ভাৰতীয় সংবিধান গঠন(Formation of the Indian Constitution) Bharatiya Songbidhan(Assamese)

ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰি উলিয়াবলৈ এখন সংবিধান সভাৰ আৱশ্যকতা যে স্বাধীনতা লাভৰ পাছতহে অনুভৱ কৰা হৈছিল তেনে নহয়; প্ৰথম মহাসমৰৰ পাছৰ পৰা বহুতো দূৰদৰ্শী ভাৰতীয় নেতাই এখন সংবিধান সভা গঠনৰ দাবী উত্থাপন কৰি আহিছিল।

সুদীৰ্ঘকালীন আন্দোলনৰ ফলস্বৰূপে ভাৰতীয়সকলে ঔপনিবেশিক শাসনৰ কবলৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। ইয়াৰ প্ৰায় আঢ়ৈ বছৰৰ মূৰত ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা নিজে ৰচনা কৰা সংবিধানখন কাৰ্যকৰী কৰিছিল।

সংবিধান সভা গঠন(formation of the  Constitution Assembly)

            কেবিনেট মিছনৰ আঁচনিৰ অনুসৰি ১৯৪৬ চনৰ মে মাহত সংবিধান সভা গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছিল। সেই চনৰে জুলাই মাহত বিধানমণ্ডলসমূহে সংবিধান সভা বা গণ-পৰিষদৰ কাৰণে সদস্যসকলক নিৰ্বাচিত কৰিছিল। সংবিধান সভা গঠনৰ বাবে কেবিনেট মিছনে বৃটিছ ভাৰত-ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ২৯৬খন আসনৰ ভিতৰত কংগ্ৰেছ সহযোগী দলৰ সৈতে ২১১খন আৰু মুছলিম লীগে ৭৩খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছিল। কেবিনেট মিচনে দেশীয় ৰাজ্যসমূহৰ বাবে ৯৩খন আসন ধাৰ্য কৰিছিল যদিও এখন আসনো পূৰণ কৰা নহল। সংবিধান সভাত কংগ্ৰেছ দলৰ অধিক সদস্য থকা হেতুকে কংগ্ৰেছে ইয়াত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল।

            সংবিধান সভাত পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল,  ড° ৰাজেন্দ্ৰ প্ৰসাদ, মৌলানা আবুল কালাম আজাদ, ড° বি আৰ আম্বেদকাৰ,  ড° সৰ্বপল্লী ৰাধাকৃষ্ণন, কে এম মুন্সী, কে টি শ্বাহ, লিয়াকত কালি খাঁ, ফিৰোজ চাহ নুন, শ্যামাপ্ৰসাদ মুখাৰ্জী আদি বিখ্যাত নেতাসকল নিৰ্বাচিত হৈছিল। অৱশ্যে মহাত্মা গান্ধী আৰু জিন্না সংবিধান সভাৰ সদস্য হোৱা নাছিল। ১৯৪৬ চনৰ ১১ ডিচেম্বৰ তাৰিখে ড° ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্হায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

খচৰা সমিতি(Drafting Committe)

 ভাৰতবৰ্ষৰ সংবিধানখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত খচৰা সমিতিখনৰ ভুমিকা বিশেষভাৱে উল্লেখনীয়। ড° বি আৰ আম্বেদকাৰক সভাপতি হিচাপে এখন ৭ জনীয়া খচৰা সমিতি ১৯৪৭ চনৰ ২৯ আগষ্টত সমবিধান সভাই গঠন কৰি দিছিল। এই খচৰা সমিতিখনৰ সদস্যসকল হলঃ 

(১) ড° বি আৰ আম্বেদকাৰ

(২) আল্লাদি কৃষ্ণস্বামী আয়াৰ

(৩) কে এম মুন্সী

(৪) গোপালস্বামী আয়েংগাৰ

(৫) ছৈয়দ মহম্মদ ছাদুল্লা

(৬) এন মাধব ৰাও

(৭) ডি পি খৈতান।

            অৱশ্যে ডি পি খৈতানৰ মৃত্যুৰ পাছত টি টি কৃষ্ণমাছাৰী খচৰা সমিতিৰ সদস্য হৈছিল। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰাখন প্ৰথমতে বি এন ৰাওৱে প্ৰস্তুত কৰি উলিয়াইছিল। ইয়াৰ পাছত জনসাধাৰণৰ মতামতৰ বাবে খচৰাখন প্ৰচাৰ কৰা হয় আৰু পৰামৰ্শ দিবৰ বাবে ৮ মাহ সময় দিয়া হৈছিল। ১৯৪৮ চনৰ ফেব্ৰুৱাৰীত সংবিধানৰ খচৰাখন সংবিধান সভা সভাপতিৰ ওচৰত দাখিল কৰা হৈছিল। সংবিধান সভাত খচৰাখনৰ ওপৰত ১৯৪৮ চনৰ ৪ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে আলোচনা হৈছিল। ইয়াৰ পাছত খচৰাখনৰ ওপৰত আগবঢ়োৱা সংশোধনীবোৰৰ ওপৰত ১৯৪৮ চনৰ ১৫ নৱেম্বৰৰ পৰা ১৯৪৯ চনৰ ১৭ অক্টোবৰলৈকে সংবিধান সভাই আলোচনা কৰিছিল। সংবিধানৰ খচৰাখনৰ ওপৰত তৃতীয় তথা শেষ শুনানী হৈছিল ১৯৪৯ চনৰ ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে বিপুল হৰ্ষধ্বনিৰ মাজত স্বাক্ষৰ কৰাত স্বাধীন ভাৰতৰ সংবিধানখন গৃহীত হয়। ভাৰতবৰ্ষৰ নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হয়। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হয় ড° পাজেন্দ্ৰ প্ৰসাদভাৰতবৰ্ষৰ নতুন সংবিধানখন ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰীৰ হোৱাৰ বাবে সেই দিনটো ভাৰতৰ গণতন্ত্ৰ/গণৰাজ্য দিৱসৰ দিন হিচাপে উদ্‌যাপন কৰা হয়।

প্ৰশ্নত্তৰঃ-

গণতন্ত্ৰ বা গণৰাজ্য দিৱস বুলিলে কি বুজা?

ভাৰতবৰ্ষৰ নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰীৰ হোৱাৰ বাবে সেই দিনটো ভাৰতৰ গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ দিন হিচাপে উদ্‌যাপন কৰা হয়।

গণতন্ত্ৰ বা গণৰাজ্য মানে কি?

সুদীৰ্ঘ ইংৰাজ ঔপনিবেশিক শাসনৰ কবলৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। ইয়াৰ প্ৰায় আঢ়ৈ বছৰৰ মূৰত ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা নিজে ৰচনা কৰা সংবিধানখন কাৰ্যকৰী কৰিছিল। তেতিয়াৰ পৰা ২৬ জানুৱাৰীক গণতন্ত্ৰ বা গণৰাজ্য বুলি কওঁ। 

 

Leave a Comment