বৰগীত সম্পর্কে চমুকৈ | Briefly about Borgeet

বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ অভিনয় সৃষ্টি। ‘বৰগীত’ নামকৰণ অৱশ্যে মহাপুৰুষ দুজনাই কৰা নাই। পৰবৰ্তী বৈষ্ণৱ ভক্ত ইহে গুৰু দুজনাই ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক ‘বৰগীত’ আখ্যা দিয়ে। বৰগীতসমূহক ড° বানীকান্ত কাকতিয়ে Noble Numbers, কালিৰাম মেধিয়ে Songs celestial আখ্যা দিয়ে।

মহাপুৰুষ দুজনাৰ আধ্যাত্মিক ভাৱ সম্পন্ন ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযম থকা ব্ৰজাৱলী ভাষাত ৰচিত গীতসমূহক ‘বৰগীত’ বোলে। এই গীতসমূহ সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক আৰু সেই কাৰণেই সাধাৰণ গীতৰ বিপৰীতে ইয়াক ‘বৰগীত’ বোলা হয়।

চৰিত পুথি মতে, মহাপুৰুষ শংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰিবলৈ যাওঁতে বদৰিকাশ্ৰমত ‘মনমেৰি ৰাম চৰনেহি লাগু’— বৰগীতটি ৰচনা কৰে। গুৰুজনাই বাৰকুৰি বৰগীত ৰচনা কৰিছিল যদিও দুর্ভাগ্যক্রমে বনপোৰা জুইত বৰগীতসমূহ জাহ যায়৷ প্রায় একুৰি চৈধ্যটামান বৰগীতহে ভকতৰ মুখে মুখে ৰৈ গ’ল। গুৰুজনাই এই ঘটনাৰ বাবে দুখ পাই তেওঁ মাধৱদেৱক গীত ৰচনা কৰিবলৈ কয়। গুৰুৰ আদেশ মৰ্মে মাধৱদেৱে নকুৰি এঘাৰটা গীত ৰচনা কৰে।

বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী। মিথিলাৰ বিদ্যাপতিৰ পৰা আৰম্ভ কৰি বংগদেশ আৰু উৰিষ্যাৰ বৈষ্ণৱ কবিসকলেও কৃষ্ণলীলা বিষয়ক গীতসমূহ এই ব্ৰজাৱলী ভাষাতে ৰচনা কৰিছিল৷ প্ৰকাশত সংযম, শাস্ত্রীয় ৰাগৰ প্ৰয়োগ, আধ্যাত্মিক ভাৱৰ প্ৰাধান্য আৰু ভক্তি অনুভূতিৰ আন্তৰিকতা বৰগীতৰ আন আন বৈশিষ্ট্য। বৰগীতবোৰত ৰাগ উল্লেখ থাকে, কিন্তু তালৰ উল্লেখ সাধাৰণতে নাথাকে। পৰম্পৰা অনুসৰি ওজা বা গায়নে উপযোগী তাল, খোল, মৃদং সঙ্গত কৰে। বৰগীতবোৰত বাৎসল্য, শান্ত আৰু দাস্যভাৱৰ প্রাধান্য দেখা যায়। বৈষ্ণৱসকলৰ মতে, বৰগীতবোৰত ৬টা বিষয় পোৱা যায়।

১। পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা ৷

২। যশোদাৰ আৰু গোপ-গোপীৰ কৃষ্ণ বিদায়ত বিৰহ।

৩। পৰমাৰ্থ

৪। সংসাৰৰ প্ৰতি বিৰক্তি৷

৫। কৃষ্ণৰ চৌর্য ক্ৰিয়া আৰু

৬। কৃষ্ণৰ চাতুৰি।

লীলা বিষয়ক গীতত আকৌ জাগৰণ, চলন, খেলন, নৃত্য আৰু নানা অৱতাৰী কাৰ্য বৰ্ণনা কৰা হয়।

মহাপুৰুষ শংকৰদেৱৰ বেছিভাগ বৰগীততেই পৰমাৰ্থিক তত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তি ভাব প্রকাশ পাইছে। দুই চাৰিটা বিৰহ আৰু লীলা বিষয়ক গীতো আছে, কিন্তু চুৰি-চাতুৰি, খেলন আৰু নৃত্য বিষয়ক বৰগীত নাই বুলিলেও হয়! মাধৱদেৱৰহে এই কেইবিধ গীতৰ সংখ্যা অধিক। শংকৰদেৱৰ বৰগীতত খেদোক্তি, অনুশোচনা আৰু ভগৱানৰ চৰণত আত্মসমৰ্পৰ্নৰ ভাব বিশেষকৈ দেখা যায়।

মাধৱদেৱৰ বৰগীতসমূহত দাস্য আৰু বাৎসল্য ভাব দেখা যায়। পৰমাৰ্থ আৰু বিৰক্তি ভাবৰ বৰগীত আছে যদিও মাধৱদেৱৰ গীতত বালকৃষ্ণৰ চৌৰ্য্য-চাতুৰি, খেলন, জাগৰণ, চলন, নৃত্যৰ গীতৰ সংখ্যা বেছি। এই প্ৰসংগত ড° বাণী কান্ত কাকতিৰ মতামত প্রনিধানযোগ্য—“শংকৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে সেই আটাইবোৰ প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্রাপ্য অথচ ক্ষণভংগুৰ আৰু মায়াময় হৰিভক্তি মোহাচ্ছন্ন জীৱন সমূদ্ৰত ধ্ৰুৱতৰা, এনে নানা ভাব আৰু ভাষা শংকৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপর্য। মাধৱদেৱৰ ৰচিত গীত কেতবোৰত এই ভাবৰ পুনৰুক্তি আছে; কিন্তু তেওঁৰ বেছিভাগ গীততেই শিশুকৃষ্ণৰ বাল-জীৱনৰ ৰং-বিৰঙৰ চিত্র ফুটি ওলাইছে। বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংগ। গীত, পদ, নাট সকলোতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু-চৰিত্ৰ সজীৱ কৰি তুলিছে।” গীতবোৰত শিশু-চৰিত্ৰৰ অভিব্যক্তি, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবি-প্ৰাণৰ উচ্ছাস আৰু হৃদয়ৰ আকৃতি অতি সার্থক ভাবে প্রকাশ পাইছে।

FAQs

বৰগীত লক্ষণসমূহ

বৰগীতৰ লক্ষণসমূহ হ’ল-

১. বৰগীতৰ ভাষা ব্ৰজাৱলী।

২. বৰগীতৰ মাজেৰে আধ্যামিক ভাৱৰ প্ৰকাশ পাইছে।

৩. বৰগীতৰ প্ৰকাশৰ সংযম দেখা যায়।

৪. শাস্ত্ৰীয় ৰাগৰ প্ৰয়োগ।

৫. ভক্তি অনুভুতিৰ আন্তৰিকতা দেখা যায়।

৬. বৰগীতসমূহ উপাসনাৰ অংগ।

৭. কেৱল শংকৰদেৱ-মাধৱদেৱে ৰচনা কৰা নিৰ্দিষ্ট সংখ্যক গীতকহে বৰগীত বোলা হয়।

বৰগীত কাক বোলে

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য চৈধ্য প্ৰসংগত গাব পৰাকৈ ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীৰামৰ লীলা-মাহাত্ম্য প্ৰকাশ কৰি ৰচনা কৰা আধ্যাত্মিক ভাৱসম্পন্ন ৰচনাভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযম থকা ব্ৰজাৱলী ভাষাত ৰচিত ৰাগ-ৰাগিনীযুক্ত গীতসমূহকে ‘বৰগীত’ বুলি কোৱা হয়।

Leave a Comment