লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ | About Lakshminath Bezbaroa briefly


ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত ১৮৬৮ চনৰ কোনো এক লক্ষ্মী পূৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত সুলিফৰ কাম কৰিছিল। তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ খিতাপত অধিষ্ঠিত হৈছিল। ধনে-মানে, ঐশ্বর্য-বিভূতিয়ে দীননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল। মাতৃ থানেশ্বৰী দেৱী বৈষ্ণৱ সাহিত্যিক অনন্ত কন্দলিৰ বংশৰ আছিল। লক্ষ্মীনাথে শৈশৱ, কৈশোৰ, যৌৱন অসমৰ বিভিন্ন ঠাইত কটাবলগীয়া হৈছিল। শৈশৱৰ পানীকেঁচুৱা কালছোৱা বৈষ্ণৱ পীঠস্থান বৰপেটাৰ সন্ত-মহন্তসকলৰ গীত-পদেৰে মুখৰিত হৈ থকা পৰিৱেশৰ মাজত যাপন কৰিলে; তাৰ পিছত বাণ-নগৰী শোণিতপুৰত লৰি-ঢাপৰি ফুৰিলে। এই লক্ষ্মীনাথে বিদ্যাৰম্ভ কৰে মাধৱদেৱৰ পবিত্ৰ স্মৃতিৰে সুশোভিত উত্তৰ লখিমপুৰত। পিছলৈ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। কলিকতা বিশ্ববিদ্যালয়ত এম এ আৰু আইনত নামভৰ্তি কৰে যদিও তাত কৃতকার্য হ’ব নোৱাৰি শিক্ষাৰ জীৱনৰ অন্ত পেলায় আৰু অসম বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ ব্যৱসায়ত মনোনিৱেশ কৰে আৰু জীৱনৰ শেষলৈকে নিষ্ঠাৰে কাঠৰ ব্যৱসায় পৰিচালনা কৰি যায়। কাঠৰ ব্যৱসায়ত প্রবলতাৰে কুঠাৰ চলাৰ লগে লগে তেওঁ কলমো চলাবলৈ ধৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই গল্প, কবিতা, প্রবন্ধ, নাটক, উপন্যাস, ৰম্য ৰচনা, সমালোচনা, জীৱনী আদি বিভিন্ন দিশত অতুলনীয় বৰঙনি আগবঢ়াই থৈ গৈছে। তেওঁ কেৱল প্ৰথম অসমীয়া চুটিগল্প লেখকেই নহয়, তেওঁ সৰ্বশ্ৰেষ্ঠ অসমীয়া হাস্যৰসিক আৰু অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু দৰ্শনৰো সৰ্বপ্ৰথম বৈজ্ঞানিক পদ্ধতিত কৰা সমালোচক। তেওঁ সৰ্বপ্ৰথম অসমীয়া কাৰ্টুনিষ্ট এগৰাকী প্ৰবীণ সাংবাদিক, খনিকৰ, উচ্চ মানবিশিষ্ট প্রতিভাশালী চিত্ৰকৰ আৰু ভাষাবিদ। অসমীয়াৰ উপৰি ইংৰাজী, বঙালী, হিন্দী বা উড়িয়া ভাষাৰ ওপৰত যে তেওঁৰ আধিপত্য আছিল তাৰ নিদৰ্শন তেওঁৰ ৰচনাৱলী। কলিকতাৰ পৰা ১৮৮৯ চনত প্ৰকাশ পোৱা ‘জোনাকী’ কাকতৰ ত্ৰিমূৰ্তিৰ ভিতৰৰ এজন আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই কাকতখনেই অসমীয়া সাহিত্যলৈ ৰমন্যাসবাদৰ ধল নমাইছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ

কবিতা পুথি— কদমকলি, কবিতা হয় যদিও হওক, নহয় যদি নহওক’ ধাৰণাৰে ৰচিত লক্ষ্মীনাথৰ কবিতাসমূহৰ একমাত্ৰ সংকলন।

গল্পপুথি— সুৰভি, জোনবিৰি, কেহোকলি আৰু সাধুকথাৰ কুকি।

সাধুকথাৰ কুকি—— বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা।
বুৰঞ্জীমূলক নাট— জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ৷

প্রহসন— লিটিকাই, নোমল, পাচনি, চিকৰপতি-নিকৰপতি।
উপন্যাস— পদুমকুঁৱৰী।

কৃপাবৰী ৰচনা— কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।

জীৱনী— ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আদি ।
আত্মজীৱনী— মোৰ জীৱন সোঁৱৰণ

তত্ত্বমূলক গ্রন্থ— তত্ত্বকথা, শ্রীকৃষ্ণ কথা আদি।

অসমীয়া সাহিত্য জগতক চহকী কৰি যোৱা এইগৰাকী বিশিষ্ট সাহিত্যিক ১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত অধিবেশনৰ সভাপতি হৈছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনৰ ২৬ মাৰ্চত দেহাৱসান হয়।

সঘনাই প্ৰশ্ন কৰা উত্তৰ(FQA)

লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি?

লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কদমকলি।

লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ নাম?

লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ নাম সুৰভি, জোনবিৰি, কেহোকলি আৰু সাধুকথাৰ কুকি।

লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?

লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনৰ ২৬ মাৰ্চত মৃত্যু হৈছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক?

লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক নাম জয়মতী, বেলিমাৰ, চক্ৰধ্বজ সিংহ।

Leave a Comment