চলচ্চিত্ৰ এক মহান শিল্প। সমাজ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম। কলা হিচাপে চলচ্চিত্ৰই সকলোতে সমাদৃত হ’বলৈ সক্ষম হৈছে। চলচ্চিত্রই দর্শকক কেৱল মনোৰঞ্জনেই প্ৰদান নকৰে, ই লগতে যোগায় গভীৰ চিন্তাৰ খোৰাক। আজিৰ সমাজিক প্ৰেক্ষাপটত চলচ্চিত্ৰৰ এক গভীৰ তাৎপৰ্য থকা দেখা যায়। চলচ্চিত্ৰৰ মাজেৰেই উপস্থাপন কৰা হয় নানা সামাজিক সমস্যাৰ।
১৯১৩ চনৰ ৩ মে’ত দাদাচাহেব ফাল্কেই নিৰ্মান কৰা ‘ৰাজা হৰিশ্চন্দ্ৰ’ নামৰ নিৰ্বাক চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ হৈছে ‘আলম আৰা’। ভাৰতীয় চলচ্চিত্ৰৰ এক গৌৰৱময় ঐতিহ্য আছে। মূলসুঁতিৰ চলচ্চিত্ৰবোৰৰ লগতে আঞ্চলিক চলচ্চিত্ৰবোৰেও এই উদ্যোগক এক গতিশীলতা দান কৰিছে। বাংলা, তামিল, মালয়ালম আদি ৰাজ্যৰ পৰা বহুতো উচ্চমানসম্পন্ন চলচ্চিত্ৰ নিৰ্মান কৰা হৈছে। ভাৰতীয় চলচ্চিত্ৰত উদ্ভাসিত হৈ উঠিছে জীৱনৰ বিচিত্ৰ ৰূপ আৰু আয়তন।
মনোৰঞ্জনৰ মাধ্যম হিচাপে চলচ্চিত্ৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা দেখা যায়। সমাজৰ সৰ্বস্তৰৰ মানুহৰ মাজত চলচ্চিত্ৰৰ ব্যাপক জনপ্ৰিয়তা মন কৰিবলগীয়া। চলচ্চিত্ৰ উপভোগ কৰি মানুহে লাভ কৰে এক অনাবিল তৃপ্তি। মনোৰঞ্জনৰ মাধ্যম হিচাপে চলচ্চিত্ৰৰ ভূমিকা সততে অনুভূত হয়। দৰ্শকে এখন কথাছবিৰ নায়ক-নায়িকাৰ সৈতে একাত্ম অনুভৱ কৰে। নায়ক-নায়িকা বা কোনো চৰিত্ৰৰ সুখ-দুখৰ সমভাগী হৈ দৰ্শকবোৰে এক অনন্য ৰস লাভ কৰে।
দৰ্শক-পাঠকক আনন্দ দান কৰাই কলাৰ লক্ষ্য। কিন্তু সমাজ জীৱনক বাদ দি অথবা সমাজৰ প্ৰতি দায়িত্বহীন কলাক দৰ্শক-পাঠকে হৃদয়ত স্থান নিদিয়ে। চলচ্চিত্ৰৰ সৈতেও সমাজৰ এক নিবিড় সম্পৰ্ক আছে। তাত যিবোৰ কাহিনী থাকে সেইবোৰ আমাৰ সমাজ জীৱনৰ পৰাই বুটলি লোৱা। নানা সামাজিক প্ৰসংগ চলচ্চিত্ৰৰ মাজেৰে উত্থাপন কৰা হয়। মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থাকে সমাজ ভাৱনা। সমাজৰ গভীৰ দিশ কিছুমান চলচ্চিত্ৰত ৰূপায়ণ কৰা হয়। চলচ্চিত্ৰৰ সৈতে সেয়েহে সমাজৰ অংগাংগী সম্পৰ্ক আছে। তাত যিবোৰ কাহিনী থাকে সেইবোৰ আমাৰ সমাজ জীৱনৰ পৰাই বুটলি লোৱা। নানা সামাজিক প্ৰসংগ চলচ্চিত্ৰৰ মাজেৰে উত্থাপন কৰা হয়। মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থাকে সমাজ ভাৱনা। সমাজৰ গভীৰ দিশ কিছুমান চলচ্চিত্ৰত ৰূপায়ণ কৰা হয়। চলচ্চিত্ৰৰ সৈতে সেয়েহে সমাজৰ অংগাংগী সম্পৰ্ক আছে। এখন প্ৰখ্যাত অসমীয়া কথাছবি ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ত নাৰীৰ সমস্যা কিছুমান প্ৰতিফলিত হৈছে। অৰ্থাৎ সমাজৰ গুৰুত্বপূৰ্ণ সমস্যা এটাৰ কলাত্মক ৰূপায়ণ কথাছবিখনত কৰা হৈছে। এনেদৰে বহু চলচ্চিত্ৰত সমাজৰ কিছুমান দিশ অৰ্থৱহ ৰূপত উপস্থাপন কৰা হয়।
চলচ্চিত্ৰই একোখন সমাজৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলায়। এখন সমাজৰ বিভিন্ন সমস্যাৰ যথাৰ্থ ৰূপায়ণ এখন চলচ্চিত্ৰত উদ্ভাসিত হৈ উঠে। চলচ্চিত্ৰ উপভোগ কৰা দৰ্শকবোৰে চলচ্চিত্ৰৰ পৰা বিভিন্ন বতৰা পায়। এই সামাজিক বাৰ্তাই দৰ্শকসকলক বিভিন্ন ক্ষেত্ৰত সজাগ কৰি তুলিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে চলচ্চিত্ৰৰ পৰা বহুতো কথা শিকিব পাৰে। তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভা বিকাশতো ই সহায়ক হয়। চলচ্চিত্ৰক ইয়াৰ গুণগত মানদণ্ড অনুযায়ী দুটা ভাগত ভাগ কৰা হয়—
ক) মূল ধাৰাৰ চলচ্চিত্ৰ আৰু খ) সমান্তৰাল বা আৰ্ট চলচ্চিত্ৰ।
কথাছবিৰ এই দুই প্ৰকাৰ মূলতঃ সামাজিক জীৱনৰ আধাৰতেই নিৰ্মাণ কৰা হয়। মনোৰঞ্জনৰ মাধ্যম হিচাপে চলচ্চিত্ৰই সমাজৰ সৰ্বস্তৰৰ মানুহক নিৰ্মল আনন্দ প্ৰদান কৰে। আকিৰা, কুৰোশ্বৱাস সত্যজিৎ ৰায় আদি প্ৰসিদ্ধ কথাছবি পৰিচালক কিছুমানে জীৱন আৰু জগতৰ কিছুমান চিৰন্তন সত্য কথাছবিৰ মাজেৰে উন্মোচিত কৰিছে। যুগে যুগে সেইবোৰে মানুহৰ সমাজিক জীৱনক প্ৰভাৱিত কৰি আহিছে। চলচ্চিত্ৰ মাধ্যমটো বহু আয়তনবিশিষ্ট। সেয়ে ইয়াৰ সামাজিক প্ৰকাৰ্যও মন কৰিবলগীয়া। চলচ্চিত্ৰ কিছুমানত এটা জাতিৰ শৌৰ্য-বীৰ্য পুনৰুত্থান কৰাৰ আদৰ্শনীয় প্ৰচেষ্টা লুকাই থাকে। জাতীয় বীৰ মহাবীৰসকলৰ জীৱনগাঁথা ৰূপাৰয়ণৰ জৰিয়তে স্বদেশপ্ৰেমৰ ধাৰণাৰ সাৰ্বিক প্ৰকায় ইয়াত ঘটে। চলচ্চিত্ৰত ৰূপায়িত হোৱা সকলো দিশেই সমাজ এখনক প্ৰভাৱিত কৰে। সেয়েহে সমাজ জীৱনৰ বিভিন্ন সমস্যা ইয়াত উত্থাপন কৰা হয়। উদাহৰণস্বৰূপে অসমীয়া কৃষক সমাজৰ দুৰ্দশাৰ চিত্ৰ বাংময় হৈ পৰিছিল ‘হালধীয়া চৰায়ে বাওধান খায়’ নামৰ চলচ্চিত্ৰখনত। দৰিদ্ৰ কৃষকৰ ওপৰত মহাজনৰ শোষণ এই কথাছবিখনৰ মূল বিষয় আছিল। সামাজিক দিশৰ বিভিন্ন ভণ্ডামি, দুৰ্নীতি আদিৰ প্ৰতিও জনসাধাৰণক চলচ্চিত্ৰই সজাগ কৰি তুলিব পাৰে। অৱশ্যে চলচ্চিত্ৰত যি কথাকেই ক’ব নিবিচাৰক কিয় তাত কিন্তু শিল্প গুণ নিহিত লাগিব। শিল্পগুণ অবিহনে চলচ্চিত্ৰ সুস্থ মনোৰঞ্জনৰ বাহক হৈ উঠিব নোৱাৰে।
চলচ্চিত্ৰৰ জৰিয়তে অৱশ্যে কেতিয়াবা সমাজলৈ অশুভ বাৰ্তাও আহে। হত্যা-হিংসা আৰু যৌনতাৰে সমৃদ্ধ চলচ্চিত্ৰই কোনো সুস্থ নীতিবোধৰ চেতনা জাগ্ৰত কৰিব নোৱাৰে। বিকৃত ৰুচি গঢ়ি উঠাতহে ই সহায় কৰে। যুৱ সমাজৰ মাজত আকৌ চলচ্চিত্ৰৰ কুপ্ৰভা পৰা দেখা যায়। তেওঁলোকে নিজকে চলচ্চিত্ৰৰ নায়তৰ ৰূপত চলচ্চিত্ৰ এবিধ কলামাধ্যমহে। মুঠতে সমাজ জীৱনৰ ওপৰত চলচ্চিত্ৰৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়।
এখন সুস্থ আৰু পৰিপূৰ্ণ সমাজ গঢ়ি তুলিবৰ বাবে সমাজৰ সকলো লোকেই সমপৰিমাণে দায়ৱদ্ধ। কিয়নো আমি এখন সমাজৰ একো একোজন ব্যক্তি। এখন সমাজৰ প্ৰতিজন লোকৰ সামগ্ৰিক চেতনাক পোহৰৰ দিশেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কলাৰ ভূমিকাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এক দৃঢ় আৰু বিশ্বাসী গণমাধ্যম হিচাপে চলচ্চিত্ৰ হ’ল অন্যতম। সেয়ে অতি শক্তিশালী গণমাধ্যম হিচাপে আজিৰ জনমানসত চলচ্চিত্ৰই সঁচাকৈয়ে এক উল্লেখনীয় অৱদান আগবঢ়াইছে।