ভবেন্দ্রনাথ শইকীয়া (১৯৩২-২০০৩) ৰ জন্ম হয় নগাঁৱত। ১৯৪৮ চনত সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্রী লাভ কৰে। কলিকতা প্ৰেছিডেন্সি কলেজৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী আৰু লণ্ডনৰ ইস্পিৰিয়েল কলেজৰ পৰা টেকন’লজিৰ ডিপ্লমা লাভ কৰে। ৰামধেনু যুগৰ এগৰাকী শ্রেষ্ঠ গল্পকাৰ বিজ্ঞানৰ ছাত্ৰ শইকীয়া তেওঁৰ সৃষ্টিমূলক ৰচনাৰ জৰিয়তে জনপ্রিয়তা লাভ কৰে৷ ‘অসম প্ৰকাশন পৰিষদ বঁটা’ (সেন্দুৰ), সাহিত্য অকাডেমী বঁটা (শৃংখল-১৯৭৬); অসম উপত্যকা বঁটা। তেওঁৰ উল্লেখযোগ্য গল্পসংকলন ‘প্ৰহৰী’, ‘বৃন্দাবন’, ‘গহ্বৰ’, ‘সেন্দুৰ’, ‘শৃংখল’, ‘তৰংগ’, ‘এই বন্দৰৰ আবেলি’, ‘আকাশ’, ‘উপকণ্ঠ’, ‘সান্ধ্যভ্রমণ’। উপন্যাস ‘আতংকৰ শেষত’, ‘অন্তৰীপ’, ‘ৰম্যভূমি’। শিশু সাহিত্য ‘মৰমৰ দেউতা’ (উপন্যাস), ‘শান্তশিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট’, (গল্প, ৰেডিঅ’যোগে প্ৰচাৰিত নাট)। আলোচনী সম্পাদনা : প্রান্তিক, সফুঁৰা। কথাছবি : সন্ধ্যাৰাগ, অগ্ৰিস্নান, অৰ্ণিবাণ, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আদি। ইতিহাস ছবিৰ পৰিচালক হিচাপে ‘ৰজত কমল বঁটা’ লাভ কৰিছিল। শইকীয়াই ষাঠি দশকত গা কৰি উঠা একাংকিকা নাটকৰ ধাৰাক বনাঢ্য আৰু জনপ্ৰিয় কৰি তুলিছে। পুতলা নাচ, তীৰ্থ, ভাওনা আৰু একাংকিকা নাটিকা, ‘এজাক জোনাকীৰ জিলমিল’ নাটকৰ ভূমিকা গুৰুত্বপূৰ্ণ।