যি ব্যৱস্থাৰ দ্বাৰা বিভিন্ন কিতাপ-পত্ৰৰ সংগ্ৰহ কৰি ৰখা হয়, তেনে ব্যৱস্থাকে পুথিভঁৰাল বুলি কোৱা হয়। এই পুথিভঁৰালত কোনো লোকে বাহিৰত বিচাৰি নোপোৱা যিকোনো কিতাপ-পত্ৰকে ইয়াত সংগ্ৰহ কৰি ৰখা হয়, সকলোৰেই সুবিধা কৰি এই সংৰক্ষিত কিতাপসমূহ পঢ়িব পাৰে। পুথিভঁৰাল ধাৰণাটো অতীজৰে পৰা চলি আহিছে। এই পুথিভঁৰালত জ্ঞানচৰ্চাৰ পথেৰে মানৱ সভ্যতা আগবাঢ়ি যোৱাত বহু পৰিমাণে সহায়ক হৈ আহিছে। নজনা কথাৰ জানিবলৈ বিচাৰি এই পুথিভঁৰাল চৌহদত বহুতো লোক আহে আৰু পুথি অধ্যয়নৰ দ্বাৰা নানান কথা একে সময়তে বিভিন্ন কিতাপৰ পৰা অধ্যয়ন কৰি জ্ঞান বৃদ্ধি কৰিব পাৰে। সভ্যতাৰ যেতিয়া বিকাশ হোৱা নাছিল পুথিভঁৰাল সদৃশ ধাৰণাৰো তেতিয়া জন্ম হোৱা নাছিল। কিন্তু সংৰক্ষণ প্ৰৱণতা মানুহৰ এটা স্বাভাৱিক প্ৰবৃত্তি। সেই কাৰণেই জ্ঞানতৃষ্ণা দূৰ কৰাৰ বাবে প্ৰয়োজনীয় সমল পুথিভঁৰালত সঞ্চিত কৰি থোৱা হ’ল। কিতাপ আৰু ছপাশালৰ আৱিষ্কাৰে সকলো মানুহকে জ্ঞান আহৰণৰ সুযোগ দিলে। পুথিভঁৰালে মানুহৰ জ্ঞানাকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ সক্ষম হৈছে। ভাৰতৰ শিক্ষা আয়োগবোৰেও শিক্ষাৰ ক্ষেত্ৰত পুথিভঁৰালৰ মহত্বৰ ভূমিকাত স্বীকৃতি দিছে।
পুথিভঁৰাল বুলি কওঁতে বিভিন্ন প্ৰকাৰৰ পুথিভঁৰাল থাকিব পাৰে। ইয়াৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল, জিলা পুথিভঁৰাল, গ্ৰাম্য পুথিভঁৰাল, শিক্ষানুষ্ঠানৰ পুথিভঁৰাল আৰু ব্যক্তিগত পুথিভঁৰাল আদি পুথিভঁৰাল তথা সংগ্ৰহালয় দেখিবলৈ পোৱা যায়। সাধাৰণতে ৰাজহুৱা পুথিভঁৰালবোৰত সাধাৰণ মানুহবোৰেও জ্ঞান আহৰণ কৰিব পাৰে। এই পুথিভঁৰালবোৰ সকলোৰে কাৰণে খোলা থাকে। এনে পুথিভঁৰালে জনগণৰ মানসিক উৎকর্ষ সাধনৰ ক্ষেত্ৰত সৰ্বাত্মক ভূমিকা গ্ৰহণ কৰে। ৰাজহুৱা পুথিভঁৰালৰ দৰে শিক্ষানুষ্ঠানৰ পুথিভঁৰালবোৰ সাধাৰণতে সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে। এনে পুথিভঁৰালবোৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে খোলা থাকে। এনে ধৰণৰ পুথিভঁৰালসমূহত অনগ্ৰসৰ অঞ্চলৰ পৰা অহা, দাৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা যিসকল ছাত্র-ছাত্রী আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা আহি শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থাকে তেনে ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠান পুথিভঁৰালৰ ভূমিকা অনস্বীকার্য।
যুগ যুগ ধৰি মণিষীসকলৰ জ্ঞান অভিজ্ঞতাৰে পৰিপুষ্ট নানা গ্রন্থ পুথিভঁৰালসমূহত সংৰক্ষিত কৰি অহা হৈছে। এনে পুথিসমূহ অধ্যয়নৰ পৰা পঢ়ুৱৈসকলে লাভ কৰিব পাৰে বিবিধ বিষয়ৰ নানা জ্ঞান। পুথিভঁৰালসমূহত থকা বিভিন্ন পুথিসমূহ পঢ়িয়ে বহুতো কথা জানিব পাৰে। পুথিভঁৰালসমূহত বিভিন্ন গ্রন্থ আদি থকাৰ উপৰি ইয়াত বাতৰি কাকত, আলোচনী, বাৰ্তালোচনী আদিৰো যোগান থাকে। বর্তমান শিক্ষা ব্যৱস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পর্কিত হৈ আছে পুথিভঁৰাল। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, গৱেষক-গৱেষিকা তথা যিকোনো মানুহেই এনে পুথিভঁৰালৰ পৰা বহু পৰিমাণে উপকৃত হ’ব পাৰে। কাৰণ পুতিভঁৰালে দেশ, জাতি, ভূগোলৰ সীমা পাৰ কৰাই মানুহক এক অনাবিল তৃপ্তি দিব পাৰে। ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে প্ৰাসংগিক কিতাপ অতিসহজেই পাব পাৰে। এনে পুথিভঁৰালসমূহত থকা কিতাপসমূহ অধ্যয়নৰ দ্বাৰা বহুতো কথা পৰীক্ষাৰ সহায়ক হোৱাৰ কথাতো বাদেই জীৱনবোদৰ আকৰ ৰূপেও পৰিগণিত হ’ব পাৰে। পুথিভঁৰালক সেয়ে কোৱা হয় জ্ঞান আহৰণৰ উত্তম উৎস। ই ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰণ কৰাই একমাত্ৰ আহিলা বুলি ক’লে ভুল হ’ব। কাৰণ এনে পুথিভঁৰালৰ প্ৰাথমিক প্ৰয়োজনীয়তাখিনি তথা যিকোনো বয়সৰ মানুহেই জ্ঞান আহৰণৰ অন্যতম উৎস বুলি কোৱাটোহে সমূচিত হ’ব। এখন সমাজত যিমানেই অধ্যয়নশীল মানুহ থাকিব সিমানেই সমাজখন উন্নয়নৰ দিশেৰে আগবাঢ়িব পাৰিব। পুথিভঁৰালে পাঠকৰ সৃজনী শক্তিও বঢ়াই তুলিব পাৰে। মুঠতে গ্ৰন্থ অধ্যয়নৰ প্ৰসাৰ, ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ উৎকৰ্ষ সাধন আৰু অধ্যয়নৰ সহজলভ্য মাধ্যম হিচাপে পুথিভঁৰালৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অপৰিসীম বুলিব পাৰি।
আৰু পঢ়কঃ ছাত্ৰ আৰু ৰাজনীতি
ছাত্ৰ সমাজত উশৃংখলতা | যুৱ উশৃংখলতা
পুথিভঁৰালত কেৱল কিতাপ-পত্ৰ সংৰক্ষণ কৰি ৰখাটোৱেই ইয়াৰ দায়িত্ব সম্পূৰ্ণ নহয়। কাৰণ পুথিভঁৰাল যেতিয়া ব্যক্তি তথা সমাজৰ বাবে নতুন বতৰা কঢ়িয়াই আনিব পৰা এক সামাজিক সম্পদ, সেয়েহে সময়ে সময়ে এই পুথিভঁৰালসমূহত নতুন নতুন গ্ৰন্থৰে সমৃদ্ধ হ’ব লাগিব ৷ আকৌ পুথিভঁৰালসমূহ সুপৰিচালিত আৰু সুপৰিকল্পিত ৰূপত সজাই-পৰাই আকর্ষণীয় কৰি ৰাখিব লাগিব৷ তেতিয়াহে পঢ়ুৱৈসকলে কিতাপ অধ্যয়নৰ জৰিয়তে তেওঁলোকৰ মানসিক দিগন্ত প্ৰসাৰিত হ’ব। এই ক্ষেত্ৰত ৰাজহুৱা পুথিভঁৰালবোৰৰ সা-সুবিধালৈ গ্রন্থাগাৰ সঞ্চালকালয়ে মন কৰিব লাগিব। যাতে পঢ়ুৱৈসকলে সমানে সুযোগ-সুবিধা আদায় কৰিব পাৰে।
পুথিভঁৰালসমূহে জ্ঞানৰ পোহৰ বিলাবলৈহে বিকাশ লাভ কৰিছে যদিও এই পুথিভঁৰালবোৰে পৰ্যাপ্ত পুঁজিৰ বিভিন্ন অভাৱত নতুন গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰে। বহু পুথিভঁৰালত আকৌ শৃংখলাৱদ্ধতাৰ দেখা পোৱা নাযায়। এখন কিতাপ বিচাৰিয়ে হাবাথুৰি খাবলগীয়া হয়। পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত পুথিভঁৰালবোৰৰ পৰা ছাত্ৰ- ছাত্রীয়ে পর্যাপ্ত সুবিধা পাবই লাগিব। কিন্তু বেছিভাগ পুথিভঁৰালে নতুন কিতাপ কিনিব নোৱাৰে। পুথিভঁৰালৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰিক তথা সংশ্লিষ্ট শিক্ষানুষ্ঠান, পুথিভঁৰাল সমিতি আদিয়ে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীবোৰে পুথিভঁৰাল ব্যৱহাৰ কৰে এইকাৰণেই যে শ্ৰেণীকোঠাত সকলো ধৰণৰ কথা বিস্তৃতভাৱে আলোচনা কৰাটো সম্ভৱ নহয়। ছাত্ৰ-ছাত্ৰীৰ নিজৰ পাঠ্যক্ৰমৰ সৈতে সম্পর্কিত তথা জ্ঞানৰ প্ৰসাৰতাৰ বাবে যিবোৰ গ্ৰন্তৰ দৰকাৰ সেইবোৰ মজুত ৰখাৰ বাবে পুথিভঁৰালবোৰে যথাযোগ্য প্রচেষ্টা হাতত ল’ব লাগিব।
অসম তথা ভাৰতবৰ্ষৰেই বেছিভাগ লোক গাঁও অঞ্চলত বাস কৰে। ফলত তেওঁলোকৰ অধ্যয়নৰ সুবিধার্থে গাঁওবিলাকত পুথিভঁৰাল স্থাপন কৰাটো অতি আৱশ্যক। পুথিভঁৰালৰ বিকাশৰ সাধনে এখন ঠাইৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বহুত প্ৰভাৱ পেলায়। পুথিভঁৰাল স্থাপন কৰাৰ ক্ষেত্ৰত ৰাইজৰ সদিচ্ছা আৰু একতাৰ অতি দৰকাৰ। ৰাইজৰ সদিচ্ছাক অৱশ্যে চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব লাগিব। মানুহৰ জ্ঞান বিকাশৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাত পুথিভঁৰালে অন্যতম ভূমিকা গ্ৰহণ কৰিছে। পুথিভঁৰাললৈ নিয়মিত আহ-যাহে ছাত্র-ছাত্ৰীৰ কেৱল বৌদ্ধিক বিকাশেই বৃদ্ধি নকৰে, চৰিত্ৰ গঠন আৰু মানসিক পৰিপক্কতাতো ই সহায়ক হয়। অতীজৰে পৰা পুথিভঁৰালত সঞ্চিত হৈ থকা বিভিন্ন গ্রন্থ-আলোচনীয়ে মানুহৰ জ্ঞান ভাণ্ডাৰ চহকী কৰি আহিছে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে সমগ্ৰ পৃথিৱীখনতেই খলকনি তুলিছে। বিভিন্ন পুথিভঁৰালত ভিন্ন তথ্য পাব পৰাকৈ সংযোজিত হৈ আছে গৱেষক-গৱেষিকা বা ছাত্ৰ-ছাত্ৰীয়ে বুটাম টিপিলেই তাত নানা তথ্যৰ সম্ভেদ পাব পাৰে। সম্প্ৰতি পুথিভঁৰাল কেৱল কিতাপ সংৰক্ষণ কৰি ৰখা অনুষ্ঠান বিশেষ হৈ থকা নাই। পুথিভঁৰাল হৈ পৰিছে জ্ঞানৰ অন্যতম উৎস।
আৰু পঢ়কঃ ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ ভৱিষ্যৎ আৰু বৰ্তমান
প্রাচীন কালৰে পৰা জ্ঞান-চৰ্চাৰ সৈতে জড়িত হৈ থাকে প্রতিজন ব্যক্তি তথা অনুষ্ঠানৰ একো একোটা পুথিভঁৰালৰ। সেয়ে জ্ঞান বৃদ্ধিৰ বাবে এনে পুথিভঁৰালসমূহে অভূত পৰিমাণে বৰঙনি আগবঢ়াইছে। সেয়ে আশা কৰো ভৱিষ্যত প্ৰজন্মৰ বাবে পুথিভঁৰাল হৈ ৰওক নতুন নতুন গ্ৰন্থৰ অন্যতম জ্ঞান চৰ্চাৰ অনুষ্ঠান হিচাপে।