ভূমিকম্প হ’ল অকস্মাতে সংঘটিত হোৱা অতি বিপটজ্জনক পৰিঘটনা। ভূমিকম্প সময়ত ইমান বেছি ক্ষয়-ক্ষতি হয় আৰু সেই পৰিস্থিত নিজক বা আনক চম্ভালিবলৈ সামৰ্থ্য নাথাকে। আজি আপোনালোকৰ লগত ভূমিকম্পৰ বিষযে আলোচনা কৰিম।
ভূমিকম্পৰ সৈতে জড়িত সম্ভাব্য সমস্যাসমূহ
ভূমিকম্পৰ সৈতে জড়িত সম্ভাব্য সমস্যাসমূহ হ’ল—
ক) ঘৰ-বাৰী, নিৰ্মাণ গাঁথনি ধ্বংস হ’ব পাৰে।
খ) জুই লাগিব পাৰে।
গ) মানুহ আৰু জীৱ-জন্তু নিহত বা আহত হ’ব পাৰে।
ঘ) বানপানীৰ সৃষ্টি, নদ-নদীৰ গতিৰ পৰিৱৰ্তন হ’ব পাৰে।
ঙ) যাতায়াত আৰু টেলিফোন ব্যৱস্থাৰ বিজুটি ঘটিব পাৰে।
চ) খাদ্যবস্তু, খোৱাপানী, বিজুলী সৰবৰাহ, ঔষধ-পাতিৰ নাটনি হ’ব পাৰে।
ছ) আইন-কানুন বাহাল ৰখা, ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণত বিজুটি বা সমস্যা আহিব পাৰে।
জ) প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থাতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।
ঝ) জৰুৰী আশ্ৰয়স্থলৰ ব্যৱস্থা কৰিবলগীয়া হ’ব পাৰে।
ঞ) আতংক আৰু উৰা বাতৰিৰ সৃষ্টিয়ে অন্যধৰণৰ নতুন সমস্যাৰ সৃষ্টি কৰিব পাৰে।
আৰু পঢ়ক দুৰ্যোগ বুলিলে কি বুজা?
ভূমিকম্প হোৱাৰ আগতে কি কৰা উচিত
১. নিৰাপদ নিৰ্মাণ পদ্ধতি প্ৰয়োগ কৰি স্কুল, কলেজ, চিকিৎ সালয়, হোটেল, চিনেমা হল আদি নিৰ্মাণ কৰাৰ সংকল্প হ’ব লাগে।
২. পাৰিলে দুৰ্বল আৰু আওপুৰণি ঘৰবোৰ ভাঙি শক্তিশালী কৰাৰ ব্যৱস্থা কৰিব লাগে।
৩. যিমান দুৰ সম্ভৱ গধুৰ আৰু ডাঙৰ বস্তুবোৰ ৰেক আদিৰ তলৰ খোঁটালিত ৰাখিব লাগে।
৪. গধুৰ আলমাৰী, কিতাপৰ কেবিনেট আদি বেৰত মজবুতকৈ গজাল মাৰি থ’ব লাগে।
৫. নিজৰ পৰিয়ালৰ লোকৰ ভয় কমাবলৈ মাজে মাজে ভূমিকম্প সম্বন্ধে আলোচনা কৰিব লাগে।
৬. পৰিয়ালৰ দায়িত্বশীল ব্যক্তিয়ে বিদ্যুৎ, পানী, গেছ আদিৰ সৰবৰাহ কেনেকৈ বন্ধ কৰিব লাগে ভালদৰে জানি থোৱা ভাল।
৭. বেটাৰীযুক্ত ৰেডিঅ’ ৰাখিব, যাতে ওচৰে-পাঁজৰে কি ঘটে তাক জানিব পাৰে।
৮. অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় ক’ত অৱস্থিত আৰু ইয়াৰ ফোন নম্বৰ কি তাক ভালদৰে জানি থ’ব লাগে।
ইযাৰ উপৰি কিছুপৰিমাণে খাদ্য সামগ্ৰী, প্ৰাথমিক সাহায্যৰ বাবে প্ৰয়োজনীয় দৰৱ-পাতি, ৰছী, টৰ্চ, চিপৰাং, বেলচা আদি সঁজুলি মজুত ৰাখিব লাগে।
ভূমিকম্প হৈ থকাৰ সময়ত কি কৰা উচিত বা ভূমিকম্পৰ সময়ত কি কি সাৱধানতা ল’ব লাগে?
ভূমিকম্প হৈ থকাৰ সময়ত প্ৰথম পৰামৰ্শ হ’ল— ধৈৰ্য ধৰি স্থিৰেৰে থাকক, সাহস গোটাওক, আনকো সাহস দিয়ক, আতংকিত নহ’ব।
যদিহে ভূমিকম্প হোৱাৰ সময়ত ঘৰৰ ভিতৰত থাকে, তেনেহ’লে
১। ঘৰৰ ভিতৰতেই থকাই শ্ৰেয়। উধাতু খাই দৌৰি ওলাই আহিবলৈ চেষ্টা কৰিলে বিপদহে চপাই লোৱা হ’ব পাৰে। ওলাই আহিব খুজিলে সুস্থিৰে ওলাই আহি নিৰাপদ মুকলি ঠাইত আশ্ৰয় ল’ব।
২। মজবুত টেবুল বা ডেস্কৰ তলত আশ্ৰয় ল’ব।
৩। বিছনাত থাকিলে, বিছনাৰ তলত আশ্ৰয় ল’ব লাগে, যদিহে বিছনাখন মজবুত হয়।
৪। ঘৰৰ কোনো এটা চুকত আশ্ৰয় ল’ব পাৰে। দুৱাৰৰ চৌকাঠৰ তলতো আশ্ৰয় ল’ব পাৰে।
৫। মাজৰ বেৰৰ কাষত থাকিলে ভাল। সাধাৰণতে মাজৰ বেৰ খহি নপৰে।
৬। আয়না, আয়না লগোৱা খিৰিকী বা দৰ্জাৰ ওচৰত থাকিব নালাগে।
৭। ওখ কিতাপৰ কেবিনেট, আলমাৰী আদিৰ পৰা আঁতৰি থাকিব লাগে।
৮। মমবাতি, জুইশলা বা কোনো ধৰণৰ খোলা জুই সেই সময়ত ব্যৱহাৰ কৰিব নালাগে। কাৰণ গেছ লিক্ থাকিলে জুই লগাব সম্ভাৱনা থাকে। সেয়ে টৰ্চ লাইট ব্যৱহাৰ কৰিব লাগে।
৯। বিজুলী আৰু ৰন্ধন গেছৰ সৰবৰাহ ততালিকে বন্ধ কৰিব লাগে।
১০। মূৰ আৰু মুখমণ্ডল কম্বল বা অন্য ডাঠ কাপোৰেৰে, বা হঠাতে পোঁৱা বস্তুৰে ঢাকি ৰাখিব পাৰিলে আঘাত পোৱাৰ সম্ভাৱনা কমি থাকে।
১১। পাছৰ কম্পনবোৰৰ কাৰণেও সাৱধানে থাকিব লাগে। কাৰণ পিছৰ কম্পনবোৰ শক্তিশালী নহ’লেও ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা ঘৰ-বাৰীবোৰ ইয়াৰ ফলত ভাঙি পৰাৰ সম্ভাৱনা থাকে।
যদি ভূমিকম্প হোৱাৰ সময়ত ঘৰৰ বাহিৰত থাকে, তেনেহ’লে
১। ওখ ঘৰ, দেৱাল, বিজুলী তাঁৰৰ খুঁটা আদিৰ পৰা আঁতৰত থকা উচিত।
২। ওচৰত মুকলি ঠাই থাকিলে তালৈ যাবলৈ চেষ্টা কৰা উচিত।
৩। জোকাৰণি শেষ নোহোৱা পৰ্যন্ত বাহিৰতে থাকিব।
৪। চলন্ত গাড়ীত থাকিলে গাড়ী ৰখাই তাৰ ভিতৰতে থাকিব লাগে। কাৰণ গাড়ীৰ চকাই কম্পন কমাই ৰাখিব পাৰে।
৫। গাড়ী কেতিয়াও দলং বা অ’ভাৰব্ৰীজৰ ওপৰত, গছ-গছনি, বিজুলী তাঁৰৰ খুঁটাৰ ওচৰত ৰাখিব নালাগে।
৬। জনসমাগমৰ স্থলত দৌৰাদৌৰি কৰিলে অন্য ব্যক্তিয়েও তেনে কৰিবলৈ চেষ্টা কৰিব। তেতিয়া ঠেলা-হেঁচাত মানুহৰ মৃত্যু হ’ব পাৰে। গতিকে দৌৰাদৌৰি নকৰিব।
ভূমিকম্প হৈ যোৱাৰ পিছত কি কৰিব লাগে
ভূমিকম্প হৈ যোৱাৰ পিছত তলত উল্লেখ কৰা পৰামৰ্শসমূহ মানি চলিব লাগে—
১। অধৈৰ্য নহৈ সুস্থিৰে থাকিব লাগে।
২। ঠাই চাবলৈ ওলাই যোৱা অনুচিত।
৩। ট্ৰেনজিষ্টৰ বা ৰেডিঅ’ৰ যোগেদি শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ ল’ব লাগে।
৪। বেয়াকৈ ধ্বংসপ্ৰাপ্ত হোৱা ঘৰৰ পৰা আঁতৰত থাকিব। ডাঙৰ ভূমিকম্পৰ পিছত অহা কম্পনৰ ফলত তেনে ঘৰবোৰ সম্পূৰ্ণ ভাঙি পৰিব পাৰে।
৫। নিৰাপদ বুলি নোকোৱা পৰ্যন্ত ঘৰৰ ভিতৰত সোমাব নালাগে।
৬। ঘৰৰ পানী, বিজুলী, গেছ আদিৰ লাইন পৰীক্ষা কৰিহে ব্যৱহাৰ কৰা উচিত।
৭। জৰুৰী কাৰণতহে টেলিফোন ব্যৱহাৰ কৰিব লাগে।
৮। উৰা বাতৰিত বিশ্বাস বা তেনে বাতৰি প্ৰচাৰ কৰিব নালাগে।
৯। জুই লাগিলে বাহিৰৰ পৰা সাহায্য অহালৈ অপেক্ষা নকৰি পানী আৰু বালি, বোকাৰ সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰিব লাগে। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিব লাগে।
১০। কাৰোবাৰ গাত জুই লাগিলে যৎপৰানোস্তি সাহায্য আগবঢ়াব লাগে।
১১। ৰন্ধন গেছ কেনেবাকৈ ওলোৱা গম পালে খিৰিকী খুলি দিব লাগে। গেছ সৰবৰাহৰ মেইন ছুইচটো বন্ধ কৰি বাহিৰলৈ ওলাই অহা উচিত। গেছ বিতৰক বা অসামৰিক প্ৰতিৰক্ষাৰ সহায় লৈ পুনৰ ঘৰত সোমাব লাগে।