অসমৰ কুটীৰ শিল্পৰ সমস্যা

       কুটীৰ শিল্প হ’ল আধুনিক তথ্য-প্ৰযুক্তিৰ সহায় নোলোৱাকৈ থলুৱা সম্পদক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শিল্পকেন্দ্ৰ। কুটীৰ শিল্পসমূহৰ প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ হোৱাৰ লগতে দেশৰ আৰ্থিক উন্নয়নতো এনে উদ্যোগসমূহে বিশেষ অৰিহণা যোগায়। আকৌ এনে উদ্যোগসমূহৰ জৰিয়তে সমাজৰ এচাম লোক স্বাৱলম্বী হৈ জীৱন নিৰ্বাহ কৰিব পাৰে। তদুপৰি কুটৰ শিল্পসমূহৰ যোগেদি মানুহৰ সুকুমাৰ অনুভূতি তথা সৌন্দৰ্যবোধৰো পৰিচয় ফুটি উঠে। সৰ্বোপৰি এনে শিল্প উদ্যোগসমূহে দেশৰ ভৌতিক সংস্কৃতি ৰক্ষাত এক বিশেষ ভূমিকা পালন কৰে।

       অসম প্ৰাকৃতিক সম্পাদৰ ক্ষেত্ৰত অতি চহকী। এনে প্ৰাকৃতিক সম্পদক ভিত্তি কৰি অসমৰ বিভিন্ন ধৰণৰ কুটীৰ শিল্প গঢ় লৈ উঠিছে। এনে শিল্পসমূহে অসমৰ এক স্বকীয় পৰিচয় বহন কৰাৰ লগতে অসমৰ আৰ্থিক উন্নয়নতো বিশেষ অৰিহনা যোগাই আহিছে। অসমৰ এনে শিল্পসমূহৰ ভিতৰত এড়ী, মুগা, মেজাংকৰী, কপাহী আদি বয়ন শিল্প, কাঠ শিল্প, মৃৎ শিল্প, বাঁহ-বেত শিল্প, ধাতু  শিল্প ইত্যাদি উল্লেখযোগ্য কুটীৰ শিল্পৰ অন্তৰ্গত।

       পৰণিকালৰে পৰা অসমৰ বয়ন শিল্পৰ ভেটি সুদৃঢ় বুলিব পাৰি।  অসমীয়া মানুহে এড়ী, মুগা, কপাহ আদিৰ পৰা সূতা তৈয়াৰ কৰি বিভিন্ন ধৰণৰ বস্ত্ৰ নিৰ্মাণ কৰি লৈছিল। ৰামায়ণতো অসমক ‘পলু পোহাৰ দেশ’ বুলি কোৱা হৈছে। অসমৰ ইতিহাসলৈ ঘুৰি চালেও দেখা যায় সপ্তম শতিকাতে ভাস্কৰবৰ্মাৰ ৰাজসভালৈ অহা অতিথিক বিভিন্ন বস্ত্ৰ উপহাৰ হিচাপে দিয়া হৈছিল। অসমত বসবাস কৰা সকলো জাতি-জনজাতিৰ মাজতে এনে বয়ন শিল্পৰ প্ৰচলন আছে। তদুপৰি পাট-মুগা শিল্পৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ এক বিশেষ খ্যাতি আছে। সাম্প্ৰতিক সময়ত অসমত পাট-মুগা বস্ত্ৰই বিশ্বৰ বিভিন্ন দেশত সমাদৰ লাভ কৰিছে। অসমীয়া মানুহৰ প্ৰতি ঘৰতে তাঁতশালৰ ব্যৱহাৰ আছে আৰু আজিও অসমীয়া জীয়ৰী-বোৱাৰীৰ তাঁতশালৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে দেখা যায় যে বয়ন শিল্পত অতীজৰে পৰা অসমৰ খ্যাতি জাকত জিলিকা  ধৰণৰ। এই ক্ষেত্ৰত অসমীয়া শিপিনীৰ শিল্পসন্মত ৰূপৰ পৰিচয় মন কৰিবলগীয়া।

       বাঁহ-বেতৰ ক্ষেত্ৰতো অসম কোনো গুণে পিছপৰা বিধৰ বুলি ক’ব নোৱাৰি। অসমৰ প্ৰাকৃতিক সম্পদমূহৰ ভিতৰত বাঁহ-বেতৰ প্ৰাচুৰ্যতাই বিভিন্ন ধৰণৰ সৰু-সুৰা শিল্প গঢ় লৈ উঠাত সহায় কৰি আহিছে। বাঁহৰ পৰা নিৰ্মিত ঘৰুৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী হিচাপে বিচনি, কুলা, চালনী, খৰাহী, পাচি ইত্যাদি তৈয়াৰ কৰা হয়। তদুপৰি ঘৰবন্ধা আৰু অন্যান্য বিভিন্ন কামত বাঁহৰ পৰা তৈয়াৰী বিভিন্ন ধৰণৰ সামগ্ৰী সহজতে নিৰ্মাণ কৰি ল’ব পৰা যায়। একেদৰে বেতৰ পৰা তৈয়াৰ কৰা বিভিন্ন ধৰণৰ আচবাব যেনে, চকী-মেজ, বান্ধিবৰ বাবে বেতৰ ৰচী আদি তৈয়াৰ কৰাৰ লগতে কোনো ধৰণৰ অভাৱ নোহোৱাকৈ এই বাঁহ-বেতৰ পৰা অতি কম খৰচতে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি ল’ব পাৰি। সেয়ে অতীজৰে পৰা এনে বস্তুসমূহৰ দ্বাৰা মানুহে বহুতো অভাৱ তথা সমস্যা দূৰ কৰি আহিছে এক সৰু সৰু শিল্প গঢ় দি।

       আনহাতে, প্ৰাকৃতি সম্পদৰ চহকী দেশ অসমত অতীজৰে পৰা কাঠেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী ঘৰুৱা কামত ব্যৱহাৰ কৰি আহিছে। সেইসমূহৰ ভিতৰত চকী-মেজ, ঘৰবন্ধা কামত ব্যৱহাৰ্য কিছুমান প্ৰয়োজনীয় কাঠৰ সামগ্ৰী তথা দুৱাৰ, খিৰিকী, বিছনা-পত্ৰ আদি তৈয়াৰ কৰি লোৱা হয়।

       বিভিন্ন শিল্পসমূহৰ ভিতৰত অসমৰ আন এক উল্লেখনীয় শিল্প হ’ল মৃৎশিল্প। অতীজৰে পৰা অসমত মাটিৰে নিৰ্মিত সা-সামগ্ৰীৰ ব্যৱহাৰ হৈ আহিছে। ঘৰুৱা জীৱনত ব্যৱহৃত বিভিন্ন পাত্ৰ মাটিৰে তৈয়াৰ কৰি আহিছে। এতিয়াও বিভিন্ন ক্ষেত্ৰত এই মাটিৰ পাত্ৰৰ ব্যৱহাৰ হোৱা দেখা যায়। এই ক্ষেত্ৰত মাটিৰ টেকেলী, কলহ, মাটিচাকি, মাটিৰে তৈয়াৰী বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি আদিও তৈয়াৰ কৰা হয়। বিভিন্ন উৎসৱ-পাৰ্বণত পুতলা বা অন্যান্য সামগ্ৰী তৈয়াৰ কৰাৰ ক্ষেত্ৰত মৃৎশিল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

       অসমৰ আন এক গুৰুত্বপূৰ্ণ শিল্প হিচাপে কাঁহশিল্পৰ নাম ল’ব লাগিব। এই ক্ষেত্ৰত কাঁহশিল্পই বিভিন্ন বাচন-বৰ্তন তৈয়াৰ কৰাৰ উপৰি আন বহুতো সামগ্ৰী যেনে, শৰাই, জাপি আদিৰ দৰে সামগ্ৰী তৈয়াৰ কৰি অসমীয়া সংস্কৃতিৰ মূল্যৱান সম্পদ হিচাপে অতীজৰে পৰা চিনাকি দি আহিছে।

       ঠিক একেদৰে লৌহশিল্পৰ ক্ষেত্ৰতো অসমত পিছ পৰি থকা নাই। লোহাৰে নিৰ্মিত সামগ্ৰীসমূহৰ ভিতৰত দা, কুঠাৰ, ষাঠি, বৰটোপ, হিলৈ আদিৰ দৰে সামগ্ৰীসমূহ অতীজৰে পৰা এতিয়ালৈকে বহুল প্ৰচলন হৈ আছে। এইসমূহৰ বিভিন্ন ঘৰুৱা কামৰ উপযোগিতাও কিছু কিছু লক্ষ্যণীয়।

       এটা সময়ত অসমত স্বৰ্ণশিল্পৰ ক্ষেত্ৰত বহুগুণে আগবঢ়া আছিল। কাৰণ সেই সময়ত অসমত সোণ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। সোণৰ পৰাই অসমীয়া সোণাৰীয়ে বিভিন্ন বিভিন্ন ধৰণৰ অলংকাৰ নিৰ্মাণ কৰিছিল। সোণৰ পৰা গলপতা, ঢোলবিৰী, গেজেৰা, ডুগডুগী, লোকাপাৰ আদি তৈয়াৰ কৰা হয়। ঠিক একেদৰে বিভিন্ন সামাজিক কাম-কাজত বিভিন্ন সোণৰ আ-অলংকাৰো তৈয়াৰ কৰি ব্যৱহাৰ কৰি আহিছে। অসমৰ মানুহে এনেদৰে সোণৰ চাহিদাৰ অনুপাতে স্বৰ্ণশিল্প গঢ়ি তুলিছে। ঠিক একেদৰে অসমত হাতীদাঁত গঁড়ৰ খড়ৰ্গ আদিৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী যেনে ফনি, মসৃণ পাটী আদি তৈয়াৰ কৰি আহিছে। ইয়াৰ পৰা মনোৰম সামগ্ৰী তথা ঘৰতে সজাই-পৰাই থ’ব পৰাকৈ বহুতো সামগ্ৰী তৈয়াৰ কৰি আহিছে। এই সমূহ থলুৱা সম্পদৰ দ্বাৰা বিভিন্ন শিল্পসমূহ গঢ় উঠা দেখা যায়। এই শিল্পসমূহৰ দ্বাৰা অসমী.য়া লোকসকল স্বাৱলম্বী হোৱাৰ লগতে নিজৰ নিজৰ প্ৰয়োজনবোৰো পূৰাব পাৰিছিল।

       বৰ্তমান সময়ত অসমৰ উদ্যোগসমূহৰ আগৰ দৰে চহকী হৈ থকা নাই। বিভিন্ন কাৰণত এই শিল্পসমূহে সমাদৰ লাভ কৰাৰ পৰিৱৰ্তে ইয়াৰ চাহিদাও ক্ৰমাৎ কমিবলৈ ধৰিছে। ইয়াৰ ব্যৱহাৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি সমগ্ৰ অসমতে এনে সৰু-সুৰা শিল্পসমূহত উৎপাদিত সামগ্ৰীৰো যোগান কমি আহিবলৈ লৈছে। বিশেষকৈ বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰা বিভিন্ন যন্ত্ৰপাতি ব্যৱহাৰ কৰি অসমত বহুতো ডাঙৰ ডাঙৰ শিল্পউদ্যোগ গঢ় লৈ উঠিছে। অতি কম সময়ৰ ভিতৰতে অধিক সামগ্ৰী উৎপাদন কৰিব পৰা এই শিল্পউদ্যোগমূহৰ সামগ্ৰীসমূহৰ উচ্চমান বিশিষ্ট হোৱাৰ বাবে বৰ্তমান বজাৰসমূহত ইয়াৰ চাহিদাৰো বৃদ্ধি পাইছে। ফলত থলুৱা শিল্পসমূহে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰা হৈছে। ইফালে কুটীৰ শিল্পৰ দৰে শিল্পসমূহৰ দৰে শিল্পসমূহত নিয়োজিত কৰ্মীসকলে তেওঁলোকৰ দাৰিদ্ৰতাৰ বাবেই প্ৰয়োজনীয় মূলধনৰ যোগান ধৰিব নোৱাৰি শিল্পসমূহৰ ক্ৰমাৎ অৱনতিৰ দিশে গতি কৰিছে। অনুন্নত পৰিবহণ ব্যৱস্থাত তথা চৰকাৰৰ অৱহেলা, তথা বৈজ্ঞানিক যন্ত্ৰপাতিৰ ব্যৱহাৰৰ উপযোগী নোহোৱা আদি বিভিন্ন কাৰণত এই শিল্পসমূহৰ দিন বেয়াৰ ফাললৈ গতি কৰিছে। আনহাতে, থলুৱা সামগ্ৰীৰ উৎপাদনৰ তুলনাত বৰ্তমান প্লাষ্টিকৰ উদ্ভাৱনে মাটি, বাঁহ-বেতৰ দৰে সামগ্ৰীৰে নিৰ্মিত বস্তুৰ চাহিদা বহুপৰিমাণে কমাই দিছে।

       এনেদৰে গঢ়ি উঠা উন্নত প্ৰযুক্তি-কৌশলৰ উদ্যোগসমূৰ ফলত অসমত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিছে। ফলত অসমৰ চুকে-কোণে যিদৰে সৰু-সুৰা শিল্পসমূহে গঢ়ি উঠিছিল, সেই সমূহত নিয়োজিত হৈ থকা লোকসকল এতিয়া নিবনুৱা হৈ বহি থাকিব লগীয়া হৈছে। ফলত অসমত নিবনুৱা সমস্যাৰ দৰে এক জ্বলন্ত সমস্যাৰ সৃষ্টি হৈছে। সেই বাবে এনে শিল্পসমূহত নিয়োদিত হৈ থকা লোকসকলৰ লগতে বিভিন্ন ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰি নতুনকৈ এনে থলুৱা শিল্পসমূহ গঢ়ি তুলিলে হয়তো নিবনুৱা সমস্যাৰো বহু পৰিমাণ দূৰ হ’ব বুলি আশা কৰিব পাৰি। কাৰণ অসমত কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ অভাৱ কোনোকালেই হোৱা নাই। তদুপৰি মুলধন যোগানৰ দ্বাৰা এনে শিল্পসমূহ পুনৰ গঢ়ি তুলিব পৰা যাব আৰু ইয়াৰ দ্বাৰা ঘৰুৱা কামত ব্যৱহাৰ্য সা-সামগ্ৰীৰ উৎপাদনৰ দ্বাৰাও পৰিমাণে অভাৱ দূৰ কৰিব পৰা যাব। এই ক্ষেত্ৰত দেশৰ আৰ্থিক সমস্যাসমূহলৈ চকু দি সকলো কুটীৰ শিল্পসমূহ পুনৰ বিকাশ ঘটালে নিবনুৱাৰ দৰে এক জ্বলন্ত সমস্যাৰো সমাধান হ’ব বুলি আশা কৰিব পাৰি। কাৰণ জনবহুল দেশ হিচাপে অসমত এতিয়া এনেধৰণৰ নিবনুৱা সমস্যাই আন বহুতো আনুষংগিক সমস্যাৰো সৃষ্টি কৰিছে। সেয়ে আশা কৰা মতে কাম হ’লে ই এক উচিত পদক্ষেপ লোবা বুলি সকলোৱে একেমুখে সহমত আগবঢ়াব।

প্ৰশ্নত্তৰঃ

কুটীৰ শিল্প কাক বোলে?

কুটীৰ শিল্প হ’ল আধুনিক তথ্য-প্ৰযুক্তিৰ সহায় নোলোৱাকৈ থলুৱা সম্পদক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শিল্পকেন্দ্ৰ।

Leave a Comment