ভূ-পৃষ্ঠৰ পৰা বহুকিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ থাকে আৰু ইয়াক ধৰি ৰাখে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিয়ে। সেয়েহে ভূ-পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ যোৱা যায় সিমানে বায়ুমণ্ডলৰ ঘনত্ব কমি আহে। বায়ুমণ্ডলৰ উদ্বসীমা নির্দিষ্ট নহয়। ইদহহেজাৰ কিল’মিটাৰ উচ্চতালৈকে ব্যস্ত হৈ থাকে। উলম্বিক দিশত বায়ুমণ্ডলক ছটা তৰপত ভাগ কৰা হৈছে। ইহঁত হ’ল ট্ৰপস্ফিয়াৰ, ষ্টেট’স্ফিয়াৰ, মেছ’স্ফিয়াৰ, থামস্ফিয়াৰ। মেগনেটস্ফিয়াৰ আৰু আয়’ন’স্ফিয়াৰ।ট্ৰপ’স্ফিয়াৰ বিস্তৃত হৈ থাকে ভূ-পৃষ্ঠৰ পৰা ১৮ কিলোমিটাৰ উচ্চতালৈ আৰু মেৰা অঞ্চলত ৪ কিলোমিটাৰ উচ্চতালৈ। বতৰ সম্পৰ্কীয় পৰিঘটনা এই স্তৰতে উদ্ভৱ হয়। কিলোমিটাৰৰ পৰা ৪৮ কিলোমিটাৰ উচ্চতালৈকে ব্যাপ্ত হৈ থাকে ষ্টেট’স্ফিয়াৰ। সূৰ্যৰ স্তৰটো থাকে ষ্টেট’স্ফিয়েৰত৷ ইয়াৰ ঠিক ওপৰত আছে সবাতকৈ ঠাণ্ডা ৩২ কিলোমিটাৰ জোৰা মেছ’স্ফিয়াৰ স্তৰটো। সকলোতকৈ ওপৰত স্তৰটো হ’ল আয়’নস্ফিয়াৰ। ইয়াত বায়ুৰ ঘনত্ব একেবাৰে কম। ইয়াত ধনাত্মক আয়ন যেনে O+,O2, +NO2+ আৰু মুক্ত ইলেকট্রন থাকে। এই আয়নসমূহ সূৰ্যৰ পৰা নিৰ্গত হোৱা অতিবেগুণীয়াৰ ৰশ্মিৰ শোষণৰ পৰা সৃষ্টি হয়।

প্রদূষণ (Pollution)

বায়ু, পানী আৰু মাটিৰ যি ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্তনে মানুহ আৰু অন্যান্য প্ৰাণীৰ ওপৰত কু-প্ৰভাৱ পেলাব পাৰে, তাক প্ৰদূষণ বোলে।

প্ৰদূষণকাৰী বস্তু (Pollutants)

যিবোৰ জীৱিত বা জড় পদার্থই নাইবা ভৌতিক কাৰকে (তাপ, শব্দ, বিকিৰণ আদি) পৰিবেশত অধিক পৰিমাণে উপস্থিত থাকি পৰিবেশৰ ওপৰত কু-প্ৰভাৱ পেলায়, সেইবোৰক প্ৰদূষণকাৰী বস্তু (প্ৰদূষক) বোলে। প্ৰদূষক বিভিন্ন প্ৰকাৰৰ। যেনে—
(১) জৈৱনিম্নীকৰণযোগ্য (Biodegradable): যিবোৰ বস্তু পচি যায় বা জৈবিক ক্ৰিয়াৰ ফলত নিশেষ হয়, যেনে – ঘৰুৱা আৱৰ্জনা, জীব, মল-মূত্র ইত্যাদি।

(২) জৈৱনিৰ্মীকৰণঅযোগ্য (non-Biodegradable): যিবিলাক পদার্থ সহজে গলি নাযায়, তেনে পদার্থক জৈৱনিম্নীকৰণঅযোগ্য পদার্থ বোলে। যেনে— কীটনাশক বস্তু, এলুমিনিয়াম, পাৰা, প্লাষ্টিক পদার্থ। কেতবোৰ বিশেষ জ্যৰ সংৰক্ষণ আৰু প্ৰতিৰক্ষণৰ কাৰণে, আমাৰ দেশত কেতবোৰ প্ৰকল্পও হাতত লোৱা হৈছে, যেনে— ব্যাঘ্র প্রকল্প, গিৰ হাবিত সিংহ প্রকল্প, হস্তী প্রকল্প, ঘঁৰিয়ালৰ পোনা উৎপন্ন প্রকল্প, বৰফৰ কুকুৰনেচীয়া (Snow Leopard) প্রকল্প আদি।

বায়ু প্ৰদুষণ আৰু বায়ুপ্ৰদূষণৰ উতসসমূহ

বায়ুত বিনিষ্টকাৰী পদাৰ্থ মিহলি হৈ বায়ুৰ প্ৰদূষণ সৃষ্টি কৰে। প্ৰাকৃতিভাৱে মানুহৰ দ্বাৰা এনে প্ৰদূষণ সৃষ্টি কৰে। প্ৰাকৃতিকভাৱে মানুহৰ দ্বাৰা এনে প্ৰদূষণৰ সৃষ্টি হ’ব পাৰে। আগ্নেয়গিৰীৰ উদ্‌গিৰণ, প্ৰাকৃতিকভাৱে সৃষ্ট বনজুই, জৈৱ আৰু অজৈৱ পদাৰ্থৰ অবক্ষয় আদিৰ ফলত প্ৰাকৃতিকভাৱে বায়ু প্ৰদূষিত হ’ব পাৰে।

বায়ু প্ৰদূষণৰ উৎস (Sources of Air Pollution)

মানুহে সৃষ্টি কৰা প্ৰদূষণৰ উৎসসমূহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি—
(১) স্থিৰ দহন উৎস (Static source combustion) : মানুহে বিভিন্ন কাৰণত ইন্ধনৰ দহন ঘটায় । ইন্ধনৰ দহনে গেছীয় আৰু কণিকাজাতীয় প্ৰদূষকৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কয়লা আৰু পেট্ৰ’লিয়াম প্রধান। এই দুই প্ৰকাৰৰ
ইন্ধনে যথেষ্ট পৰিমাণে প্ৰদূষণৰ সৃষ্টি কৰে। কাৰ্বনৰ উপৰি কয়লাত কিছু পৰিমাণে ছালফাৰ, নাইট্ৰ’জেন আৰু কিছুমান অদাহ্য মণিক পদার্থ তাকে। ইন্ধনবোৰৰ দহনৰ ফলত CO, CO2 আৰু আন অক্সাইড উৎপন্ন হৈ বায়ুৰ লগত মিহলি হৈ যায় । ইন্ধনত থকা ছালফাৰৰ জাৰণৰ ফলত SO2 আৰু SO3, পানীত দ্ৰৱীভূত হৈ H2 SO4 (ছালফিউৰাছ এচিদ) আৰু H2SO4 (ছালফিউৰিক এচিড) উৎপন্ন হয়। আকৌ, ইন্ধনৰ নাইট্ৰ’জেনৰ জাৰণৰ ফলত NO2 আৰু NO উৎপন্ন হয়। পানীত NO2 দ্ৰৱীভূত হৈ HNO3, (নাইট্রিক এচিড) উৎপন্ন কৰে। বৰষুণৰ পানীত NO2, SO3 দ্ৰৱীভূত হৈ এচিড বৰষুণৰ সৃষ্টি কৰে।

(২) গতিশীল দহন উৎস (Dynamic combustion sources): মটৰগাড়ী, ৰে’ল ইঞ্জিন, উৰাজাহাজ ইত্যাদিবোৰ হ’ল গতিশীল দহনৰ প্ৰধান উৎস। এই গাড়ীবোৰৰ ইঞ্জিনত ঘটা দহনৰ ফলত বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি হয় । ইয়াৰ ভিতৰত CO (কাৰ্বন মন’ক্সাইড), নাইট্ৰ’জেনৰ অক্সাইড আৰু হাইড্ৰ’কার্বনসমূহ প্রধান। ইয়াৰ উপৰি এনে ইঞ্জিনত ব্যৱহাৰ কৰা গেছ’লিনত টেট্রাইথাইল [Pb (C2H5)4 ]ৰ দৰে এণ্টিনক যৌগ মিহলি হৈ থাকে, ইহঁত বিষাক্ত পদার্থ।
(৩) ঔদ্যোগিক প্রক্রিয়া আৰু অন্যান্য উৎস (Industrial process and other sources) : ৰাসায়নিক উদ্যোগসমূহে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কাৰ্বন ম’ন’ক্সাইড, ছালফাৰৰ অক্সাইডসমূহ আৰু
বিভিন্ন ধৰণৰ কণিকাজাতীয় প্রদূষকেই প্রধান। ক্ল’ৰিন আৰু ফ্ল’ৰিনত থকা যৌগবোৰ, যেনে— ক্ল’ৰফ্ল’ৰ’মিথেন, শীতক (refrigerant) বা এয়াৰ স্প্রে (air spray) হিচাপে ব্যৱহাৰ কৰা হয়। এনে পদাৰ্থবোৰ বায়ুৰ লগত মিহলি
হৈ বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়াৰত অ’জন ধ্বংস কৰি সমস্যাৰ সৃষ্টি কৰে।

বায়ু প্ৰদূষণৰ প্ৰভাৱ (Effects of air pollution) :

(১) মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ : গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র, হৃদপিণ্ড আৰু হাঁওফাঁওৰ জটিলতাৰ সৃষ্টি কৰে। তেজৰ হিমগ্ল’বিনৰ সৈতে CO যুক্ত হৈ কার্বক্সি-হ’ম’গ্ল’বিন উৎপন্ন কৰে। এই পদাৰ্থবিধে লোহিত ৰক্তকণিকাৰ (RBC) অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে। SO2 গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে। কণিকাজাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰত নোমত আবদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে৷
(২) জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ : ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া ঠাইবোৰত থকা ঘৰচীয়া জন্তু, হাঁহ, কুকুৰা আদি প্ৰদূষকৰ দ্বাৰা ক্ষতিগ্রস্ত হয়। বিশেষকৈ ফ্ল’ৰাইড যৌগৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষকে হাঁহ, কুকুৰাৰ হাড়বোৰ নষ্ট কৰি সিহঁতৰ ক্ষতিসাধন কৰে।
(৩) পদাৰ্থ-বস্তুৰ ওপৰত প্ৰভাৱঃ ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইড পৰা সৃষ্টি হোৱা এচিড বৰষুণে ধাতু আৰু অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে। H2S গেছে ছিলভাৰ আৰু লেডৰ দ্বাৰা সৃষ্টি কৰা পেইণ্ট নষ্ট কৰে। অ’জনে ৰবৰৰ দ্বাৰা প্ৰস্তুত কৰা পদাৰ্থবোৰ জাৰিত কৰি নষ্ট কৰে।
(৪) খাদ্যশস্যৰ ওপৰত প্ৰভাৱ: বায়ু প্ৰদূষকবোৰে খাদ্যশস্যও নষ্ট কৰে। নাইটু’জেনৰ অক্সাইড আৰু ফ্ল’ৰাইড যৌগসমূহে শস্যৰ উৎপাদন হ্রাস কৰে। ফ্ল’ৰাইডে পাতৰ ক্ষতিসাধন কৰে; মিথেনৰ দৰে হাইড্ৰকাৰ্বনে পাতবোৰ অকালতে সৰাই দিয়ে। ফুল আৰু কলিবোৰ ক্ষতিসাধন কৰে।
(৫) জলজ প্রাণীৰ ওপৰত প্ৰভাৱ: কিছুমান বায়ু প্ৰদূষক বৰষুণৰ পানীত দ্রবীভূত হৈ পানীভাগত প্ৰৱেশ কৰে আৰু ইয়ে নৈ-বিল, হ্রদ আদিৰ পানী আম্লিক কৰে। ইয়াৰ কু-প্ৰভাৱ জলজ প্রাণী যেনে মাছৰ ওপৰত পৰে।

বায়ু প্ৰদূষণৰ নিয়ন্ত্ৰণ (Control of air pollution)

বায়ু প্ৰদূষণ দুই প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰি—
(১) বায়ুমণ্ডলত গেছীয় মিশ্ৰ এৰি দিয়াৰ আগে আগে প্ৰদূষক গেছবোৰ বিকিৰণ আৰু

(২) উৎসতে প্ৰদূষকসমূহক অনিষ্ট কৰিব নোৱাৰা পদাৰ্থলৈ ৰূপান্তৰ ৷ সছিদ্ৰ ফিল্টাৰ, ছাইক্ল’ন সংগ্রাহক বা বিদ্যুৎ স্থিতীয় অধঃক্ষেপক ব্যৱহাৰ কৰি কণিকাজাতীয় পদার্থসমূহক গেছীয় পদাৰ্থৰ পৰা পৃথক কৰিব পাৰি। পানীত দ্ৰৱীভূত কৰি এম’নিয়া আঁতৰ কৰিব পাৰি। বিভিন্ন ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰি উৎসতে প্ৰদূষকবৌৰক আন পদাৰ্থলৈ ৰূপান্তৰিত কৰিব পৰা যায়। ইয়াৰ ভিতৰত বায়ুৰ পৰিবেশ প্ৰদূষকবোৰৰ জাৰণ প্ৰক্ৰিয়া এক উপযোগী প্রক্রিয়া। আন-আন প্ৰক্ৰিয়াত আম্লিক বা ক্ষাৰীয় প্ৰদূষকবোৰক প্রশমিত কৰি লৈ বায়ুত মিহলি হ’বলৈ দিয়া হয়। প্ৰদূষণ নিয়ন্ত্রিত ৰূপত ৰাখিব পৰা যায়। ইয়াৰ বাবে প্ৰদূষণৰ মাত্রা নিয়মিতভাৱে নিয়ন্ত্রিত কৰি তাৰ মাত্ৰা বাঢ়ি নাযাবলৈ, কিছুমান বাধ্যতামূলক কাৰ্যব্যৱস্থা হাতত ল’ব লাগে। উদাহৰণস্বৰূপে, মটৰগাড়ীৰ পৰা ওলোৱা ধোঁৱাসমূহ পৰীক্ষা কৰি ইঞ্জিনত ভালভাৱে দহন ঘটিছে নে নাই, চাব লাগে। আইনৰ দ্বাৰা উপযুক্তভাৱে দহন নঘটা ইঞ্জিন ব্যৱহাৰ কৰা মটৰগাড়ীবোৰৰ চলাচল বন্ধ কৰি দিব লাগে। গেছ’লিন জাতীয় ইন্ধনৰ লগত ট্রেটা ইথাইল লেডৰ (TEL) ব্যৱহাৰ হ্ৰাস কৰা হৈছে। বৰ্তমান সীহসুক্ত পেট্ৰ’লৰ ব্যৱহাৰ কৰি সীহৰ দ্বাৰা ঘটা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। পেট্ৰ’লৰ সলনি পাৱাৰ এলকহ’ল (পেট্ৰ’ল + ইথানল) ব্যৱহাৰ কৰাৰ কাৰণেও বায়ু প্ৰদূষণৰ মাত্ৰা কিছু হ্রাস পায়। স্বয়ংক্রিয় যানত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা গেছবোৰ ওলাই পৰিবেশলৈ যোৱাৰ আগতেই অনুঘাটকৰ উপস্থিতিত বিক্রিয়া ঘটাই প্ৰদূষণ নঘটোৱা গেছলৈ ৰূপান্তৰ কৰিব পৰা যায়। মটৰগাড়ীত অনুঘাটকীয় পৰিবৰ্তক (Catalytic Converter) সংযোগ কৰি তাত থকা Pt, Pd বা Ru ধাতুৰ দ্বাৰা NOx বা N2 আৰু NH3 লৈ পৰিবৰ্তন ঘটোৱা হয়। সেইদৰে CO আৰু হাইড্ৰ’কার্বনকো ধাতব অনুঘাটকৰ সহায়ত বিজাৰিত কৰা হয় ।

বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ আৰু ইহঁতৰ উৎপত্তি স্থলসমূহ :

(১) কার্বন মন’ক্সাইড (CO) : মটৰগাড়ী, ট্রে’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল-কাৰখানা।
(২) ছালফাৰ-ডাই-অক্সাইড (SO2) : তাপ-বিদ্যুৎ কাৰখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা।
(2) নাইট্রিক অক্সাইড (NO) : মটৰগাড়ী, কাৰখানা আৰু তাপ-বিদ্যুৎ কাৰখানা।
(৪) হাইড্ৰ’কাৰ্বন : মটৰগাড়ী, তেল শোধানাগাৰ, পেট্ৰ’ল ব্যৱহাৰ কৰা কাৰখানা।

বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হোৱা ৰোগঃ

(1) SO2 গেছ কোমল পেশীত সোমাই শৰীৰ, মুখ শুকাই তোলে; ডিঙিত খচখচনি তোলে আৰু চকু জলজলীয়া কৰে। SO2 য়ে শ্বাসনলীত সংকুচিত কৰি বংকাইটিছৰ সৃষ্টি কৰে।
(২) (CO) কার্বন ম’ন’ক্সইডে মানুহৰ স্নায়ুতন্ত্র, হ্রদপিণ্ড আৰু হাঁওফাঁওৰ জটিলতাৰ সৃষ্টি কৰে। CO শ্বাসনলীৰে সোমাই
হিমগ্লোবিনৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি কাৰ্বক্সি হিম’গ্লবিন সৃষ্টি কৰে। ইয়ে আমাৰ তেজত থকা ৰঙা কণিকাৰ অক্সিজেন সংবহন প্রক্রিয়া কমায়।

(৩) হাইড্ৰ কাৰ্বৰ্মৰ পৰা কৰ্কট ৰোগৰ সৃষ্টি হয়।

(৪) নাইট জৈনৰ অক্সাইডে চকু আৰু নাজৰ খচখচনি তোলে আৰু হাঁওফফাঁওত ক্ষতি কৰে।
(৫) ক্লৰিণৰ পৰা উশাহ-নিশাহ জড়িত অংশ তথা চকুৰ অসুখ বৃদ্ধি হয়।

গোলকীয় উত্তাপ বৃদ্ধি আৰু সেউজ গৃহ প্রভাব (Global Warming and green house effect)

পৃথিৱীত আপতিত হোৱা সৌৰ শক্তিৰ প্ৰায় শতকরা ৭৫ ভাগ শক্তি পৃথিৱী পৃষ্ঠই সোষণ কৰে। ইয়াৰ ফলত পৃথিবীপৃষ্ঠৰ উষ্ণতা বৃদ্ধি হয়। বাকী তাপ শক্তিখিনি বায়ুমণ্ডললৈ বিকিৰিত হয়। এই তাপ শক্তিৰ কিছু অংশ বায়ুমণ্ডলত থকা কার্বন-ডাই-অক্সাইড, মিথেন, অ’জন, ক্ল’ৰ’ৰ’কার্বন যৌগসমূহ (CFC) আৰু পানীৰ বাশই ধৰি ৰাছে। ইয়াৰ ফলত বায়ুমণ্ডল উত্তপ্ত হয়। এনেকৈয়ে গোলকীয় উত্তাপ বৃদ্ধি হয়।

পৃথিৱীৰ পৰা প্ৰায় ১১ কিঃমিঃ উচ্চতাত বায়ুমওসৰ ওপৰত অ’জনৰ এটা ক্ষয়কাৰী আৰু তলৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ এটা তৰণ আছে। অজৈনৰ তৰপটোৱে সূৰ্যৰ পৰা অহা বিভিন্ন দৃশ্যমান, অতি বেঙুনী আৰু অৱলোহিত ৰশ্মিবোৰৰ অতি বেঙুনীয়া ৰশ্মিক (UV rays) শোষণ কৰি জীৱজগতখনক এই ৰশ্মিৰ অনিষ্টকাৰী প্ৰভাৱৰ পৰা ৰক্ষা কৰি আহিছে। কার্বন-ডাই-অক্সাইডৰ তৰপটোৰ মাজেদি দৃশ্যমান আৰু কম তৰংগদৈৰ্ঘাৰ অৱলোহিত ৰশ্মিবোৰ সৰকি আহে। IR ৰশ্মিয়ে পদার্থক উত্তাপিত কৰিব পাৰে। গতিকে, IR ৰশ্মিবোৰ কাৰ্বন-ডাই-অক্সাইডৰ তৰপটোক উত্তাপিত কৰি পৃথিৱীৰ উপৰিভাগত পৰেহি, যাৰ ফলত পৃথিৱীৰ উপৰিভাগ গৰম হৈ পৰে। অৰ্থাৎ, বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড তৰপটোৱে পৃথিবীয়ে প্রতিফলিত কৰা
অৱলোহিত ৰশ্মি আটক কৰাৰ ফলত বায়ুমণ্ডল উত্তপ্ত হোৱা পৰিঘটনাটোকে সেউজ গৃহ প্রভাৱ বোলে। কোনো ধৰণৰ নিয়ন্ত্রণ নোহোৱাকৈ পেট্রল, ডিজেল, হাইড্ৰ’কার্বন জাতীয় প্রজ্বালক, কয়লা আদিৰ দহণৰ ফলত বননী আদি ধ্বংস
কৰাৰ ফলত বায়ু মণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আহিছে। ফলত সেউজ গৃহ প্ৰভাৱৰ কাৰণে বায়ুমণ্ডলৰ উষ্ণতা ক্রমান্বয়ে বৃদ্ধি পাই আহিছে। ভূ-মণ্ডলৰ উষ্ণতা দুইৰ পৰা তিনি ডিগ্ৰী বাঢ়িলে মেৰু অঞ্চলৰ বৰফ আৰু
হিমবাহসমূহৰ বৰফ গলি যাব। ফলত সাগৰৰ জলপৃষ্ঠ ওপৰলৈ উঠি জলপ্লাৱন ঘটাই পৃথিৱীৰ বহু অঞ্চল বুৰাই পেলাব।

বর্ধিত গোলকীয় উষ্ণতাই ডেংগু, মেলেৰিয়া, পীতজ্বৰ (Yellow fever), নিদ্ৰাবিকাৰ (Sleeping Sickness) আদি সোঁচৰা বেমাৰ বৃদ্ধি কৰে।

(খ) অ’জন তৰপৰ ক্ষয়সাধন (Depletion of Ozone Layer) : বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰ মণ্ডলত অ’জনৰ তৰপে গোটেই পৃথিৱীখনৰ এপৰত এক আৱৰণৰ সৃষ্টি কৰি আহিছে। অ’জনে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। গতিকে, বায়ুমণ্ডলৰ অ’জনৰ তৰপে আমাক সূৰ্যৰ পৰা অহা ক্ষয়কাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। ট্ৰেট’স্ফিয়াৰ মণ্ডলৰ নাইট্ৰ’জেনৰ অক্সাইড আৰু ক্লৰ’ফ্ল’ৰ’কাৰ্বনে (CFC) অ’জন ধ্বংস কৰে। শীতক আৰু এয়াৰ প্ৰেৰ
পৰা বায়ুমণ্ডলত মিহলি হোৱা ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বনসমূহ ব্যাপন প্ৰক্ৰিয়াৰে ষ্ট্ৰেট’স্ফিয়াৰ মণ্ডললৈ আহে। এই মণ্ডলত অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত যৌগসমূহ বিয়োজিত হৈক্ল’ৰিনমুক্ত মূলক (CI) উৎপন্ন কৰে। এই মুক্ত মূলকে অ’জন ধ্বংস কৰে৷ এনেদৰে অ’জন বিয়োজিত হোৱা ঘটনাকে অ’জন তৰপৰ ক্ষয়সাধন বোলে। অ’জন তৰপৰ ক্ষয়সাধনৰ ফলত বেছি পৰিমাণৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীপৃষ্ঠ পায়হি, যাৰ ফলত কৰ্কট ৰোগৰ সৃষ্টি হ’ব পাৰে। এনে ৰশ্মিয়ে DNA ক্ষতি আৰু খাদ্যশস্যৰ উৎপাদনক বাধা প্ৰদান কৰিব পাৰে।
(গ) এচিড বৰষুণ (Acid rain) : ইন্ধনত থকা ছালফাৰৰ জাৰণৰ ফলত SO, পানীত দ্ৰৱীভূত হৈ ক্ৰমে H2SO3 (ছালফিউৰাছ) আৰু H2SO3 (ছালফিউৰিক) এচিড উৎপন্ন কৰে। আকৌ, ইন্ধনৰ নাইট্ৰ’জেনৰ জাৰণৰ ফলত NO, আৰু NO (নাইট্রিক অক্সাইড) উৎপন্ন কৰে। NO2 য়ে পানীত দ্ৰৱীভূত হৈ HNO3 (নাইট্রিক এচিড) উৎপন্ন কৰে। বৰষুণৰ পানীত এই গেছসমূহ (NO2, SO3) দ্ৰৱীভূত হৈ এচিড বৰষুণৰ সৃষ্টি হয়। এচিড বৰষুণৰ পানীৰ Ph ৰ মান 5.6 তকৈ কম হ’লে ইয়াৰ ধৰ্ম আম্লিক হয়। এচিড বৰষুণত প্ৰায় 60% H2 SO4 35% HNO3 আৰু অতি কম পৰিমাণৰ HCl থাকে। এচিড বৰষুণে পৃথিৱীৰ আপুৰুগীয়া বুৰঞ্জীপ্ৰসিদ্ধ অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে। এনে এচিড বৰষুণৰ বাবে আগ্ৰাৰ তাজমহলৰ ক্ষতিসাধন হ’ব ধৰিছে। বায়ুমণ্ডলত এম’নিয়াম লৱণ প্রস্তুত হয়। ইয়াৰ ফলত বায়ুমণ্ডলত পাতল কুঁৱলীৰ সৃষ্টি হয়। এম’নিয়াম লৱণৰ সুক্ষ্ম কণাবোৰে বৰষুণৰ টোপালৰ লগত লগ হৈ সিক্ত অৱক্ষেপন সৃষ্টি কৰে। এচিড বৰষুণ কৃষি আৰু আন উদ্ভিদৰ বাবে ক্ষতিকাৰক, কাৰণ ই উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিকাৰক দ্রব্যসমূহ দ্ৰৱীভূত কৰি ধুই নিয়ে ৷ এচিড বৰষুণে মানুহ আৰু আন জীৱ-জন্তুৰ শ্বাস-প্রশ্বাসজনিত ৰোগত সৃষ্টি কৰে। এচিড বৰষুণ মাটিৰ ওপৰেৰে বৈ গৈ নদী, হ্রদ আদিত পৰিলে পানীত থকা প্ৰাণী আৰু উদ্ভিদো ক্ষতিগ্রস্থ হয়। এচিড বৰষুণে পানী কঢ়িয়াই নিয়া ধাতুৰ পাইপ ক্ষয় নিয়ায়, যাৰ ফলত পাইপত থকা গধুৰ ধাতু (Fe, Pb, Cu) খোৱা পানীৰ লগত মিহলি হৈ পৰে। আমাৰ দেশত থকা আপুৰুগীয়া স্মৃতিসৌধ তাজমহলো এচিড বৰষুণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। এচিড বৰষুণৰ ফলত মাছৰ প্ৰজনন ক্ষমতা নাইকিয়া কৰি মাছৰ মৃত্যু ঘটায়।

পানী প্রদূষণ (Water Pollution)

পানীত অনিষ্টকাৰী কণা, মৌল বা বীজাণু মিহলি হৈ থাকিলে পানীখিনিক প্ৰদূষিত হোৱা বুলি কোৱা হয়। বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। ইয়াৰ প্ৰধান উৎসসমূহ হ’ল – সাগৰ, নদী, হ্রদ, পুখুৰী, বিল ইত্যাদি। পানীৰ প্ৰদূষণ ঘটোৱা দ্রব্যসমূহ :
(১) জৈৱিক পদাৰ্থ
(২) জৈৱ ৰাসায়নিক পদার্থ
(৩) তেলজাতীয় দ্রব্য

(৪) গেছ
(৫) উদ্ভিদৰ শোষক দ্ৰব্য
(৬) অজৈৱ ৰাসায়নিক আৰু খনিজ দ্রব্য
(৭) কীটনাশক
(৮) অপমার্জক
(9) তাপ
(১০) তেজষ্ক্রিয় পদার্থ

পানীৰ প্ৰদূষণ উৎস

(১) সমূহীয়া পেলনীয়া পানী (Community Waste Water) : মানুহে বাসস্থান, কার্যালয়, হোটেল-ৰেষ্টোৰা আদিৰ পৰা পেলনীয়া পানীবোৰ নলা-নর্দমাৰে গৈ হ্রদ, বিল, নদী আদিত পৰি পানী প্ৰদূষিত কৰে। এনে আৱৰ্জনাময় পানীত নানা প্রকাৰৰ ৰোগৰ বীজাণু, অপমাৰ্জক তথা আন জৈৱিক প্ৰদূষক আদি মিহলি হৈ থাকে।
(২) ঔদ্যোগিক পেলনীয়া পানী (Industrial Waste Water) : উদ্যোগসমূহত সৃষ্টি হোৱা বিভিন্ন পেলনীয়া বস্তুবোৰ পেলনীয়া পানীৰ সৈতে নলা, নদমাৰে বাহিৰ হৈ আছে। এনে পানীত জৈৱিক আৰু অজৈৱিক- দুয়ো প্ৰকাৰৰ প্ৰদূষক মিহলি হয় আৰু ইহঁতে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰে।
(৩) কৃষিজাত উৎস (Agriculture Sources) : শস্যৰ উৎপাদন বঢ়াবলৈ আৰু শস্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে নানাবিধ ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদি ব্যৱহাৰ কৰা হয়। এই পদাৰ্থবোৰৰ অৱশিষ্ট অংশ পানীৰ সোঁতত উটি গৈ জলাশয়, নদী আদিত পৰি সেইবোৰৰ পানী প্ৰদূষিত কৰিব পাৰে।
পানী প্ৰদূষণৰ নিয়ন্ত্ৰণ (Control of water pollution) : বিভিন্ন উপায়েৰে পানী প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি।
(১) পানীত মিহলি হৈ থকা প্রলম্বিত কণাবোৰ অৱক্ষেপণ প্ৰথাৰে আৰু কলয়ডীয় কণাবোৰ আতঞ্চন প্ৰথাৰে দূৰ কৰিব পাৰি।

(২) ব্লিচিং পাউদাৰ, অ’জন আদি দ্ৰব্যৰ সহায়ত পানীৰ নিৰ্বীজকৰণ কৰিব পাৰি।
(৩) উদ্যোগজাত আৱৰ্জনা মিহলি পানী প্রথমে উপযুক্ত পদ্ধতিৰ দ্বাৰা শোধন কৰি তাৰ পাছতহে নলা-নর্দমাৰে যাবলৈ দিয়া উচিত।
(৪) কৃষি কাৰ্যত ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদি প্ৰয়োজনতকৈ বেছি পৰিমাণে প্ৰয়োগ কৰা অনুচিত। বৰ্তমান কৃত্ৰিম সাৰ, কীটনাশক আদিৰ বিকল্প হিচাপে জৈৱ পদাৰ্থ প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, কাৰণ এনে পদাৰ্থই পৰিবেশ বিনষ্ট কৰে।
(৫) গোবৰ গেছ প্রকল্প স্থাপন কৰি বৰ্জিত মলমূত্র নাইবা আন আন পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন৷

(৬) সাৰৰ পৰিবৰ্তে নাইট্ৰ’জেনৰ ব্যৱহাৰ প্ৰচলন কৰি ভূ-পৃষ্ঠৰ পানীৰ প্ৰদূষণ কমাব পাৰি৷
(৭) খনিজ তেল পৰিবহনৰ সময়ত সাগৰৰ পানীৰ লগত যাতে মিহলি হ’ব নোৱাৰে তাৰ প্ৰতি সতর্ক হ’ব লাগে।
(৮) গছ-গছনি অধিক হাৰত ৰুই মাটিৰ খহনীয়া ৰোধ কৰিব লাগে ৷
(৯) তেজষ্ক্রিয় পদার্থ মাটি প্ৰদূষণৰ আন এক কাৰণ। তেজষ্ক্রিয় পদাৰ্থৰ বিস্ফোৰণ, তেজষ্ক্ৰিয় আৱৰ্জনা, গৱেষণাগাৰৰ পেলনীয়া পদাৰ্থ য’ত তেজষ্ক্রিয় দ্রব্য থাকে, ইহঁতে মাটিৰ মাজেৰে তেজষ্ক্ৰিয় ৰশ্মি বিকিৰণ কৰে।

পানী প্ৰদূষণৰ প্ৰভাৱ(Effect of water pollution)

খোৱা পানীৰ আন্তৰাষ্ট্ৰীয় মানদণ্ড (International Standerds for drinking water):
খোৱা পানীৰ আন্তৰাষ্ট্ৰীয় মানদণ্ড তলত দিয়া হ’ল—
ফ্লুৰাইড (Fluoride): খোৱা পানীত ফুৰাইড আয়ন কিছু পৰিমাণে থাকিব লাগে। খোৱা পানীত ফুৰাইড আয়নৰ অভাৱত দাঁতৰ ক্ষয় হোৱাৰ উপৰি আন বেমাৰৰ সৃষ্টি হয়। সেইবাবে দ্ৰৱণীয় ফ্লুৰাইড লৱণ যোগ কৰি পানীত ফুৰাইড আয়নৰ গাঢ়তা প্রায় 1ppm বা 1 mg dm-3 কৰি লোৱা হয়। ফ্লুৰাইড আয়নৰ প্ৰভাৱত দাঁতৰ এনামেল যথেষ্ট টান হয়। আনহাতে ফুৰাইড আয়নৰ গাঢ়তা 2ppm তকৈ বেছি হ’লে দাঁতত মুগা বৰণৰ ফুৰ্টফুটীয়া দাগ পৰে। অতিৰিক্ত ফ্লুৰাইড আয়ন (10ppm তকৈ বেছি) হ’লৈ হাড় আৰু দাঁতৰ বাবে অনিষ্টকাৰক হৈ পৰে।
লেড (Lead) : লেড পাইপেৰে খোৱা পানী পৰিবহণ কৰিলে, পানীখিনিত লেড দ্ৰৱীভূত হয়, অর্থাৎ, পানীখিনি লেডৰ দ্বাৰা দূষিত হয়। খোৱা পানীত লেডৰ সর্বোচ্চ অনুমোদিত গাঢ়তা প্রায় 50 ppm. লেডে বৃক্ক, যকৃৎ আৰু প্ৰজনন তন্দ্ৰা আদিৰ ক্ষতিসাধন কৰে।
ছালফেট (Sulphate) : খোৱা পানীত অতি পৰিমাণে ছালফেট (50) ppm তকৈ বেছি) থাকিলে মানুহৰ পেটচলা বেমাৰ হয়।
নাইট্রেট (Nitrate) : খোৱা পানীত নাইট্ৰেটৰ সৰ্বোচ্চ সীমা হল 50ppm. খোৱা পানীত অতি পৰিমাণে নাইট্রেট থাকিলে methemoglobinemia ৰোগ হয়।

  • পুখুৰী, নৈ, বিল আদিৰ প্ৰদূষিত পানী খালে মানুহ আৰু প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি হয়।
  • পানীত প্রলম্বিত কণা আৰু কলয়ডীয় পদার্থ থাকিলে পানী ঘোলা হয় আৰু পানী খাবৰ বাবে আৰু ঔদ্যোগিক কামত ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে।
  • প্ৰদূষকবোৰে পানীৰ ৰং, স্বাদ আৰু গন্ধ নষ্ট কৰি পানীক ব্যৱহাৰৰ অনুপযোগী কৰি তোলে।
  • ৰাসায়নিক কীটনাশক আৰু সাৰবোৰেও জলজ উদ্ভিদ আৰু জীৱৰ ক্ষতি সাধন কৰে।
  • প্ৰদূষকবোৰে পানীত থকা সূক্ষ্ম জীৱৰ শ্ৰীবৃদ্ধি ঘটাব পাৰে। এইবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰাৰ কাৰণে মাছ আদি জীৱৰ ক্ষতিসাধন হয়।

ভাৰতবৰ্ষৰ কেইখনমান প্ৰদূষিত নদীৰ নাম- যমুমা, হুগলি, গংগা, দামোদৰ, গোমতি, কাবেৰী।

Leave a Comment