আধুনিক সমাজৰ জনপ্ৰিয় গণমাধ্যম হৈছে বাতৰি কাকত। বাতৰি কাকতে দেশ-বিদেশৰ বিভিন্ন বা-বাতৰি, বিভিন্ন আলোচনা, বিভিন্ন সাহিত্যিকৰ সাহিত্যৰাজি আদি হাতত তুলি ধৰি আমাক বিমল আনন্দৰ যোগান ধৰে। এখন সমাজৰ সামাজিক, অৰ্থনৈতিক তথা সমসাময়িক বিভিন্ন বিষয়ক প্ৰতিফলন কৰা বাতৰি কাকত হৈছে আধুনিক পৃথিৱীৰ প্ৰতিফলন।
বাতৰি কাকত উৎপত্তিঃ পৃথিৱীত সৰ্বপ্ৰথম বাতৰি কাকত উদ্ভাৱন হৈছিল চীন দেশত। ইউৰোপত প্ৰথম ইটালীৰ ভেনিচ চহৰত ‘গেজেটা’ নামৰ বাতৰি কাকত ওলাইছিল। ‘গেজেটা’ শব্দৰ পৰাই ‘গেজেট’ শব্দৰ উৎপত্তি হৈছে। ইংলণ্ডত ৰাণী এলিজাবেথৰ দিনত প্ৰথম ‘গেজেটা’ প্ৰকাশ হয়। আমাৰ ভাৰতবৰ্ষত প্ৰথম ‘গেজেটা’ প্ৰকাশ হয় ১৭৪৪ চনত। কাকতখনৰ নাম আছিল ‘ইণ্ডিয়া গেজেট’ অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুণোদয়’ ১৮৪৬ চনত শিৱসাগৰৰ পৰা প্ৰকাশ হয়।
বাতৰি কাকত প্ৰকাৰঃ বাতৰি কাকত বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। বাতৰি কাকত, বাৰ্তা আৰু প্ৰবন্ধ মিশ্ৰিত কাকত, আলোচনী আদিৰ উপৰি দৈনিক বাতৰি কাকত, তিনিদিনীয়া, সাপ্তাহিক, পষেকীয়া, মাহেকীয়া আদি বিভিন্ন ধৰণৰ কাকত আছে। বাতৰি কাকতবোৰত বিশ্বৰ বিভিন্ন ধৰণৰ বা-বাতৰিৰ উপৰি ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, আমোদ-প্ৰমোদ, ৰূপচৰ্চা, খেলা-ধূলা আদিৰ বিভিন্ন বিষয়ৰ আলোচনাৰ লগতে গল্প, কবিতা উপন্যাস আদিও প্ৰকাশ হয়। ভাৰতত বৰ্তমান প্ৰায় চাৰে-ন হাজাৰতকৈ অধিক বাতৰি কাকত প্ৰকাশিত হৈ আছে।
বাতৰি কাকত উপকাৰিতাঃ আধুনিক গণতান্ত্ৰিক পৃথিৱীত বাতৰি কাকত হৈছে জাতিৰ জীৱনীশক্তি। নাগৰিকক জাগ্ৰত প্ৰহৰীৰ দৰে প্ৰতি পলতে সজাগ কৰি ৰাখি বাতৰি কাকতে আজিৰ নাগৰিকক কৰ্তব্য, অধিকাৰ তথা আইন-কানুন আদিৰ প্ৰতি সচেতন কৰি ৰাখে। জৰুৰী-অৱস্থা, যুদ্ধ-বিগ্ৰহ, বিপ্লৱ, অশান্তি, বিভিন্ন দুৰ্যোগ আদিৰ ডাঁৰৰ বাতৰি ডাঁৰে বাতৰি কাকতে ৰাইজক জনায়। বাতৰি কাকতে জনগণৰ চৰকাৰ গণতন্ত্ৰক সফল কৰি তোলে। চৰকাৰী নীতি-নিয়ম প্ৰৱৰ্তন, আইন-কানুন বা অন্যান্য কাৰ্যপন্থাত ৰাইজৰ মতামত দাঙি ধৰে বাতৰি কাকতে। বাতৰি কাকতত প্ৰকাশিত ৰাইজৰ মতামতে চৰকাৰী যন্ত্ৰৰ দিশ নিৰ্ণয় কৰে। কেতিয়াবা দুৰ্নীতিপৰায়ণ বিষয়া, অত্যাচাৰী, স্বৈৰতান্ত্ৰিক বিষয়া বা আন ক্ষমতাশালী লোকে অন্যায়, অত্যাচাৰ, শাসন-শোষণেৰে ৰাইজৰ জীৱন দুঃসহনীয় কৰি তোলাৰ উপক্ৰম কৰিলে বাতৰি কাকতে জনগণক সেই সম্পৰ্কে সঠিক তথ্য দি সজাগ কৰি তোলে। বাতৰি কাকত গণতন্ত্ৰৰ এক শক্তিশালী স্তম্ভ। তদুপৰি বিভিন্ন আমোদ-প্ৰমোদ, কৃষ্টি-সংস্কৃতি, জ্ঞান-বিজ্ঞান আদিৰ বাতৰি পৰিৱেশন কৰি বাতৰি কাকতে ৰাইজক উপকৃত কৰে। বাতৰি কাকতে সমাজৰ পৰা নিৰক্ষৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস, দুৰ্নীতি আদি নিৰ্মূল কৰাত প্ৰধান ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে বাতৰি কাকতে সাহিত্যকৰ জন্ম দিয়ে। ভাষা-সাহিত্যৰ বিকাশত বাতৰি কাকতে যি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে তাৰ তুলনা পাবলৈ নাই। দৈনন্দিন জীৱনত লাগতিয়াল প্ৰতিটো খবৰ ৰাইজৰ মাজত বিলাই দি বাতৰি কাকতে মানৱ সমাজক সচেতন কৰি তোলে। মুঠতে আধুনিক জগতত বাতৰি কাকতৰ দৰে শক্তিশালী গণমাধ্যমৰ তুলনা পাবলৈ নাই।
বাতৰি কাকত অপকাৰিতাঃ কেতিয়াবা কেতিয়াবা বাতৰি কাকতে উৰা-বাতৰি, অসত্য বাতৰি তথা অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰে। কেতিয়াবা কোনো ৰাজনৈতিক দলৰ প্ৰৰোচনাত বা সুবিধাবাদী লোকৰ পাকচক্ৰত পৰি জনসাধাৰণক বিপথে পৰিচালনা কৰাতো বাতৰি কাকতে ভূমিকা লয়। বাতৰি কাকতে নিৰপেক্ষ ভূমিকা ত্যাগ কৰিলে জনসাধাৰণ দিক্ভ্ৰান্তি হয়। এনে বাতৰি কাকতে সাধাৰণ জনতাৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই আনে।
জনতাৰ পবিত্ৰ সেৱাত আত্মোঋসৰ্গা কৰা বাতৰি কাকত সমাজৰ অতি অন্তৰংগ বন্ধু। সেয়েহে প্ৰতিখন বাতৰি কাকতে ক্ষুত্ৰ স্বাৰ্থ জলাঞ্জলি দি গণ-দেৱতাৰ সেৱাত আত্মনিয়োগ কৰাৰ পণ গ্ৰহণ কৰিব লাগে। কাৰণ বিজ্ঞান প্ৰযুক্তিৰে মানুহে ন ন মাধ্যম স্ৰজন কৰিলেও সেইবোৰে বাতৰি কাকতৰ লগত ফেৰ মাৰিব নোৱাৰে। বাতৰি কাকত অজেয় অপ্ৰতিদ্বন্দ্বী জনসেৱাৰ মাধ্যম।
FAQ
১. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত?
প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম দৈনিক বাতৰি। অসমীয়া ভাষাত প্ৰকাশিত হৈছিল যোৰহাট জিলাৰপৰা। দৈনিক বাতৰি কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন।
২. বাতৰি কাকত চমুটোকা।
বাতৰি কাকত হৈছে এখন সমাজৰ সামাজিক, অৰ্থনৈতিক তথা সমসাময়িক বিভিন্ন বিষয়ক প্ৰতিফলন কৰি দেখুৱাকে বাতৰি কাকত। বাতৰি কাকত হ’ল আধুনিক পৃথিৱীৰ প্ৰতিফলন। বাতৰি কাকতে ভিডিঅ’ৰ যোগেদি, ইণ্টাৰনেটৰ যোগেদি বা কাকতৰ যোগেদি হওক দেশ-বিদেশৰ বিভিন্ন বা-বাতৰি, বিভিন্ন আলোচনা, বিভিন্ন সাহিত্যিকৰ সাহিত্যৰাজি আদি হাতত তুলি ধৰি আমাক বিমল আনন্দৰ যোগান ধৰে। ই এটা সমাজৰ অন্তৰংগ বন্ধু।
৩. বাতৰি কাকতৰ প্ৰয়োজনীয়তা।
আধুনিক গণতান্ত্ৰিক পৃথিৱীত বাতৰি কাকত গণতন্ত্ৰৰ এক শক্তিশালী স্তম্ভ। নাগৰিকক জাগ্ৰত প্ৰহৰীৰ দৰে প্ৰতি পলতে সজাগ কৰি ৰাখি বাতৰি কাকতে আজিৰ নাগৰিকক কৰ্তব্য, অধিকাৰ তথা আইন-কানুন আদিৰ প্ৰতি সচেতন কৰি ৰাখে। জৰুৰী-অৱস্থা, যুদ্ধ-বিগ্ৰহ, বিপ্লৱ, অশান্তি, বিভিন্ন দুৰ্যোগ আদি বাতৰি কাকতে ৰাইজক জনায়। দুৰ্নীতিপৰায়ণ বিষয়া, অত্যাচাৰী, স্বৈৰতান্ত্ৰিক বিষয়া বা আন ক্ষমতাশালী লোকে অন্যায়, অত্যাচাৰ, শাসন-শোষণেৰে ৰাইজৰ জীৱন দুঃসহনীয় কৰি তোলাৰ উপক্ৰম কৰিলে বাতৰি কাকতে জনগণক সেই সম্পৰ্কে সঠিক তথ্য দি সজাগ কৰি তোলে। দৈনন্দিন জীৱনত লাগতিয়াল প্ৰতিটো খবৰ ৰাইজৰ মাজত বিলাই দি বাতৰি কাকতে মানৱ সমাজক সচেতন কৰি তোলে। মুঠতে আধুনিক জগতত বাতৰি কাকতৰ দৰে শক্তিশালী গণমাধ্যমৰ তুলনা পাবলৈ নাই।
৪. বাতৰি কাকতৰ ইতিহাস।
পৃথিৱীত সৰ্বপ্ৰথম চীন দেশতে বাতৰি কাকত উদ্ভাৱন হৈছিল। পিছত ইউৰোপত প্ৰথম ইটালীৰ ভেনিচ চহৰত ‘গেজেটা’ নামৰ বাতৰি কাকত ওলাইছিল। ইংলণ্ডত ৰাণী এলিজাবেথৰ শাসন কালতে প্ৰথম ‘গেজেটা’ বাতৰি কাকত প্ৰকাশ হয়। আমাৰ ভাৰতবৰ্ষত প্ৰথম ‘গেজেটা’ প্ৰকাশ হয় ১৭৪৪ চনত। কাকতখনৰ নাম আছিল ‘ইণ্ডিয়া গেজেট’। অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুণোদয়’ ১৮৪৬ চনত শিৱসাগৰৰ পৰা প্ৰকাশ হয়।