বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা | বিষ্ণুপ্ৰসাদ ৰাভা pdf

সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ন বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ নৃত্য-শিল্পী, বাদ্য-শিল্পী, নাঠ্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ বুলিও জনা যায়। এই আৰ্টিকেলৰ জৰিয়তে তোমালোকে তেখেতৰ সাংস্কৃতিৰ  জীৱনৰ বিষয়ে কিছু কথা জানিব পাৰিব।

সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পাটিয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু নৃত্য-কলাৰ প্ৰতি আকৃষ্ট হৈছিল।

বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰো আছিল। তেখেত বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু ‘বাঁহী’ আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য।

১৯৪০ চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি নৃত্য, কালীয় দমন নৃত্য পৰিৱেশন কৰে। তেখেতৰ নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল। সেই সাংস্কৃতি অনুস্থানৰ সংগঠক প্ৰেমচান্দেও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ তাত তেখেত বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। তেখেত কেইবাটাও ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ বাহিৰে ৰাভা, বড়োকে ধৰি কেইবাটাও জনজাতীয় ভাষা জানিছিল।

বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্য শিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জনাৰ লগতে অসমৰ বিভিন্ন বাদ্য-যন্ত্ৰ যেনে- ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে তেখেতে বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল।

অসমৰ সুসন্তান এইজনা শিল্পীয়ে ১৯৬৯ চনৰ ২০ জুন তাৰিখে পৰোলকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃ্ত্যুৰ দিনটো ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰি আহিছে।

বিষ্ণুপ্ৰসাদ ৰাভা pdf

https://drive.google.com/file/d/1E-sSxJWa9WZ6J86nKhaFRLp0x1P-aGxI/view?usp=drive_link

Leave a Comment