গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱা(১৯০৪-১৯৬৪ চন)— অসমীয়া সাহিত্য-সংস্কৃতিক যিসকল লোকে অমূল্য অৱদানেৰে চহকী কৰি থৈ গৈছে সেইসকলৰ ভিতৰত পাৰ্ৱতিপ্ৰসাদ বৰুৱাও এজন। তেখেতৰ জন্ম হৈছিল শিৱসাগৰত। তেখেত স্কুলীয়া শিভা শিৱসাগৰতে সমাপ্ত কৰে। তাৰ পাছত কটন কলেজৰ পৰা আই.এছ.চি পৰীক্ষা পাছ কৰি কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বি.এ. পাছ কৰে। তেখেত বহু প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেখেতে বহুতো গীত আৰু কবিতাৰ পুথি ৰচনা কৰি থৈ গৈছে। সেইবিলাকৰ ভিতৰত— ‘লখিমী’, ‘সোণৰ সোলেঙ’, ‘গুণগুণনি’, ‘ভঙা টোকাৰীৰ সুৰ’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ আদি উল্লেখযোগ্য।
তেখেতে ৰচনা কৰা গীতসমূহত অসমৰ থলুৱা লোকগীত, বনগীত, আইনাম, ধাইনাম, টোকাৰী গীত, বিয়ানাম আৰু বিহুগীতৰ সুৰ দি অসমীয়া সংগীতলৈ এক নতুন ধাৰা বোৱাইছিল। তেখেতৰ বহুতো দেশপ্ৰেমমূলক গীত আছে। সেইবোৰ হ’ল— ‘নোবোলা তোক সোণৰ অসম’, ‘জয় জয় অসম মাতৃৰ জয়’ আৰু ‘পূজোঁ আহা আই মাতৃৰ চৰম কমল, উঠক বাজি জয়ধ্বনি পৰম মংগল’ আদি।