অৰুণোদয় আঁচনি online apply ২০২২

ওৰুণোদই’ বা অৰুনোদই-Orunodoi or Arunodoi আঁচনি হৈছে অসম চৰকাৰৰ এটা নতুন আঁচনি তথা ২০২০ চনৰ ২ অক্টোবৰত আৰম্ভ এটা আঁচনি হয়। ‘অৰুণোদই’ৰ যোগেদি অসম ৰাজ্যখনৰ ২৪ লাখতকৈও অধিক দৰিদ্ৰ পৰিয়ালৰ বাবে আৰ্থিক লাভালাভৰ পৰিকল্পনা কৰা হৈছে। পৰিকল্পিত লাভালাভ ৮৩০/- টকাৰ পৰা ১০০০/- টকা মহিলালৈ বৃদ্ধি কৰা হৈছে। তেওঁলোকে প্ৰতি মাহৰ প্ৰথম দিনটোত, অক্টোবৰ ২০২০-ৰ পৰা এই পৰিমাণ প্ৰাপ্ত কৰিব। মহিলাসকল পৰিয়ালৰ প্ৰাথমিক তত্বাৱধায়ক হোৱাৰ বাবে আঁচনিখনৰ হিতাধিকাৰী হিচাপে ৰখা হয়। ‘অৰুণোদই’ আঁচনিয়ে ৰাজ্যখনৰ প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (ডিবিটি) আঁচনিৰ জৰিয়তে প্ৰতি মাহে ১০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব।

জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে নিৰ্দেশনা অনুসৰি যোগ্য হিতাধিকাৰীৰ তালিকা কঠোৰভাৱে প্ৰস্তুত কৰাৰ পদ্ধতি প্ৰস্তুত কৰিব পাৰে। হিতাধিকাৰীসকলৰ প্ৰাথমিক বাছনি যোগ্যতা/অযোগ্যতাৰ চৰ্তৰ ওপৰত আধাৰিত কৰি গাঁও পঞ্চায়ত (জিপি) গাওঁ পৰিষদ উন্নয়ন সমিতি (ভিচিডিচি)নগৰস্থানীয় সংস্থা (ইউএলবি)ৰ পৰ্যায়ত কৰা হ’ব।

বৈশিষ্ট্যসমূহ

  • আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ মাহিলি ৮৩০ টকাৰ আৰি্থক সাহায্য।
  • পৰিয়ালৰ দ্বাৰা নিৰ্বাচিত মহিলাগৰাকীৰ নামত এই সুবিধা প্ৰদান কৰা হ’ব।
  • হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰত্যক্ষ হস্তান্তৰ প্ৰক্ৰিয়াৰে ধনৰাশি জমা কৰা হ’ব।
  • প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰায় ১৯ লাখ হিতাধিকাৰীক সাঙুৰি লোৱাৰ লক্ষ্য।

যোগ্যতা

  1. আবেদনকাৰী অসমৰ স্হায়ী বাসিন্দা হ’ব লাগবি।
  2. বৰ্তমান অসমত বসবাস কৰা হ’ব লাগিব।
  3. পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব।
  4. আবেদনকাৰীৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক।   

1 thought on “অৰুণোদয় আঁচনি online apply ২০২২”

Leave a Comment