কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল‘বলগীয়া বিষয়। এই কালছোৱাত
দলীয় মনোভাৱৰ
লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপসংস্কৃতি’ যাক কিশোৰ সংংস্কৃতি বুলি
অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চাল-চলন সাজ-পাৰ বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক
মতাদর্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলায়। মন কৰিবলগীয়া কথা যে অনেক
ক্ষেত্ৰত কিশোৰ-কিশোৰী ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰ প্ৰতিহে অধিক আকৃষ্ট হয়। আমাৰ
সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্রতি আসক্তি আদি বিষয়ত
কিশোৰ-কিশোৰীসকলক সুশিক্ষা দিব নোৱাৰিলে কিশোৰ-কিশোৰী বিপথগামী হোৱাৰ
সম্ভাৱনা থাকে।