মানুহৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কম হোৱা সত্ত্বেও যদি জন্মৰ হাৰ কম নহয় তেন্তে জনসংখ্যাৰ বৃদ্ধি দ্ৰুততৰ হয়। এনে পৰিস্থিতিত জনসংখ্যা বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বোলে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষত ১৯৫১ চনৰ পিছত উন্নত মানৰ চিকিৎসা সেৱাৰ বাবে মৃত্যুৰ হাৰ কমিব ধৰিলে যদিও জন্মৰ হাৰ সেই অনুপাতে কম নোহোৱাত বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুততৰ হ’ল। গতিকে ভাৰতবৰ্ষত সেই সময়চোৱাত জনসংখ্যাত বিস্ফোৰণ হ’ল। কিন্তু ১৯৮১ চনৰ পিছৰে পৰা মৃত্যুৰ হাৰ বহু পৰিমাণে কমিল আৰু সেই জন্মৰ হাৰ আগৰ তুলনাত কমিব ধৰাত জনসংখ্যা বৃদ্ধি কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিলে। ইয়াৰ ফলত সমাজত বা দেশত বিভিন্ন সমস্যায়ে দেখা দিয়ে। জনসংখ্যা বৃদ্ধিৰ হাৰত অৰ্থনৈতিক বিকাশ দ্ৰুত হাৰত হোৱা নাই। ইয়াৰ ফলত জনবিস্ফোৰণ উন্নয়নশীল দেশৰ বাবে এক প্ৰত্যাহবান মূলক সমস্যা ৰূপে দেখা দিছে। ১৮০০ চনত বিশ্বৰ জনসংখ্যা মাত্ৰ ৬.৫ বিলিয়ন আছিল। কিন্তু তাৰ ১৩০ বছৰ পিছত এই জনসংখ্যা বাঢ়ি ২ বিলিয়ন হয়গৈ। ১৯৯৯ চনত বিশ্বৰ জনসংখ্যা ৬.৫ বিলিয়ন অতিক্ৰম কৰিলে। বিশ্ব বেংকৰ এক হিচাপ অনুসৰি ইয়াৰ পৰিমাণ ২০৪৫ চনত ১১ বিলিয়ন হ’বগৈ। পৃথিৱীৰ উন্নতশীল দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বছৰি ২%।
চীন দেশৰ পিছতে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবসতি পূৰ্ণ দেশ। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতিবছৰে প্ৰায় ১৬ নিযুত, কিন্তু ১৯৯১ চনত ই ৮৪৪ নিযুত হয়গৈ। বৰ্তমান ভাৰতৰ জনসংখ্যা পৃথিৱীৰ জনসংখ্যাৰ ১৫.৬ শতাংশ। ভাৰতৰ ভিতৰত উত্তৰ প্ৰদেশ ৰাজ্য আটাইতকৈ অধিক জনবসতিপূৰ্ণ(প্ৰায় ১৩৮.৭ নিযুত) আৰু ছিকিম ৰাজ্য আটাইতকৈ কম জনবসতিপূৰ্ণ(প্ৰায় ৪ লাখ)।
বিশ্বত প্ৰতি ছেকেণ্ড গড়ে ৪-৫ জন শিশুৰ জন্ম হয় আৰু ২ জন লোকৰ মৃত্যু হয়। অৰ্থাৎ প্ৰতি ছেকেণ্ডত ২.৫ জন লোক বৃদ্ধি পায়। এই হিচাপ অনুসৰি প্ৰতি ঘণ্টাত জনসংখ্যা প্ৰায় ৯০০০ জনলৈ বৃ্দ্ধি হয় আৰু সেইদৰে প্ৰত্যেক দিনত ২,১৪,০০০ জন বৃদ্ধি হয়গৈ।
জনসংখ্যা বিস্ফোৰণ সাধাৰণতে দুটা তত্ত্বৰে ব্যাখ্যা কৰা হয়। তাৰে প্ৰথমটো মালথাচৰ তত্ত্ব(Malthusian Theory) আৰু দ্বিতীয়টো হ’ল মাৰ্ক্সৰ তত্ত্ব(Marxian Theory)। মালথাচৰ তত্ত্বমতে জনসংখ্যা বৃদ্ধি সূচকীয় হাৰত বা চক্ৰবৃদ্ধি সূত উলিওৱা সূত্ৰ অনুসৰি হয়। কিন্তু তাৰ বিপৰীত খাদ্য শস্যৰ উৎপাদন অতি লেহেম গতিত বৃদ্ধি পাইছে বা স্থিৰ হৈ আছে। ফলত অনাগ্ৰহ দূৰ্ভিক্ষ, নানা ধৰণৰ ৰোগ, অসৎ কষ্ট আদি জনবিস্ফোৰণৰ অংগ স্বৰূপ হৈ পৰিছে। সেয়েহে মালথাচে কিছুমান ধনাত্মক ব্যৱস্থা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা যোগেদি জনসংখ্যা নিয়ন্ত্ৰণৰ পোষকতা পৰিছিল।
কাৰ্লমাক্সৰ মতে জনসংখ্যা বৃ্দ্ধি দূৰ্ভিক্ষ, দৰিদ্ৰতা, সম্পদৰ হ্ৰাসপ্ৰাপ্তি বা প্ৰদূষণ আদিৰ কাৰক হোৱাতকৈ এইবোৰৰ আদি লক্ষণহে হয়। তেওঁৰ মতে ধনী বা থকা সকলৰ দ্বাৰা নথকা সকলৰ বা গৰীৱ শ্ৰেণীৰ ওপৰত কৰা শোষণ নীতি হ’ল সামাজিক বিভ্ৰাটৰ মূল কাৰণ। ইয়াতেই সৃষ্টি হয় দৰিদ্ৰতা, দূৰ্ভিক্ষ, নিবনুৱা, পৰিৱেশৰ স্থলন আদিৰ দৰে উৎপাদকবোৰ।
FAQ
জনসংখ্যাৰ বৃদ্ধি মানে কি
জনস্ংখ্যা বৃদ্ধি বুলিলে এক নিৰ্দিষ্ট অঞ্চলত জনসংখ্যাৰ আকাৰ আৰু গঠন প্ৰক্ৰিয়াৰ বৃদ্ধিক বুজায়। দেশ এখনৰ জন্ম মৃত্যুৰ পাৰ্থক্য হ’ল জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি।
জনসংখ্যা বিষ্ফোৰণ মানে কি?
মানুহৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কম হোৱা সত্ত্বেও যদি জন্মৰ হাৰ কম নহয় তেন্তে জনসংখ্যাৰ বৃদ্ধি দ্ৰুততৰ হয়। এনে পৰিস্থিতিত জনসংখ্যা বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বোলে।
জনসংখ্যা বিস্ফোৰণ কি এনে কিয় হয়
জনসংখ্যা বিস্ফোৰণ হ’ল জনসংখ্যা বৃদ্ধিৰ হাৰত হোৱা এক প্ৰত্যাশিত দ্ৰুত বিস্তুৃতি, যিটো জন্ম-মৃ্ত্যুৰ হাৰৰ ব্যৱধানৰ বাবে জনসংখ্যা পৰিৱৰ্তন দ্বিতীয় পৰ্য্যয়ত আহে।
কোনটো দিনত বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়?
১১ জুলাই দিনটো।
পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ অঞ্চলটো কি?
ওচেনিয়া মাত্ৰ ০.৫%(১৯৯০ চনৰ গণনা মতে)।
শূন্য জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা?
শিশুৰ জন্মৰ হাৰ লগতে প্ৰব্ৰজন সংখ্যা যদি মৃত্যু হাৰ আৰু দোশৰ পৰা ওলাই যোৱা সংখ্যাৰ সমান হয়, তেনেহ’লে জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ব শূন্য মানৰ।
মুঠ প্ৰজননতা বা উৰ্বৰতাৰ হাৰ কি?
জনসংখ্যা বৃদ্ধিৰ অন্যতম জোখৰ মাপ হ’ল প্ৰজননতাৰ হাৰ। প্ৰজননতাৰ হাৰৰ সংজ্ঞা দিয়া হয় কোনো এগৰাকী সন্তান জন্ম দিব পৰা নাৰীৰ গড় হিচাপত সন্তানৰ সংখ্যা অনুসৰি বিকাশ প্ৰাপ্ত দেশত প্ৰজননতাৰ হাৰ হ’ল ১.৯ আৰু বিকাশশীল দেশত ৪.৭।
জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি
জনসংখ্যা বিস্ফোৰণ বা বৃদ্ধিৰ ফলত সৃষ্টি হােৱা সমস্যাসমূহ তলত উল্লেখ কৰা হ’ল-
- সামাজিক পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটে।
- খাদ্য সংকট দেখা দিয়ে।
- দেশৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড হ্রাস পায়।
- দৰিদ্ৰ লােকৰ সংখ্যা বাঢ়ে।।
- শিক্ষা-দীক্ষাৰ অনগ্রসতাই দেখা দিয়ে।
- দ্রব্যমূল্য বৃদ্ধি পায়।
- সংস্থাপনহীনতাই দেখা দিয়ে।
- বাসস্থানৰ অভাৱে দেখা দিয়ে।
- শিক্ষা আৰু স্বাস্থ্য সমস্যাই দেখা দিয়ে।
জনসংখ্যাৰ গুণগত বিকাশ মানে কি
জনসংখ্যাৰ গুণগত বিকাশ মানে হ’ল মানৱ সম্পদৰ বিকাশকে বুজায়।
জনসংখ্যাৰ বিতৰণ মানে কি
জনসংখ্যাৰ বিতৰণ বুলিলে অঞ্চল বিশেষে গঢ়ি উঠা বসতিকে বুজায়।
১/জনসংখ্যা বিফোৰণৰ সমস্যা ও সমাধান ?
২/জনসংখ্যা বিস্ফোৰণৰ প্ৰভাৱ ?
এই কেইটা লাগে আমাৰ, প্লিজ অলপ দিয়ক |
জনসংখ্যা বিস্ফোৰণৰ প্ৰভাৱ?জনসংখ্যা বিফোৰণৰ সমস্যা ও সমাধান?
১/জনসংখ্যা বিস্ফোৰণৰ প্ৰভাৱ ? কেইটা লাগে আমাৰ, প্লিজ অলপ দিয়ক |
১/জনসংখ্যা বিস্ফোৰণৰ প্ৰভাৱ linkজনসংখ্যা বিস্ফোৰণৰ প্ৰভাৱ?