পৰিবেশৰ বিভিন্ন দিশত হোৱা অৱনতিৰ বিষয়ে লক্ষ্য কৰি বিশ্বৰ বিভিন্ন দেশে পৰিবেশক বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান আইন প্ৰণয়ন কৰিছে। পৰিবেশ সুৰক্ষাৰ আইন-কানুনসমূহৰ উৎপত্তি স্থল হৈছে ৰাষ্ট্ৰসংঘ। ১৯৬৮ চনৰ ৩০ জুলাই দিনা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে (The Economic and Social Council of UNO) আমাৰ বাসভূমি পৃথিৱীৰ মানৱীয় পৰিবেশৰ সমস্যাৰাজি পৰ্যালোচনা কৰিবলৈ এখন আন্তৰ্জাতিক সভা পতাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই ঐতিহাসিক প্ৰস্তাৱটো সেই বছৰৰে ৩ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণৰ পৰিষদে গ্ৰহণ কৰি অনুমোদন জনায়। সেই প্ৰস্তাৱটোৰ কিছু অংশ এনেধৰণৰ—
“সাধাৰণ পৰিষদ প্ৰতীয়মান হৈছে যে, আনুমানিক বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ উন্নয়নৰ ফলত মানুহ আৰু পৰিবেশৰ সম্বন্ধত এক সৰ্বাত্মক পৰিৱৰ্তনে গা কৰি উঠিছে।”
“এইটোও জ্ঞাত হৈছে যে, এই উন্নত ব্যৱস্থাই মানৱীয় পৰিবেশৰ সৰ্বাত্মক পৰিৱৰ্তনৰ মাধ্যমেৰে মানুহৰ প্ৰয়োজনীয় সম্পদৰ চাহিদা আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ এক আশাতীত সুযোগ দিছে।”
ৰাষ্ট্ৰসংঘৰ ওপৰোক্ত মূল আধাৰস্বৰূপ প্ৰস্তাৱটোত সংযোজিত অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে—
পাৰ্থিব পৰিবেশৰ পৰিৱৰ্তিত পৰিস্থিতিত মানৱীয় পৰিবেশৰ অধোগতি মানৱ সমাজৰ অৰ্থনীতি আৰু সামাজিক অৱস্থা, আন্তৰ্জাতিক সমন্বয়, পৰিবৰ্তিত অৱস্থাৰ অধ্যয়ন আৰু গৱেষণা, ৰাষ্ট্ৰসংঘৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সুসংহত ব্যৱস্থাৱলী, প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰাজিৰ সংৰক্ষণ, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তৰ্জাতিক পৰ্যায়ত সুসমন্বয়, ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমন্বয়সূচক আঁচনি, বিশ্ববাসীৰ প্ৰকৃতি আৰু পৰিবেশ সম্বন্ধে ধাৰণা আৰু অনুভূতি।
অৱশ্য গোলকীয় ভিত্তিত পৰিবেশ সুৰক্ষা সজাগতা সৃষ্টি হয় ১৯৭২ চনত চুইডেনৰ ষ্টকহ’মত হোৱা সংযুক্ত ৰাষ্ট্ৰৰ মানৱজাতি আৰু পৰিবেশৰ বিষয়ে হোৱা অভিৱৰ্তনৰ পাছৰ পৰা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এই প্ৰস্তাৱমৰ্মে বিশ্বৰ ২৮ খন দেশ আৰু অভিজ্ঞ আৰু দক্ষতাপূৰ্ণ প্ৰতিনিধিৰ উপস্থিতিত ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুন পৰ্যন্ত সুদীৰ্ঘ বাৰ দিন এৰি এই পৰিবেশ মহাসভাখন ষ্টকহমত অনুষ্ঠিত হৈছিল। এই আন্তৰ্জাতিক সভাত বিশ্ববাসীৰ বাবে নিম্নলিখিত সুচনাখন জাৰি কৰা হয়—
“মানুহ হৈছে তেওঁৰ নিজৰ পৰিবেশৰ স্ৰষ্টা আৰু ৰূপান্তকাৰী আৰু এনেকৈয়ে তেওঁ নিজৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু আহিলা আহৰণ কৰি আহিছে আৰু সেই পৰিবেশতেই তেওঁ বৌদ্ধিক, চাৰিত্ৰিক, সামাজিক আৰু আধ্যাত্মিকভাৱে আগুৱাই যাবলৈ সুযোগ পাইছে। মানুহে সুদীৰ্ঘ কালৰ জটিল বিৱৰ্তনৰ পথেৰে গতি কৰোঁতে বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ বৰ্তমানৰ এক গতিশীল উল্লেখনীয় ধাৰাত উপনীত হৈছেহি আৰু মানুহেই প্ৰকৃতি আৰু পৰিবেশক বিচৰবিহীন আৰু অস্বাভাৱিকভাৱে ৰূপান্তৰিত কৰিবলৈ এক শক্তি পাইচে। প্ৰকৃতিপ্ৰদত্ত আৰু মানুহৰ বাবে সৃষ্ট এই দুয়োটা অৱস্থাই মানৱ সমাজৰ কল্যান আৰু ভোগ বিলাসৰ বাবে আৱশ্যক।”
বিশ্ববাসীৰ কল্যাণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে মানবীয় পৰিবেশৰ সুৰক্ষা আৰু উন্নতি সাধন অতি গুৰুত্বপূৰ্ণ দিশ। এইক্ষেত্ৰত সকলো চৰকাৰৰে দায়িত্ব থকাটো উচিত।
এই নীতি নিৰ্ধাৰক সুদীৰ্ঘ প্ৰস্তাৱনাটোত সন্নিবিষ্ট হোৱা আন কেতবোৰ দিশ হৈছে—
প্ৰতিখন সদস্য ৰাষ্ট্ৰই পৰিবেশ সংৰক্ষণ আৰু প্ৰদুষণ নিয়ন্ত্ৰণ, পৰিবেশৰ সমস্যাৱলীৰ অনুধাৱন আৰু প্ৰতিবেদন যুগুত কৰা, আন্তৰ্জাতিক সমন্বয়, পৰিবেশ সংৰক্ষণধৰ্মী উন্নয়নৰ নীতি আৰু আইন-কানুন ৰচনা কৰি সেইবোৰ বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰি পৰিৱেশ সুৰক্ষাৰ মাধ্যমেৰে ঔদ্যোগিক প্ৰগতি তথা উন্নয়ন প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত সুস্পষ্ট নীতি নিৰ্ধাৰণ কৰা।
প্ৰকৃতাৰ্থত ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত প্ৰস্তাৱনাসমূহ আৰু ১৯৭২ চনৰ ষ্টকহম মহাসভাত গৃহীত হোৱা সূচনাৱলীয়েই হৈছে আধুনিক যুগৰ আন্তৰ্জাতিক পৰিবেশ সংৰক্ষণৰ নীতিৰ ভেটি। এই আন্তৰ্জাতিক প্ৰস্তাৱসমূহ তথা সূচনাৱলীৰ ভিত্তিতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহত পৰ্যায়ক্ৰমে পৰিবেশ সুৰক্ষা নীতি আৰু আইনসমূহ ৰচনা কৰা হৈছে।