সমূহ ইছলাম ধৰ্মাৱলম্বী ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অসমবাসী বা ভাৰতবাসীক পবিত্ৰ ঈদ-উল-ফিতৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু লগতে বিভিন্ন জাতি জনজাতি মিলনৰ ভূমি এইখন অসমত সকলোকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলো। এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনত সকলৰে মাজত সমন্বয়, একতা, তথা ভাতৃত্বৰ এনাজৰী টনকিয়াল হওঁক আৰু সকলোৰে মঙ্গল হওঁক।
আৰু পঢ়ক: ঈদ-উল-জুহা | ঈদ-উল আজহা
ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। ইয়াক আৰৱী ভাষাত عيد الفطر অৰ্থাৎ ৰোজা ভঙাৰ দিৱস। দ্বিতীয়টো হ’ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (ইয়াৰ অৰ্থ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। মুছমানসকলে এমাহ ৰোজা ৰখাৰ পাছত এই দিনতে ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।
ঈদ পালন কৰা সময়
মুছলমানসকলে চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি এই ঈদৰ দিন ধাৰ্য কৰা হয়। এটা শুক্ল প্ৰতিপদৰ পৰা তাৰ পিছৰ অমাৱস্যালৈকে সময়ছোৱাক চন্দ্ৰ মাহ বুলি কোৱা হয়, এই মাহকে মুছমান সকলে বিশ্বাস কৰে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুন দিন দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। এই পবিত্ৰ মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালন কৰিলে শুভ হয় বুলি বিশ্বাস কৰে।
আজি মই আপোনালোকক এই আৰ্টিকেলটোৰ জৰিয়তে পবিত্ৰ ঈদ উল ফিতৰৰ ঈদৰ শুভেচ্ছা অসমীয়া, ঈদ উল ফিতৰৰ শুভেচ্ছা, ঈদ উল ফিতৰৰ শুভেচ্ছা ২০২২, Happy Eid Mubarak, Eid Mubarak 2022, Eid ul fiter wishes, Happy Eid, Eid Mubarak Status, Eid Mubarak Status Assamese, Assamese Eid Mubarak Status, Assamese Eid Mubarak Wishes এনেধৰণৰ কিছুমান শুভ বাৰ্তা আপোনালোকক আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব।
১. সকলোলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
২. ঈদৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে…সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালো।
৩. ঈদৰ এই পৱিত্র ক্ষণত সকলোয়ে প্রেম,মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে যেন বান্ধ খাওক। তাৰেই কামনাৰে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
৪. এই পৱিত্র ঈদে যেন সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সমৃদ্ধি একতাৰ বার্তা। সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ।áÿ
৫. ঈদ মোবাৰাক। তোমাৰ জীৱনলৈ আহক সুখৰ নৈ বৈ জীৱন হৈ পৰক আলোকময়।
৬. সমূহ অসমবাসীলৈ পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছো পৱিত্ৰ ঈদে সকলোৰে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। লগতে বিভিন্ন জাতি – জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলোকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলো।
ৰমজান মাহৰ শুভেচ্ছা/ঈদ উল ফিতৰ
৭. ঈদ মোবাৰাক সকলো ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত শুভেচ্ছা আৰু মৰম জনালোঁ। জাতি ধর্ম নির্বিশেষে এই পৱিত্ৰ ঈদে যেন কঢ়িয়াই আনক শান্তি সমৃদ্ধিৰ বার্তা।
৮. সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীলৈ পৱিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। এই পৱিত্ৰ ঈদৰ দিনৰ পৰাই আমাৰ সমাজত ভাতৃত্ববোধৰ সৃষ্টি হওক তাকেই কামনা কৰিলো।
৯. সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদৰ এই পৱিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জনালোঁ। ঈদ মোবাৰক।
১০. নতুন পুৱা, নতুন দিন… শুভ হওঁক এই ঈদৰ দিন… সমুহ ধৰ্মাৱলম্বী ভাই-ভনীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই পৱিত্ৰ ঈদে আমাৰ মাজত থকা সাতামপৰুষীয়া একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু মজবুত কৰক, তাৰে কামনা কৰিলোঁ।
আপুনি আৰু আপোনাৰ পৰিয়ালৰ সকলোৱে যাতে ভালে থাকে তাৰ বাবে দোৱাঁ কৰি, সমুহ অসমবাসীলৈ পৱিত্ৰ ঈদৰ শুভেচ্ছা জনালোঁ।
১২. ঈদৰ এই পৱিত্ৰ ক্ষণত সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন, তাৰেই কামনাৰে, পৱিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
১৩. সকলোলৈ পৱিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। এই বিশেষ দিনটোত শান্তি-সম্পৃতি, ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব।
১৪. তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ’বলগীয়া নহয়। তাৰেই কামনাৰে পৱিত্ৰ ঈদ উল ফিতৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।
১৫. মই মনৰ পৰা দোৱা কৰিছো যে মোৰ সকলো বন্ধু-বান্ধৱীৰ যেন এই পৱিত্ৰ দিনটো ভালে ভালে পাৰ হয়। হেপ্পি ঈদ উল ফিতৰ।
১৬. আনৰ পৰা সুখৰ দৰমহা নিবিচাৰিবা, নিজেই দিবা নিজকে সুখৰ দৰমহা, আনে দিয়া মৰমখিনি বনাচ বুলি ভাৱি লবা। হেপ্পি ঈদ উল ফিতৰ।
১৭. এই ঈদৰ পৱিত্ৰ দিনটোৰ জৰিয়তে নিজৰ বাবে একো নহলেও মা দেউতা, বন্ধু-বান্ধৱী সকলোকে যেন সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ। হেপ্পি ঈদ উল ফিতৰ।
১৮.আমাৰ তৰফৰ পৰা আমাৰ পৰিয়ালৰ বন্ধু বান্ধৱী, পূজনীয় জেষ্ঠজন আৰু কণিষ্ঠজন সকলোলৈ মৰম আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো।