ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ

ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰ

সহযোগিতাসমূহঃ

১. দুইখন দেশে উগ্ৰপন্থী আৰু অবাঞ্ছনীয় কাৰ্যকলাপক উদ্‌ঘাটন কৰাত একমত।

২. শান্তি আৰু সমন্বয় স্থাপনৰ জৰিয়তে দুয়োখন দেশে অৰ্থনৈতিক, বিত্তীয়, বেহা-বেপাৰ, পৰিবহণ, যোগাযোগ আদিত উন্নতি সাধন ঘটোৱা।

বিবাদসমূহঃ

১. গংগা পানীৰ ভাগ বতোৱাৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদ।

২. বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্ৰব্ৰজনৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাই অহা সমস্যাক লৈ ভাৰত চৰকাৰৰ অসন্ত্তষ্টি প্ৰকাশ।

ভাৰত আৰু বাংলাদেশৰ মাজত থকা সুসম্পৰ্ক আৰু বৈষম্যৰ দুটা উদাহৰণ

        ভাৰত আৰু বাংলাদেশৰ মাজত কিছুমান সুসম্পৰ্ক আৰু বৈষম্যমূলক নীতি পৰিলক্ষিত হয়। সেই নীতিসমূহৰ ভিতৰত তলত উল্লেখ কৰা ধৰণে দুটি সুসম্পৰ্ক আৰু দুটি বৈষম্যমূলক দিশ এনেধৰণে উনুকিয়াব পাৰিঃ

সুসম্পৰ্ক দিশ-

ক) দেশ দুখনৰ মাজত দেখা দিয়া সন্ত্ৰাসবাদী আৰু অবাঞ্ছনীয় কাৰ্যকলাপৰ বিৰুদ্ধে দুয়োখন দেশেই একমত প্ৰকাশ কৰিছে।

খ) দেশ দুখনে শান্তি আৰু সমন্বয় স্থাপনৰ জৰিয়তে অৰ্থনৈতিক, বিত্তীয়, বেহা-বেপাৰ, পৰিবহণ, যোগাযোগ আদি দিশসমূহৰ ক্ষেত্ৰত উন্নতি সাধনত সন্মিলিত প্ৰচেষ্টা চলাব বুলি আশা কৰিছে।

বৈষম্যমূলক দিশ- ক) দুয়োখন দেশৰ মাজত হেঙাৰ স্বৰূপে দেখা দিয়া গংগাৰ পানীৰ ভাগ-বাটোৱাৰাক লৈ অসন্তোষৰ ভাব সৃষ্টি হয়। যাৰ ফলত ভাৰতে নিৰ্মাণ কৰা ফাৰাক্কা বান্ধক লৈ দুয়োখন দেশৰ মাজত বিভিন্ন চুক্তিও সম্পাদিত হৈছিল। কিন্তু এই ক্ষেত্ৰত বাংলাদেশে বিৰোধী মতবাদ আগবঢ়াই আহিছে।

খ) আন এটা উল্লেখনীয় দিশ হ’ল দুয়োখন দেশৰ মাজত সীমা সমস্যাৰ বাবে দেখা দিয়া অসন্তুষ্টিৰ ভাব। অনুপ্ৰৱেশকাৰীক বাধা প্ৰদান কৰাৰ বাবে দেশ দুখনে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া বিষয়ক লৈ বহুদিন ধৰি বিতৰ্কত লিপ্ত হৈ পৰিছে।

 

১৯৭২ চনৰ ভাৰত-বাংলাদেশৰ মাজৰ বন্ধুত্বমূলক চুক্তিৰ বিধানসমূহ

        ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ১৯৭২ চনত দুয়ো দেশৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিখনক বন্ধুত্ব, সহযোগিতা আৰু শান্তিৰ চুক্তি(Treaty of friendship cooperation and peace) হিচাপে জনা য়ায়। এই চুক্তিখনৰ চৰ্তসমূহ আছিল তলত দিয়া ধৰণৰ—

১. দুয়োখন দেশেই বিশ্বত শান্তি আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ চেষ্টা কৰিব।

২. স্বাক্ষৰকাৰী দেশ দুখনে উপনিৱেশবাদ, বৰ্ণ-বৈষম্য আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰিব।

৩. দুয়োখন দেশেই স্বাক্ষৰকাৰী দেশ দুখনৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু ৰাজ্যিক অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব আৰু স্বাক্ষৰকাৰী দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

৪. স্বাক্ষৰকাৰী দেশ দুখনৰ এখনে আনখনক আক্ৰমণ নকৰিব আৰু আন দেশক নিজৰ মাটিত সমাৰিক ঘাটি নিৰ্মাণৰ অনুমতি নিদিব।

৫. কোনো এখন দেশ যদি আক্ৰমণৰ সন্মুখীন হয়, নাইবা আক্ৰমণৰ ভাবুকিৰ সন্মুখীন হয়, তেতিয়াহলে আক্ৰমণ নাইবা ভাবুকিৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্য দুয়োখন দেশে আলোচনা কৰিব।

 

Leave a Comment