সাধাৰণতে কোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিলে তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতাই।
কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে জনসংখ্যা ২.৫ বিলিয়নৰ পৰা ৬ বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাইছে। জনসংখ্যা এই দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল মৃত্যুৰ হাৰৰ হ্ৰাসতকৈ জন্মৰ হাৰৰ হ্ৰাস কম হোৱাটো। আধুনিক প্রযুক্তিগত সা-সুবিধা, চিকিৎসা ব্যৱস্থা, খাদ্য, বাসস্থান ইত্যাদিয়ে মৃত্যুৰ হাৰ কমাই মানুহৰ আয়ুস বৃদ্ধি কৰিছে। ক্রমাগতভাৱে বাঢ়ি অহা জনসংখ্যা বৃদ্ধিয়ে সম্পদসমূহৰ অধিক ব্যৱহাৰৰ উপৰিও পৰিৱেশ দূষিত কৰি তুলিছে। জনসংখ্যা বৃদ্ধিয়ে পৰিৱেশ অধোগমনৰ প্ৰধান কাৰক হৈ পৰিছে। সম্প্রতি বিশ্ব জনসংখ্যাৰ বৃদ্ধিৰ বাৰ্ষিক হাৰ হ’ল শতকৰা ১.৫। এই বৃদ্ধিৰ হাৰ অব্যাহত থাকিলে ২০২৫ চনত এই জনসংখ্যা ৮.৩ বিলিয়ন হ’ব বুলি ধাৰণা কৰা হৈছে। এই বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহত আপেক্ষিকভাবে অধিক, উন্নয়নৰ প্ৰাক স্তৰত সকলো দেশতে জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাটো পৰিলক্ষিত হয়। অৱশ্যে উন্নত দেশে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কিছু সমৰ্থ হৈছে। আৰু ভূমি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে নতুন প্রযুক্তি আৰু কৌশল আৱিষ্কাৰ কৰি সিবোৰক কামত লগোৱা দেখা গৈছে।
জনসংখ্যা বৃদ্ধিয়ে পৰিৱেশ দূষিত কৰে। প্ৰকৃততে এই পৃথিৱীত পৰিৱেশ বিনষ্ট হোৱাৰ আঁৰত আছে প্ৰধানকৈ বর্ধিত কার্যকলাপ। আদি কালত যেতিয়া বিশ্বত মানুহৰ সংখ্যা কম আছিল, তেতিয়া মানুহে পৰিৱেশ বিঘ্নিত কৰিছিল যদিও তাৰ প্ৰভাৱ ইয়াৰ উৎস স্থলতে সীমাবদ্ধ হৈ আছিল। সম্প্রতি মানুহৰ সংখ্যা ইমান বৃদ্ধি পাইছে আৰু কাৰিকৰী প্ৰযুক্তি ইমান শক্তিশালী হৈ পৰিছে যে, পৰিৱেশৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা আৰু প্ৰতিকূল সম্পদ আহৰণত এই শক্তিশালী প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত পৰিৱেশ অৱনতিৰ প্ৰতিকূল পৰিণাম ইয়াৰ উৎসস্থলতে আবদ্ধ নাথাকি দূৰ দূৰানিলৈ এই প্ৰভাৱ বিস্তাৰিত হৈছে। মানুহৰ বসতি আৰু কাৰিকৰী কৌশল প্রয়োগৰ ব্যাপকতাই পৰিৱেশৰ ওপৰত তীব্র আঘাত হানিছে আৰু ইয়াৰ প্ৰতিফল মানৱ জাতিয়ে ইতিমধ্যে ভোগ কৰিবলৈ আৰম্ভ কৰিছেই।