বিজ্ঞাপন (ব্যংগ)
‘জামানা হে পাছ
দহ বাৰ মাত চচো
দহ বাহানে মাত বানো…..’
শুনা মাত্ৰেই ৰ’ল মাৰি আহিলো টিভিৰ সন্মুখলৈ আহিলো। দেখিলোঁ যে তেওঁলোকৰ মাজত এজনে আনজনক ভাল পায়, কিন্তু দুজনে চিনাকী হব পোৰা নাই। অনুমান কৰিব পাৰি যে দুজনৰ মাজত যুৱনে আমনি কৰিছে। এনেকুৱা সময়ত কি কৰিব লাগে জানা, সেই সময়ত ক্লোচ আপ(Close Up) ব্যৱহাৰ কৰিব লাগে, এইটো ব্যৱহাৰৰ মুখৰ চাঁসৰ যোগেদি….পাছ আয়ৌ, পাছ আয়ৌ, পাছ আয়ৌ না…..। যাৰফলত প্ৰেম-প্ৰিৰিতি কৰাৰ আগত ক্লোচ আপ কলগেট ব্যৱহাৰ কৰাটো উচিত। মোৰ ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ডে তেওঁৰ পৰা আঁতৰি গৈছে, তেতিয়া মই তেওঁক এটা উপদেশ দিছিলো, “তুমি এইটো টুথপেষ্ট লগাব পাৰে। আপোনাৰ কাষলৈ উৰি আহা একেবাৰে খাতাং।” মোৰ উপদেশ মতে ব্যৱহাৰ কৰিছিল কিন্তু তেওঁ লগত কিবা হল একো উপকাৰিৰ কথাই নক’লে।
পিছে এই বিজ্ঞাপনবোৰৰ কাহিনী সৃষ্টি কৰোঁতাকেইজনতো কম নহয়! ছেকেণ্ডতে কাহিনী এটা কৈ দিব পাৰে অনুগল্পৰ দৰে। চুটি চুটি সংলাপ একোটাত ডাঙৰ অৰ্থ সুমুৱাই থৈ দিয়ে।
একোটা বাক্যৰ আকৰ্ষণতে আমি বস্তু কিনিবলৈ বাধ্য হৈ যাওঁ। বাৰু যিকিহওঁক! আজি কালি বোৱাৰী পটোৱা, ছোৱালী পটোৱা, শহুৰ পটোৱা আদি বিজ্ঞাপনে ভালধৰে দেখুৱাই দিয়ে। আমি কিবা এটা কৰাৰ আগত ভালধৰে বিজ্ঞাপনবোৰ চাই ব্যৱহাৰ কৰিব লাগে। অৰ্থ্যাৎ মানুহক যিমানবোৰ বস্তুৰ লাগতিয়াল এই সকলোবোৰ বিজ্ঞাপন চাই ল’ৱ লাগে। বজাৰত যিবোৰ নতুন নতুন বস্তু আহে, তাক আগতিয়াকৈ দেমো(Demo) দেখুবায় দিয়ে। যাৰফলত মানুহে সেই বস্তুৰ প্ৰতি আগ্ৰহ বা বিশ্বাস হয়।
আমি দৈনদিন ব্যৱহাৰ কৰা যিবোৰ কলগেট ব্যৱহাৰ কৰিছিলো, এইবিলাক একো কামৰ নহয়! আচলতে বিভিন্ন ধৰণৰ কলগেট আছে, এলেহুৱা কলগেত মেক্স ফ্ৰেছ(Colgate max Fresh) লগাব পাৰে। Tazgika Dhamaka ধৰণৰ টুথপেষ্ট ৰণবীৰে এইটোৰেই দাঁত ঘঁহি উৰি ফুৰে। পুৰণি কলগেটটোৰে দাঁত মাজিবলৈ ভয় লাগে নহয়। নিমখ নাই যে কিজানি ক’ৰবাৰ পৰা টোপা কাঁড় আহাদি উৰি আহি প্ৰিয়ংকা চোপ্ৰাই দম দি সুধি দিয়ে,
‘মাছুৰো মে তক্লিপ? কিয়া আপকী টুথপেষ্ট মেই নমক হে?
তুথপেষ্ট মে নমক?
হা কলগেট তুথপেষ্ট মে নমক…..’
এটো দেখিয়ে মই দ কৈ ভাবিবলৈ চিন্তা কৰিবলৈ ধৰিলোঁ। কেতিয়াবা ফ্ৰিছ পৰা ওলায় আহিছে, কেতিয়াবা দেৱালৰ পৰা, আৰু কেতিয়া গাড়ীৰ ভিতৰ পৰা ওলায় আহিছে…তোমাক শুদে…. মানুহক বেবিকুৱ বনাই আছে নেকি। কেতিয়া মই হাগি থাকোতে লেতত্ৰিন ভিতৰ পৰা ওলাই আহিব পাৰে….‘কিয়া আপকী টুথপেষ্ট মেই নমক হে?…।
সদায় সদায় সিহঁতে নতুন নতুন বস্তু দি কলগেট বনাব আৰু আমি কিনাৰ সময়ত বিপাঙত পৰোঁ। আৰু টুথপেষ্টৰ কোম্পানী ছিলেক্ট কৰোঁতেও মহা সমস্যা।
আজি কালি ল’ৰা ছোৱালীয়ে ঘৰৰ গাখীৰেই খাবলৈ মন নকৰা হ’ল। টিভিত দেখি দেখি কিবা আমূল দুধ নামৰ গাখীৰহে খাবলৈ ধৰিলে। কাৰণ আমূল দুধ(Amul Dudh) নাচি-বাগি খায় ভাল পায় ইণ্ডিয়াই। হ’বও পাৰে দেই, সিহঁতৰ ঘৰৰ গাইজনীয়ে সেই ঘাঁহ বন দিয়া নাইবা গেলা-পচা পাচলিসোপাবোৰ থোৱা পানীহে খায়। সেইবোৰ খাইনো তাই কিডাল পিঅ’ৰ গাখীৰ দিবহে।
উস্! এতিয়া আকৌ চাহপাত কি খাব বাৰু! ৰেড লেবেল(Red Label)-চোৱাদ(সোৱাদ) আপনেপনকা নে Tajmahal নে Ta Ta Tea খাব নে Shamiran খাব? এইবিলাক চাহপাত অসমৰে না বাহিৰৰ কবই নোৱাৰি। যিকিহওঁক! চাহতো সোৱাত হ’লেই হ’ল।
কৰীণা, দীপিকা পাডুকন, সোণাকসীহঁতৰ নিচিনা তাৰকাই তেওঁলোকৰ সৌন্দৰ্যৰ ৰহস্য দেখুৱাই দিয়ে, সিহতৰ দেখি দেখি আমাৰ জীয়ৰী-বোৱাৰীবোৰক বিপাঙত পেলায়। চাবোন, মুখত ঘঁহা, গাত ঘঁহাৰ এডভাৰটাইজে বেছিকৈ বিপাঙত পেলায়। কোনটো ঘঁহিম কোনটো নঘঁহিম লাগে। এই কাৰণে আজি কালি গাভৰু বা বোৱাৰীক বেছি ধুনীয়া লাগে। আমাৰ ডেকাবিলাকেও কম নহয়, কোনটো ফেছৱাছ, বডি ইছপ্ৰে লগায় ছোৱালী পটাৱ পাৰি তাৰেহে চিন্তা। কেতিয়াবা কেতিয়াবা দুই এটা কেছ পায় ল’ৰা-ছোৱালীৰ মাজত, বোৱাৰী পটোৱা আৰু তোপা আংকল পটোৱা। বাৰু বাদ দিয়া, ইমান দামী দামী মডেল, তাৰকাই বিজ্ঞাপন দিয়ে যে আমি সাধাৰণ মানুহৰ মহা সমস্যাত পৰি যাওঁ। এনেকুবা দেখিবলৈ পায়ে জীয়ৰীবিলাকেও কেতিয়াবা ফুতামি দেখুবায় নেকি? কোম্পানীকেইটাই অকল ডাঙৰ ডাঙৰ ষ্টাৰে ঘঁহিব পৰাকৈ এইবোৰ তৈয়াৰ কৰা নাই। ধুনী-দুখীয়া সকলো এক সমান। গাঁৱৰ নদাই-ভদাইহঁতৰ জীয়ৰী-বোৱাৰী-পত্নীয়েও সানিব পৰাকৈ পাঁচ-দহ টকীয়া চাবোনৰো ব্যৱস্হা কৰি থৈছে। পিছে লাক্স চাবোনৰ বিজ্ঞাপন দিওঁতে তাৰকাগৰাকীয়ে গোলাপৰ মাজত সোমাই থকাৰ দৰে যি অনুভৱ কৰে, আমাৰ কিং শ্বাহৰুখ খানেও তাৰকাগৰাকীক আগবঢ়ায় আনে, বাঃ কি মজা! সাত হাতমান কাপোৰ চোঁচৰাই মানুহৰ মাজত সুবাসিত শৰীৰটো লৈ যিদৰে খোজকাঢ়ি যায়, সেয়া অনুভৱ। এনেকুৱা ছোৱালী দেখিয়ে আমাৰ বন্ধু ভৰিত শিল খুন্দা খাই পৰিছিলি। এতিয়া গ্ৰীষ্মকালত ছোৱালীবিলাকৰ মুখমণ্ডলখন জুইত ছেক দিয়াৰ দৰে হৈ যায়। ইয়াৰ বাবে উৰণি লৈ লাভ নাই ফেয়াৰ এণ্ড লাভলীয়ে সূৰ্য্যৰ পৰা আপুনাক বচাব। আৰু ইয়াৰ ভাল গুণ ফেয়াৰ এণ্ড লাভলী লগালে মেক আপৱালা লুক মিনিটতে ঘৰতে পাব। মানে পাৰ্লাৰবোৰ যেন আইনা চাবলৈহে যাওঁ। ইফালে, যিমানে যিকিনহওঁক ল’ৰাকো লাগে বগা হবলৈ। শ্বাহৰুখ, জন, টাইগাৰ আদি দৰে হিৰোৱেই তেতিয়া ক’ব যে ল’ৰা মানুহে ছোৱালীৰ ক্ৰীম নঘঁহে নহয়, ফেয়াৰ হেণ্ডছামহে ঘঁহে। ঠিকেই আমাৰ হিৰোৱেই কৈছে যেতিয়া বাইদেউ, ভণ্টিৰ ক্ৰীমকেইটাই দুদিনমান বেছি আয়ুস পালে। তেতিয়া আৰু দাদা, ভাইটিসকলে নতুনকৈ খৰচ এটা কৰিব লগা হ’ল।
টিভিত দেখুৱাই নহয় এই ভীম চাবোনৰ কিমান দম। এশটা নেমুৰ শক্তি থাকে (সেইবুলি গৰম দিনত চৰবত নাখাব ভীমবাৰেৰে)। আটাইতকৈ লেতেৰা তেলচিকটিও একপাকতে নাইকিয়া কৰি তোলে। বিজ্ঞাপনত দেখাৰ দৰেই প্ৰথমে আলফুলে চাবোন লেটিয়াই চচপেনটোত এপাক পকাই দিলোঁ। নাই কেটকুটেই নকৰিলেই। হে হৰি ভাঁবিছিলো কাহি মাজি কাহিত নিজৰ মুখ চাই অণুহঁতৰ ঘৰত যাম বুলি, কি বস্তুবোৰ এডভাৰটাইজত দেখুওৱাৰ দৰে সহজতে নহয় বাৰু!
হেয়াৰ এণ্ড কেয়াৰ ফ্ৰট অইলত ইমানবোৰ ফল দেখুৱাই যে কিছুমান ফল খায়েই পোৱা নাই। সেইটো তেল ঘঁহিয়েই বিদ্যা বালানৰ ইমান সুন্দৰ চুলিকোছা। মোৰহে দেখোন নিগনিৰ নেজডালৰ নিচিনা।
আনিল, ইৰফানেও পকা চুলিৰ সমস্যা ওপৰত ভাল বস্তু দিছে। আপুনি ৰং কৰক কোনেও গমকে নাপাব বুলি সকলোকে কৈ কৈ গডৰেজ, ইণ্ডিকা, কালাৰমেডৰ এডভাৰটাইজ দিয়াকেইগৰাকীৰ পৰাই কথাটো সকলোৱে গম পালে। বুদ্ধি দিছা কোনেও গম নোপোৱাকৈ দিয়া! এতিয়া আৰু আধা বয়সত চুলি, দাড়ি কেঁচা দেখিলে পেন্দুকণা এটাও জানে ৰং লগোৱা বুলি।
‘অগৰ দাগ লগনে সে কুছ আটছে হৌতে হে তৌ দাগ অটছে হ্যা’ অথবা হাৰ কৌ হৰানে ম্যে ছাৰ্ফ এক্সেল-এয়া ছাৰ্ফৰ বিজ্ঞাপন। এতিয়া আপোনাৰ কণমানিটোৱে কাপোৰ লেতেৰা কৰিলেও আৰু গালি নাপাৰিব। দহ টকাতে পোৱা যায় এই ছাৰ্ফ। এতিয়া অফিচত ৱছ বা লগৰবিলাকক আপোনাক লৰলাগি চাই থাকিব লাগিব, এয়া কোনো দেৱ-দেৱীৰ শক্তি নহয়, এয়া হৈছে ছাৰ্ফৰ শক্তি। আকৌ টাইড, এৰিয়েল আদিও কাপোৰ বগা কৰাত নহয় কম, যদি আপুনি গোমা ৰঙৰ বগা কাপোৰ পিন্ধি বাহিৰলৈ ওলায় যায় কেনেবাকৈ ৰাস্তাত ঘচককৈ আপোনাৰ কাপোৰেদি ছাৰ্ফৰ পেকেট পাৰ হৈ যাব লাগিলে আপুনি কাৰেণ চক খাই যোৱাৰ দৰে হব! এয়া টাইডৰ এডভাৰটাইজত তাকেইতো দেখুৱায়।
আজিকালি দামী দামী এক্টৰে ল’ৰাহঁতক বিমল, ৰজনীগন্ধা আদি খাবলৈ বিজ্ঞাপনেই শিকালেহে। সিহঁতে ঘৰত বা বাহিৰত এনেকুৱা বস্তু খায় না নাখায় কবই নোৱাৰি? বোলো অজয় দেৱগনে যিমান ধুনীয়াকৈ বিমলৰ কথা ক’লে আৰু আমিও শিকি গ’লোঁ। পিছে শ্বাহৰুখ খানে চাধা আৰু বিড়ি খাবা দেখুৱাই বিজ্ঞাপন দিলে গাওঁত কৈ চহৰত বেছি জনপ্ৰিয়তা হ’ল হৈ নেকি?
ৰজনীগন্ধা-(মুহ ম্যে ৰজনীগন্ধা কদমৌ ম্যে দুনীয়া), বিমল-(দানে দানে ম্যে কেশৰ কা দম) এইবোৰ খাই খায়েই নেকি ল’ৰাহঁতে বেছি বাহাদুৰি দেখুৱায় নেকি।
আকৌ সাধাৰণ বিস্কুটটোও ইমান অসাধাৰণ ভংগিমাত খাব যে লোভেই লাগি যায়। চিপছ, চকলেট খোৱাৰ ভংগিমাবোৰ দেখি বাটে-পথে খাবলৈকে ভয় লাগে জানোচা নিজৰ অজানিতে মুখৰ অৱয়ববোৰ বিজ্ঞাপনৰ দৰে হৈ যায় বুলি।
‘বেতা! মেৰে ছাড়ি উথা দোংগে..
জি মাজি..
থাগ্ককিউ..
থাগ্ককিউ বেতা.. আচ্ছা হুআ তুনে কুচ্ছ নাহি কিয়া..
মোছ বেলকাম মাজি..
কাবি কুচ্ছ না কাৰকে তো দেখো Eat 5 star. Do nothing.’ এদিনাখন মই 5star খাই বাছত গৈ আছিলোঁ। বুঢ়ী ওচৰতে থিয় দি আছিল। এনেতে কন্ট্ৰাকডাৰ আহি মোক ক’লে, ‘ভাইটি আইতাক বহিবলৈ দিয়া।’, বুকু খাব দি বহি আছিলো, পিছে ক’ত 5star দৰে নহ’লেই, কনক্ট্ৰাকডাৰে আকৌ ওচৰত আহি গালি হে থালো। ‘দুৰৰ’ মই তেৰা কৰি উঠি দিব লাগিলো।
জাংগু, পাংগু! বিনা বাতাই যা ৰাহে হো..
বিনগো তেৰে মেৰে ৰাছটে মেই খা লেনা..চিত্তি লিখনা..বায়.. আজা
..ই হে বিনগো তেৰে মেৰে কা জাদু..ৰিপিত ৰিপিত…
আমাৰ অসমত যিমানখন কাৰাগাৰ আছে, সকলো ঠাইতে আৰক্ষীয়ে কুৰকুৰি ছিপছ ব্যৱহাৰ কৰিব লাগে। কাৰণ আমাৰ ৰনবীৰ সিঙে কয়ডি পলায় যোৱাৰ পৰা ধৰি ৰাখে।
কোকাকোলা, থামছ আপৰ বিজ্ঞাপনত নামী-দামী বলীউডৰ এক্টৰ যেনেকৈহে খাই দেখুৱায়, আমিনো নাখাম কিয়? ইপ্ৰিট, পেপছি এডভাৰটাইজত কি চাব..ডাৰ কে আগে জিত হেই…বাহঃ..ৰিক্টিক ৰোছন, ছলমান খান আদিয়ে ইপ্ৰিট, পেপছি এডভাৰটাইজত ডেকা গাভৰুৰ মনবল কঢ়িয়াই আনে। পিছে আমাৰ কেতৰিনা কেবে ফুৰটি খাই থকাৰ সময়ত মানুহে কৰবাত নহয় কৰবাত খাই পৰিবই, গ্ৰীষ্ম কালৰ এডভাৰটাইজ।
‘অগৰ দাগ লগনেচে কুছ অতছা হৌতা হে তৌ দাগ অতছে হ্যে’—এয়া আকৌ ছাৰ্ফৰ বিজ্ঞাপন। কিমান সুন্দৰ কথা। এই বাক্যফাকি ভাবিবলগীয়া।
ল’ৰা পতোৱা, ছোৱালী পতোৱা, শাহু পতোৱা, বন্ধু পতোৱা চব গুণ আমি বিজ্ঞাপন চাই আয়ত্ত কৰিব পাৰোঁ।
এটা কথা কিন্তু দেই, বিজ্ঞাপনবোৰ নাচালেও বহু বস্তুৰ ব্যৱহাৰই নাজানিম। সেয়ে মাজে মাজে চাওঁ। কাৰণ কোনটো কেনেকৈ খাব, ঘঁহিব, বিন্ধিব, ৰাখিব বিজ্ঞাপনে তন্ন তন্নকৈ বুজাই দিয়ে। বিজ্ঞাপন নাচালে আমাৰ বিমলী আইতা, ৰেণুমাই খুৰীৰ দৰে দশাই হ’ব। সৌ সিদিনা বিমলী আইতাই নিমখ বুলি দি দিলে মাটিমাহৰ তৰকাৰীত। আকৌ ৰেণুমাই খুৰীয়েতো জলকীয়া গুৰাৰ পেকেট বুলি পুষ্পা হেনাকে ঢালি দিলে। আমাৰ ৰত্নেশ্বৰ দাইটি ফেছৱাটছেৰে দাঁত ঘঁহা মানুহ। ঐকৌ আমাৰ মা আৰু এখোপ ওপৰত আগৰ কলগেটটো শেষ হোৱা যেন দেখি ছেনছোডাইনটো আনি থ’লোঁ। মায়ে আকৌ সেইটো মুখত সনা বুলি এলেপা লগাই গোটৰ মিটিঙলৈকে ওলাল। আমি বোলোঁ ক’ৰবাত নিজেও লাজ পাবা, আমাকো পোৱাবা। সেয়ে আজিকালি আমি ঘৰৰ সকলোৱে মিলি এডভাৰটাইজ চাওঁ। মহীৰাম বৰদেউতা চৌখিন মানুহ। নতুন বিয়ৈৰ ঘৰলৈ যাওঁতে ড্ৰেছিংখনতে থৈ দিয়া পুতেকৰ ব’ডী স্প্ৰে’টোকে অকণ মাৰি যাওঁ বুলি মাৰি ল’লে। পিছে গোন্ধটো কেনেবা দেখোন! পিছত যেনিবা গম পালে সেইটো মহ মৰা কালাহিট বুলি। বৰমাৰ গালি বোলে নিউজ চালেই নহয় এডভাৰটাইজো চাব লাগে।
কুকাৰ বাৰু কোনটো ল’ব কওকচোন! গাজৰৰ হালবা ৰান্ধি খুওৱা মানুহজীয়ে ব্যৱহাৰ কৰা হকিংছ প্ৰেছাৰ কুকাৰটো ভাল বুলি কৈছে। কিন্তু ইফালে অভিষেক আৰু ঐশ্বৰ্য ৰায়ে কয় দেখোন প্ৰেষ্টিছ বোলা কুকাৰটোহে ভাল। (যৌ বীবী সে কৰে প্যাৰ বহ প্ৰেষ্টিছ সে কেসে কৰে ইনকাৰ)!
মুঠতে বিজ্ঞাপনবোৰেই ব্লাডপ্ৰেছাৰ বঢ়াই দেই। ঘৰৰ অভাৱবোৰো মনলৈ আনে। মানে পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে বিজ্ঞাপনৰ বস্তুৰেই চলিছোঁ। এক কথাত ‘বিজ্ঞাপনত চলিছে ভুমণ্ডল’।
ইটো কোম্পানীয়ে বোলে Star চিমেণ্ট ভাল, সিটোৱে বোলে Tiger চিমেণ্টহে ভাল, আকৌ আমাৰ হাৰ্ট থৰ্ব জুবিনে কয় ছুৰিয়া চিমেন। ঘৰ বনাবলৈ লৈ আপুনি দোমোজাত। বিজ্ঞাপন চায়ো এটা আমোদ আছে। আমাৰ সৰু সৰু প্ৰয়োজনৰ পৰা ডাঙৰ ডাঙৰ প্ৰয়োজনলৈকে তেওঁলোকে অৱগত কৰে, চিন্তা কৰে। বিজ্ঞাপনে বিশেষ ভূমিকা বহন কৰিছে আমাৰ জীৱনত।
আগতে দাম বেছি বস্তু কম বুলি কিনা নাছিল নহয়। এতিয়া কিনিব পাৰিব ২০% নাইবা ২৫%এক্সট্ৰা দিওঁ দিছে। জাম, জেলী এতিয়া ল’ছালীকেইটিক এলেপা এলেপা দিব পাৰিব। হৰলিক্স এঘোকা খুৱাব পাৰিব।
বিজ্ঞাপন আৰু জবকাৰ্ডৰ মাজত এটা সাংঘাতিক মিল আছেহে। বহি কথা পাতি আমনি লাগিলে কাম কৰে আৰু বিজ্ঞাপন দি আমনি লাগিলেহে প্ৰ’গেমবোৰ দিয়ে।
শেহতীয়াকৈ আকৌ নতুন কোম্পানী এটাই বাকী সকলো কোম্পানীৰ মূৰত মাধমাৰ শোধাইছে। আপুনি soffala, dhara-ৰ তেল পাব মুখত সনা, মুৰত সনা নাপায়।
বিস্কফাৰ্মৰ বিস্কুট পাব জুচ নাপাব, গেছৰ ঔষধ নাপাব। একেদৰে Lakme-ৰ বিউটী প্ৰডাকচন পাব কিন্তু চাৰ্ফ, বাচন ধোৱা চাবোন নাপাব। কিন্তু এই এি বিশেষ কোম্পানীটোৱে আমাৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰে উৎপাদন কৰি আমাক সেই কোম্পানীৰ প্ৰেমত পেলাইহে এৰিলে। এৰা এইটোৱেই হৈছে সকলোৰে বুকুৰ কুটুম পতঞ্জলি কোম্পানী। বাবা ৰামদেৱে ভালকৈ বুজিলে যে বিজ্ঞাপন অবিহনে আমিবোৰে তওঁৰ বস্তুত ভৰসা নকৰিবা, বিশ্বাস নকৰিম। সেয়ে নিজেই নামি গ’ল বিজ্ঞাপনৰ প্ৰতিযোগিতাত আৰু জয়ীও হৈছে। কি পায় হিচাপ কৰাতকৈ কি নাপায় ইয়াত ভাবক। আপোনাৰ পাকঘৰৰ খোৱা সামগ্ৰী, মুখত ঘহাঁ, চুলিত ঘঁহা, চকুত সনা কাজল, দুৰাৰোগ্য অসুখৰ ঔষধৰ পৰা ঐৰম্ভ কৰি আচাৰ, জুচ কি নাপায় ইয়াত! আমাৰ সাদৰী পেহীৰ ঘৰলৈ গৈ যেনি চাওঁ তেমিয়েই পতঞ্জলিকে দেখিলোঁ। টুথপেষ্ট, চাহপাত(দিব্যপিয়া), ঘিউ, মৌ, এল’ভেৰা জুচ, জল, চাবোন, মিঠাতেল, দাইল, আচাৰ, চাৰ্ফ, চেম্পু, বাচন ধোৱা চাবোন, মূৰৰ বিষৰ ভিক্সটোলৈকে মুঠতে পতঞ্জলি আৰু পতঞ্জলি। পতঞ্জলি কপাহ, তুলা পোৱাহেঁতেন চাগৈ পেহীহঁতৰ ঘৰৰ বেডক’ভাৰ ,টুলি আদিও পতঞ্জলিৰে হ’লেহেঁতন! ব্যৱহাৰ নকৰিবনো কিয় বাৰু! বাবাই নিজেই ইমান ধুনীয়াকৈ বিজ্ঞাপন দি কেমিকেল থকা বস্তুবোৰৰ কথা বুজাই দিয়ে। তাতে তেওঁ হৈছে যোগগুৰু। বিশ্বাসৰ কথাই দিয়কচোন। পিছে যি নহওক পতঞ্জলিৰ বাবেই আমাৰ দেশৰ নিবনুৱাৰয়ো অলপ সংস্হাপন পাইছে। ভাল কথা এইটো। নিজৰে মানুহ, নিজৰে বস্তু বুলি আত্মীয়তাৰ ভাবেৰে বস্তুবোৰ আপোন কৰি লৈছোঁ। তথাপি কিয় বাৰু বিজ্ঞাপনত দেখুওৱাৰ দৰে কথাবোৰ নহয়গৈ বাৰু!
সঁচাকৈ আজিকালি বিজ্ঞাপন অবিহলে আমি একোকে বিশ্বাস নকৰা হৈছোঁ। এনেকৈ মোহিনী বাণ মাৰি বিজ্ঞাপন দিয়ে যে আপুনি মই বস্তুটো কিনিবলৈ বাধ্য হৈ যাওঁ। কিছুমান বিজ্ঞাপনৰ অৱশ্যেই প্ৰয়োজন নথকা নহয়। বহু দিনৰ আগতে ছোৱালী শিশু হত্যা নকৰি পালন কৰিবলৈ পৰামৰ্শ দি বিজ্ঞাপন দিছিল—‘বেটী কে জন্ম চে উৎসৱ মনাউ, প্যাৰ কে বদলে প্যাৰ নিভাউৱ।’ কেতিয়াবা সাধাৰণ মানুহৰ মানত সচেতনতা বঢ়াবলৈও কেতবোৰ বিজ্ঞাপন দিয়া হয়। বিজ্ঞাপনৰ বাবেইহো বোলে টিভি প্ৰগ্ৰেমবোৰ চলে। বিজ্ঞাপন চোয়ো মজা এটা আছে। পিছে কথাবোৰ কিয় নাজানো বিজ্ঞাপনত দেখাৰ দৰে সহজ নহয়।