পথ সুৰক্ষাৰ চিহ্ন আৰু সতৰ্কমূলক পথ চিহ্ন | Mandatory Road Signs and Cautionary Road Signs | Road Sefety

পথ সুৰক্ষা আৰু আমাৰ দায়বদ্ধতা

 

ৰাষ্টা ঘাটৰ বৃদ্ধিৰ লগে লগে বিগত দৈনন্দিন বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা। বিষয়টো চিন্তনীয়, শেহতীয়া এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষত গড়ে যিমানসংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়। যান-বাহনৰ তদাৰকৰ দায়িত্বত নিয়োজিত ট্ৰেফিক পুলিচসকলৰ কৰ্তব্যপৰায়ণতা খুবেই প্ৰয়োজনীয়। আমাৰ পৰিবহণ বিভাগে সময়ে সময়ে পথ সুৰক্ষা সপ্তাহ পালন কৰিছে। পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এনেধৰণৰ কাৰ্য্যসূচী অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত পৰিবহণ বিভাগে অতি গুৰুত্ব দিব লাগিব। যান-বাহনৰ চালকসকলৰ অজ্ঞতা, নিৰক্ষৰতা, অমনযোগিতা তথা ময়মতালিৰ বাবে বেছিভাগ দুৰ্ঘটনা সংঘটিত হয় বুলিলেও বঢ়াই কোৱা নহব। এইখিনিতে ৰাজ্যিক পৰিবহণ বিভাগৰ ভূমিকা মনকৰিবলগীয়া। পথ সুৰক্ষা সপ্তাহৰ অন্তৰ্গত কৰ্মসূচীত বাণিজ্যিক যান-বাহনৰ চালকসকলক বিশেষভাৱে গুৰুত্ব দিব লাগিব। মুঠতে পথ দুৰ্ঘটনাৰ দৰে বৰ্তমানৰ ভয়াৱহ সমস্যা এটাৰপৰা পৰিত্ৰাণ পাবলৈ আমি ৰজাঘৰীয়া প্ৰজাঘৰীয়াই সমানে গুৰত্ব  দিব লাগিব। অন্যথা, পথ দুৰ্ঘটনা সমস্যা ৰোধ কৰাটো অসম্ভৱ।

পথ দুৰ্ঘটনা আৰু ইয়াৰ প্ৰতিকাৰসমূহ –

১. তীব্ৰ গতিত গাড়ী নচলাব।

    Do not drive at over speed.

২. সুৰাপান কৰি গাড়ী নচলাব।

    Do not drink and drive.

৩. অতিৰিক্ত বোজা আৰু যাত্ৰী কঢ়িয়াই গাড়ী নচলাব।

    Do not drive with overloaded goods and passengers.

৪. মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী নচলাব।

    Do not use mobile phone while driving.

৫. দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে সদায় (ISI মাৰ্ক যুক্ত) হেলমেট ব্যৱহাৰ কৰিব।

    Always use ISI Mark helmet while riding on Two wheelers.

৬. সদায় চীটবেল্ট ব্যৱহাৰ কৰি গাড়ী চলাব।

    Always use seatbelt while driving.

৭. সকলোৰে অধিকাৰক সন্মান জনাই পথ ব্যৱহাৰ কৰিব।

    Always respect rights of the other road users.

৮. যানবাহন আইন সদায় মানি চলিব।

    Always obey Traffic Rules.

৯. প্ৰথমে সুৰক্ষা, তাৰপিছতে গাড়ী চলাব।

    Safety First, driving next.

১০. গাড়ী চলাওতে গাড়ীখনৰ সকলোধৰণৰ মূল নথি পত্ৰ সদায় লগত ৰাখিব।

    Always keep all Original Documents of the Vehicle while driving.

পথ সুৰক্ষাৰ বিষয়ে অসমৰ পৰিবহন ব্যৱস্হা অধিক জনসাধাৰক সজাগতা কৰিব লাগে। পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা সপ্তাহ উদ্‌যাপন কৰি; পথ সুৰক্ষাৰ বিষয়ে, দুৰ্ঘটনা হলে কি কৰিব লাগে, দুৰ্ঘটনা হোৱাৰ পিছত কি কৰা উচিত, কাক কল কৰা লাগে, আদি কিছুমান কথা আমি গুৰত্ব নিদিলেও ই অতি গুৰত্বপূৰ্ণ। পথ দুৰ্ঘটনা আৰু প্ৰতিকাৰ কৰিব পৰা ব্যৱস্হাৰ বিষয়ে জনসাধাৰণ জানিলে বহুত দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি।

 

    তলত পথ সুৰক্ষাৰ  চিহ্ন আৰু সতৰ্কমূলক পথ চিহ্নসমূহ দিয়া হল-

 

পথ সুৰক্ষা - জীৱন ৰক্ষা

Leave a Comment

Your email address will not be published. Required fields are marked *