ব্লগ মানে কি? ব্লগিং কৰি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? Blogging in Assamese

আমি সকলো সময়তে গুগোলত চাৰ্চ কৰি মনে বিচাৰা তথ্যসমূহ বিচাৰি পাওঁ। তোমালোকে কেতিয়াবা ভাবি চাইছা নে আমি বিছাৰা সকলো তথ্য কেনেকৈ পাওঁ, সেই  তথ্যসমূহ  ব্লগৰ যোগেদিহে পাওঁ। বৰ্তমান সময়ত মানুহবিলাকে চাৰকাৰীমুখী হোৱাৰ ভাবে নিৱনুবা সমস্যাই দেখা দিছে। কিন্তু আজি কালিৰ যুৱাৱস্হাত খালি হাত বহি থাকিবলৈ ইচ্ছা নাই। যিকোনো কামি কৰি নিজৰ পৰিচয়,ৰ লগতে নিজৰ পৰিয়ালক পহ-পালন কৰে। বৰ্তমান সৱাতকৈ ইন্টাৰনেট পইচা ইনকাম কৰা ব্লগ্লিংৰ স্হান গুৰুত্বপূৰ্ণ বুলি দাবি কৰিব পাৰি। কিয়নো ইয়াত পইচা ইনকাম কৰাৰ লগতে নিজৰ জনপ্ৰিয়তা লাভ কৰে। আৰু নিজৰ পৰিচয় নেদেখুৱাকৈও ব্লগাৰত কাম কৰিব পাৰে। ইয়াৰ বিষয়ে আজি তোমালোকৰ লগত বিতংগকৈ আলোচনা কৰিম,  ব্লগ্লিং কেনেকৈ হব পাৰি? ইয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ তথ্য আপোনালোকৰ লগত আলোচনা কৰিম।

ব্লগ মানে কি? ব্লগ হল ইংৰাজিৰ ভাষাত ৰূপ। ইয়াক ৱেব ব্লগ বুলিও কবা হয়। ১৯৯৮ চনতে ব্লগ আৰম্ভ হৈছিল। ই গুগোলৰ যোগেদি দিয়া মুক্ত সেৱা হয়,  ইয়াৰ যোগেদি এজন ব্যক্তিয়ে গোতেই বিশ্বতে নিজৰ মনৰ কথা খুলি কব পাৰি। ব্লগে মানুহক নিজৰ ভাৱ মানুহৰ মাজত বিলাই দিয়ে। সেই ব্লগ সেইজন ব্যক্তিৰ কাষত যায়,  যত সেই বিষয়ৰ ওপৰত চাৰ্চ কৰে। ব্লগ এটি ৱেবচাইটৰ দৰে হয়,  ইয়াক বনাবলৈ কোনো টকা পইচাৰ প্ৰয়োজন নাই। আৰু গুগোলে এনেদৰে বনাই দিছে যে যত সকলো মানুহে অতি সহজে ব্যৱহাৰ কৰিব পাৰে। ৱেব চাইট আৰু ব্লক দুয়ো বেলেগ বেলেগ, ৱেব টাইট বনাবলৈ বহুতো ৱেব ডিজাইন, কোডিং আদি জানিব লাগে আৰু ইয়াক বনাবলৈ পইচাৰো প্ৰয়োজন হয়ব্লগ বনাবলৈ হলে কোনো টকাৰ প্ৰয়োজন নহয়, কিন্তু ৱেব চাইট বনাবলৈ এটা ৱেব চাইট  প্লেটফমৰ প্ৰয়োজন হয়। যেনে- ব্লগাৰ, ৱাৰ্ডপ্ৰেছ, টাম্লাৰ, মেডিউম, ৱিবলী, জুমলা, ৱিছ আদিৰ যোগেদি যিকোনো ব্যক্তিয়ে অতি সহজ, অতি সোনকালে বনাব পাৰি।

ব্লগিং কি? ব্লগিং কেনেকৈ হব পাৰি

এটা ব্লগ এজন ব্যক্তি বা টীমৰ যোগেদি চলায় লৈ যায়। প্ৰায় বেছিভাগ মানুহে ইয়াক ব্যৱহাৰ কৰি ভাল পায়। আৰম্ভণিতে ব্লগ মুক্তভাৱে বনোৱা হয়, পিছত নিজৰ প্ৰয়োজনৰ অনুসৰি সলনিও কৰিব পাৰি। ব্লগ ৱেব চাইটকৈ অধিক সৰু হয়। সেইকাৰণে ব্লগক ডিজিটাইল দিনলিপি(ডাইৰী) বুলিও কোৱা হয়। ব্লগত ফটো, আৰ্টিকেল, ভিডিঅ আদি আপলোত কৰিব পাৰি। ব্লগত লিখা কনটেইনক ব্লগ পোষ্ট বুলিও কওঁ। এই পোষ্টক ছচিয়েল মিডিয়া(ফেচবুক, টুইটাৰ, লিনদিন আদি)ত ছেয়াৰ কৰিব পাৰি। বৰং মানুহে ব্লগ কিয়ো লিখে? ১৫, ২০ বছৰ আগত মানুহে দিনলিপি, বহিত নিজৰ কথা লিখি মেগাজিন, বাতৰিকাকত নিজৰ লিখাসমূহ জনসাধাৰণৰ মাজত বিলাই দিছিল। সেইদৰে আধুনিক যুগত মানুহে ইণ্টাৰনেটত ব্লগ লিখিবলৈ পচন্দ কৰে, আৰু ইয়াক জনসাধাৰণৰ মাজত ছেয়াৰ কৰে, ইয়াকে ব্লগ বুলি কোৱা হয়। ব্লগত যিকোনো বিষয়ৰ ওপৰত লিখিব পাৰি। কবিতা, গল্প, সাঁথৰ, উপন্যাস, সাদু কথা, আত্মকথা আদি নিজে ব্লগ খুলি লিখিব পাৰে। এটা ব্লগ সাধাৰণ বিষয়ত হব পাৰে বিশেষও হব পাৰে,  ব্লগ এটা বিশেষ বিষয়ৰ ওপৰত লিখা হয়। যেনে- বাতৰি, টেক নিউজ, স্বাস্হ্য, ভ্ৰমণ আদিৰ ক্ষেত্ৰত লিখা হয়। যি মানুহে ব্লগ লিখে তাক ব্লোগাৰ বোলে, আৰু যিটো কাম ব্লগাৰত হয় তাক ব্লোগিং বুলি কোৱা হয়। হয়টো আপোনালোক ইয়াত অকনমান বুজাত অসুবিধা হব পাৰে, কাৰণ আমি ইন্টাৰনেটত ব্লগ(Blog) লিখকক ব্লগাৰ (Blogger), আৰু অন্য হল ইউটিউবত ভিডিঅ বা ভ্লগ(Vlog)দিয়াক ভ্লগাৰ(Vlogger) বুলি কওঁ। এজনে ব্লগত লিখা মেলা কৰে আৰু আনজনে ভিডিঅহে দিয়ে, পাৰ্থক্য এটাই কামটো বেলে বেলেগ।

 আহোওঁক জানো! (ব্লগিং (Blogging)কি হয়? দৈনন্দিন ব্লগত পোষ্ট লিখি পাব্লিশ্চ কৰি আৰু নিজৰ ব্লগ ভালদৰে ডিজাইন কৰি এই সকলো কাৰ্যবোৰক ব্লগিং বুলি কৱ পাৰি। ইয়াত লেখকে সময়ে সময়ে নিজৰ বিছাৰ বুদ্ধিত পাব্লিশ্চ কৰি থাকি, মানুহৰ কমেনসমূহ উত্তৰ দিয়া আদি কাম কৰি থাকিব লাগে। ব্লগৰ  যোগেদি অনলাইন পইচা ইনকামো কৰিব পাৰি। ব্লগত যি কোনো বিষয়ৰ ওপৰত কৰিব পাৰি, যেনে- খেলা-ধেমালি, মনৰঞ্জন, স্বাহ্য, টেকনলজি, বিজ্ঞান আদি। কিন্তু যিবিলাক পৰ্নোগ্ৰাফি কনটেইনবিলাক (ফটো, ভিডিঅ, লিগ্), অবৈদ্য, বেআইনী  কাম আদি ব্লগত এডচেন্স, একাউন অৰ্থা ৱেব চাইট বেণ্ড কৰিব পাৰে।

 ব্লগিংক দুই প্ৰকাৰৰ, এটা হৈছে পাৰ্‌শ্বনেল ব্লগিং, দ্বিতীয় হৈছে প্ৰোফেশ্বনেল ব্লগিং। পাৰ্‌শ্বনেল ব্লগিংক হোবি বুলিও কৱ পাৰি, এইটো সেইটো ব্লগ হয় যত তেওঁলোকৰ কাহানি, সত্য কথা আদি মানুহৰ মাজত ছেয়াৰ কৰে। নিজৰ বিষয়ে বা আন ব্যক্তিৰ বিষয়ে হব পাৰে। এনেকুৱা ডাঙৰ মানুহ বা চেলেব্ৰেটি মানুহে ৱেব চাইট বনায়, কিয়নো নিজৰ কথা মানুহে বুজি পায়। তেওঁলোকে ব্লগ পইচা ইনকাম কৰিবলৈ নহয়, তেওঁলোকে এটা হোবি নিচিনাহে লয়। পাৰ্‌শ্বনেল ব্লগ চেলেব্ৰিটি মানুহৰ ধাৰা লিখা হয়,  ইয়াৰে ধাৰা মানুহে পঢ়ি নিজৰ কালাকাৰক জানে।

প্ৰোফেশ্বনেল ব্লগিং সেই সকল মানুহে কৰে, যত তেওঁলোকে নিজৰ প্ৰফেশ্বন বা ব্যৱসায় বুলি জানে। আৰু তেওঁলোকে ইমান পইচা ইনকাম কৰে যে তেওঁলোকৰ সপ্নসমূহো পূৰ্ণ কৰে। এইটো ব্লগিং ব্যৱসায় হিচাপে জানিব পাৰি। যত নিজৰ কৌশল, কষ্ট, সময় আদি কাম কৰিব লাগে, তেতিয়াহে কষ্টৰ ফল লাভ কৰিব পাৰি। প্ৰফেশ্বন ব্লগাৰ বহু ধৰণেৰে টকা ইনকাম কৰে। যেনে-গুগল এডচেন্স, বিজ্ঞাপন, মেমবাৰশ্বিপ ৱেবচাইট, এফিলিট লিক্ ‌ছ, দান, ই বুক, অনলাইন, ক্ৰচেছ ইত্যাদি। ইয়াৰ মাজত গুগল এডচেন্স, বহু প্ৰৱাবশালী হয়, যদি আপোনি লিখি ভাল পায় তেন্তে অতি সহজে ব্লগিংৰ ৰাস্তা লব পাৰে। যদি আপুনি ব্লগাৰ জৰিয়তে পইচা ইনকাম কৰিব বিছাৰে তেতিয়া কষ্ট, সহ্য, সহন আদি থাকিব লাগে। তেতিয়াহে ব্লগিংত টিকিব পাৰিব। কাৰণ ব্লগিং কৰিবৰ বাবে ইমান সহজ নহয়, তুমি যদি আজি ব্লগিং আৰম্ভ কৰি কালিয়ে পইচা পাই যাব। তেতিয়া হলে আপোনি নিশ্চয়ে ভুল বুজি আছে।

এতিয়া জানো আহোঁক কেনেকৈ আৰম্ভ কৰিম? আৰু ইয়াৰ বাবে কি কৰিব লাগে? ব্লগাৰ এজন ব্যক্তি হয়, যত সময়ে সময়ে  ব্লগ পোষ্ট কৰে। ব্লগাৰ হবলৈ কোনো বিশেষ শিক্ষাৰ প্ৰয়োজন নহয়, ইয়াক যিকোনো ব্যক্তিয়ে সময় উলিয়াই লিখিব পাৰি। যেনে- শিক্ষাৰ্থী, গৃহিনী, চাকৰিয়াল, বেপাৰী, যুৱ-যুৱকতী, বুঢ়া-বুঢ়ী আদি সকলো মানুহে ব্লগত কাম কৰিব পাৰি। মাত্ৰ ইণ্টাৰনেট আৰু ব্লগিংৰ বিষয়ে  কিছু হলেও জানিব লাগে।  আৰু নিজে কি কৰি ভাল পায় সেইটো ভালকৈ জানিব লাগে। কিয়নো ব্লগ বনোৱাৰ আগত আমি বিষয় পচন্দ কৰিব লাগে যাক ‘niche’ বুলি কয়, আৰু সেই বিষয়ৰ অনুসন্ধান কৰি ব্লগ পোষ্ট লিখিব পাৰি। সেইকাৰণে আনতকৈ আপোনি বেলেগতকৈ বেলেগ লিখিব পাৰি। যেনে- fashion, খাদ্য, স্বাস্হ্য, গেজেট, শিক্ষা, খেল, গেমিং আদি বিষয়ৰ ওপৰত লিখিব পাৰে। ইয়াৰ যিকোনো বিষয় হব পাৰে আপোনালোকৰ নিজৰ মন পচন্দ হব লাগে, ইয়াত  জিৰণি নোলোৱালৈ লিখিবা পাৰি। ব্লাগৰত ইনকাম পাবলৈ  ভাল ট্ৰেফিক লাগে, আৰু টেফিক ভাল হলে ভাল পষ্টো লিখিব লাগে।আৰ্টিকেল লিখিবলৈ অনুসন্ধান কৰিব লাগে, টপিকৰ বাবে কিৱাৰ্ড বিচাৰিব লাগে, ব্লগ পোষ্টৰভাৱে ফটো বিচাৰিব লাগে, সময় সময়ে ব্লগৰ ডিজাইন সলনি কৰিব লাগে, চাইটৰ স্পীট আৰু অন্য বেলেগবোৰো ঠিক কৰিব লাগে, ব্লগ পোষ্ট বেলেগ বেলেগ ছচিয়েল মিডিয়াত চেয়াৰ কৰিব লাগে, কমেনছৰ  উত্তৰ দিব লাগে, অন্য ব্লগাৰ লগত সম্বন্ধ, সহায় কৰিব লাগে, পাঠকৰ লগত সম্বন্ধ ৰক্ষা আদিৰ ক্ষেত্ৰত সকলো কাম কৰিব লাগে। যদি আপুনি এনেদৰে কৰিব বিছাৰে? আৰু ব্লগত নিজৰ সময় দিব বিছাৰে? তেতিয়া আপুনি নিশ্চয় ব্লগাৰ হব পাৰিব। ব্লগ এনে এটা প্লেটফ্ৰম  যত আপুনি নিজৰ বিচাৰ, ৰায়, কৌশল, জ্ঞান লোকৰ মাজত ৰাখিব পাৰিব। ব্লগাৰত নতুন নতুন কথা লিখিব লাগে, আৰু মানুহে পঢ়ি ন ন কথা শিকিব পাৰে। আহা কৰোঁ আপোনালোকে ব্লগাৰ বিষয়ে ব্লগ কি? ব্লগাৰে কি কি কৰিব পাৰে ইয়াৰ বিষয়ে বিতংগকৈ জানিলে। মোৰ ইচ্ছা যে আপোনালোকে ভালকৈ জানে বুজি পায়, তেতিয়া আপোনালোকে কিবা এটা কাম কৰাৰ আগত মুখ থেকেচা  নাখায়। ইয়াৰ বিষয়ে কিবা জানিব বিচাৰিলে তেতিয়া হলে তলত কমেন কৰিব পাৰে।

 

Leave a Comment