অসমৰ সাংস্কৃতিক জগতখনলৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান বিশেষভাৱে উল্লেখনীয়। তেওঁ একাধাৰে চুটিগল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক তথা কথাছবি প্রযোজক আছিল। শইকীয়াদের অসমীয়া সাহিত্য জগতত বিশেষকৈ চুটিগল্পকাৰ হিচাপে প্ৰখ্যাত। তেওঁৰ গল্প সংকলনকেইখন হ’ল ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প : পঞ্চাছৰ দশক (১৯৭৬), তৰংগ (১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), আকাশ (১৯৮৮), উপকণ্ঠ (১৯৯২) আৰু সান্ধ্য ভ্রমণ (১৯৯৮)। এই এঘাৰখন গল্প সংকলনত গল্পকাৰজনে মুঠ ৮৮ টা গল্প প্ৰকাশ কৰিছে। তেওঁৰ প্ৰায়ভাগ গল্পই উৎকৃষ্ট পৰ্যায়ৰ আৰু প্ৰায় আটাইখিনিতে কৃতকাৰ্য হোৱাই নহয় পাঠকৰ বাবেও এক উজ্জ্বল চানেকি ৰাখি থৈ গৈছে। এজন গল্পকাৰৰ কাৰণে এয়া কেৱল গৌৰৱৰ বিষয়েই নহয়, এক বিষয় দৃষ্টান্তও। তেওঁৰ ‘আকাশ’ নামৰ গল্প সংকলনটো নেচনেল বুক ট্রাষ্টৰ দ্বাৰা হিন্দী আৰু বাংলা ভাষাতো প্রকাশিত হৈছে।
স্কুলীয়া জীৱন মতে ‘আতংকৰ শেষত’ নামৰ ডিটেকটিভ উপন্যাস ৰচনা কৰা ড° শইকীয়াই পৰৱৰ্তী কালত ‘অন্তৰীপ’ আৰু ‘ৰম্যভূমি’ নামৰ দুখন উপভোগ্য উপন্যাস ৰচনা কৰে। তাৰ উপৰি ‘মৰমৰ দেউতা’ নামৰ শিশু উপন্যাস, ‘শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট’ আৰু ‘তোমালোকৰ ভাল হওক’ ক্ৰমে শিশু নাট আৰু প্ৰবন্ধ। ‘জীৱন ৰেখা’ আৰু ‘জীৱন বৃত্ত’ তেওঁৰ আত্মজীৱনীমূলক ৰচনা।
ড° শইকীয়া এগৰাকী অনাতাঁৰ নাট্যকাৰো আছিল। ‘কোলাহল’, ‘দুভিক্ষ’ আৰু ‘ইতিহাস’ আকাশবাণী ৰাষ্ট্ৰীয় কাৰ্যসূচীত প্ৰচাৰিত হৈছিল৷ ‘জোনাকীৰ বিয়া’, ‘দেউতা’ আদি এসময়ত বৰ জনপ্ৰিয় নাট আছিল। তেওঁ ভ্ৰাম্যমান নাট্যদলৰ বাবেও কেইবাখনো উল্লেখযোগ্য নাট ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত ‘নীলকণ্ঠ’, ‘আম্রপালী’, ‘বন্দীশাল’ আদি উল্লেখযোগ্য।
অসমীয়া সাহিত্যৰ আধুনিক যুগটোত আধুনিক অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ জগতখনত ‘বিজ্ঞান ছাত্ৰ’ ড° শইকীয়াৰ দৰে এখন গুৰুত্বপূৰ্ণ আসন দখল কৰাৰ ঘটনা বিৰল। ড° শইকীয়া ‘প্রথম’ আধুনিক অসমীয়া সাহিত্যক যিজনে বিজ্ঞানৰ ছাত্ৰ হোৱাৰ পৰিচয়টো আন্তৰিকভাৱে তেওঁৰ সাহিত্য আৰু চিন্তাৰ মাজতো কঢ়িয়াই নিছিল। ড° শইকীয়াৰ পথটোত বিজ্ঞানমুখী এম্পিৰিকেল চিন্তাৰ এটা ডাঙৰ গুৰুত্ব
আছিল।